যোৰহাটত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ 

Published on
Wed, 01/07/2026 - 17:50

গুৱাহাটী, ৭ জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাট প্ৰেছ ক্লাৱত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানত অংশগ্ৰহণ কৰে। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগত গগৈয়ে বাৰ্তালাপ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ইস্তাহাৰত কি কি বিষয় সন্নিবিষ্ট হ’ব সেই বিষয়ে আলোচনা কৰে। গগৈৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উদিত ভানু দাস, জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোঁহাই উপস্থিত থাকে। দল-সংগঠনৰ প্ৰতিনিধিৰে মত-বিনিময় হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগত বুথ পৰ্যায়ত দলৰ স্থিতি আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কিধৰণৰ প্ৰস্তুতি চলাইছে সেই সম্পৰ্কে বাৰ্তালাপ কৰে। ভোট চুৰিৰ কৌশলৰে বিজেপিয়ে পুনৰ শাসন দখল কৰিবলৈ যি অপচেষ্টা চলাইছে সেই বিষয়ত শেনচকু দিবলৈকো সভাপতি গগৈয়ে দলীয় কৰ্মীসকলক আহ্বান জনায়। 

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0013

APCC President Gaurav Gogoi participates in “Raijor Podulit Raijor Congress Abhiyan” in Jorhat

Guwahati, January 7: Assam Pradesh Congress Committee (APCC) President Gaurav Gogoi today participated in the Raijor Podulit Raijor Congress Abhiyan at the Jorhat Press Club. Interacting with representatives of various organisations, Gogoi discussed the issues that should be included in the Congress manifesto for the upcoming Assembly elections.

Along with Gogoi, AICC Secretary Vikas Upadhyay, APCC Working President Roselina Tirkey, senior Congress leader Rajiv Lochan Pegu, APCC General Secretary Udit Bhanu Das, and District Congress President Putul Burhagohain were present.

Following the interaction with organisational representatives, APCC President Gogoi held discussions with office-bearers of the Jorhat District Congress Committee and Block Congress Presidents regarding the party’s position at the booth level and the nature of preparations being undertaken for the 2026 Assembly elections. He also urged party workers to remain vigilant against alleged attempts by the BJP to retain power through vote manipulation.

▪️ Media & Communications Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0013