সবকা সাথ সবকা বিকাশত ব্যৰ্থ বিজেপি! পুঁজিৰ সদব্যৱহাৰ নকৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

Published on
Tue, 10/31/2023 - 20:03

গুৱাহাটী, ৩১ অক্টোবৰঃ সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপিয়ে বাস্তৱিকতে সকলোৰে সম উন্নয়ন মুঠেই নিবিচাৰে। অসমত দলটোৱে ক্ৰমাৎ নিজৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে। ৰাইজক ভালৰি বোলাবলৈ এনেধৰণৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত এতিয়া অসমৰ জনগোষ্ঠীয় লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা সদৃশ হৈ পৰিছে। অসমৰ জনগোষ্ঠীয় লোকসকলৰ উন্নয়নৰ কথা কোৱা দিল্লী আৰু দিছপুৰৰ ডাবোল ইঞ্জিন চৰকাৰৰ দিনত জনজাতীয় লোকসকলে দুবেলা দুমুঠি ভালকৈ খাবলৈ পোৱা নাই। যাৰ বাবে বহুলোকে আত্মহননৰ দৰে পথ বাচি ল’বলগীয়া হৈছে। ৰিক্সা চলাই পেট প্ৰৱৰ্তাই অহা লোকৰ ৰিক্সাৰ ওপৰতে কৰুণ মৃত্যু ঘটিছে। এনে অৱস্থাত জনজাতীয় উন্নয়নৰ নামত যি পুঁজি আৱণ্টন দিয়া হৈছে সেই আৱণ্টিত পুঁজি সঠিকভাৱে সাধাৰণ মানুহৰ মাজলৈ যে যোৱা নাই সেই কথা শেহতীয়া ঘটনাসমূহে প্ৰমাণ কৰিছে। এই পুঁজিৰ কেনেধৰণৰ অপৱ্যৱহাৰ হৈছে সেই সন্দৰ্ভত এক সঠিক তদন্ত বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। আজিৰ সংবাদমেলত পুঁজিৰ অপব্যৱহাৰৰ লগতে সামাজিকভাৱেও জনজাতীয় লোকসকলক বিজেপি চৰকাৰে অৱহেলাৰ দৃষ্টিৰে চাই আহিছে বুলিও অভিযোগ কৰে। মহানগৰীৰ শিলসাঁকোত জনজাতীয় লোকসকলক সময় নিদিয়াকৈ হঠাৎ জাননী দি উচ্ছেদ কৰা কাৰ্যৰ জৰিয়তেই চৰকাৰৰ জনজাতীয় লোক বিৰোধী নীতিৰ উমান পোৱা গৈছে বুলি প্ৰদেশ কংগ্ৰেছে দাবী কৰে। সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ এগৰাকী জনজাতীয় যুৱতী হোৱা বাবেই তেওঁৰ মৃত্যুৰ তদন্ত ইচ্ছাকৃতভাৱে বিজেপি চৰকাৰে লেহেমীয়া কৰিছে বুলিও সংবাদমেলত কংগ্ৰেছ নেতৃত্বই অভিযোগ কৰে। ৰাইজৰ কৰৰ ধনৰ শৰাধ কৰি জিলাই জিলাই কেবিনেট পাতি অপ্ৰয়োজনতো গোটেই অসমখন ঘূৰি ফুৰা মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ গাতে লাগি থকা প্ৰয়াত জোনমণি ৰাভাৰ গৃহলৈ গৈ কন্যাৰ পিছত পুত্ৰকো হেৰুওৱা মাতৃক এষাৰ মাত দিবলৈ মুখ্যমন্ত্ৰীয়ে কিয় আজিও সময় নাপালে বুলিও কংগ্ৰেছে প্ৰশ্ন কৰে। সংবিধানৰ ষষ্ঠ অনুসূচী অনুযায়ী গঠিত হোৱা স্বায়ত্ত শাসিত পৰিষদসমূহক কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও বিভিন্ন পুঁজি যোগান ধৰা হয়। কিন্তু পুঁজি যোগান সত্বেও লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত শালমৰা গাঁৱত চৰম দাৰিদ্ৰতাৰ বাবে সৰুমাই নামৰ এগৰাকী মহিলাই দুই সন্তানক হত্যা কৰি নিজেও আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ কিয় হ’ল বুলিও কংগ্ৰেছ নেতৃত্বই বিজেপি চৰকাৰক প্ৰশ্ন কৰে। অৰুণোদয় আঁচনিৰ গুণগান কৰি থকাৰ সময়তে কেনেকৈ লখিমপুৰত এগৰাকী মিচিং জনগোষ্ঠীৰ মহিলাই পেটৰ ভোকত থাকিব নোৱাৰি সন্তানৰ সৈতে আপোনঘাতী হ’বলগীয়া হ’ল, কিয় কলাইগাঁৱৰ খগেন বড়োৱে ধনৰ অভাৱত গুৱাহাটীত ৰিক্সা চলাই ৰিক্সাতে মৃত্যুক সাবতিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে কংগ্ৰেছে। আনহাতে বিটিআৰৰ অন্তৰ্গত গোৰেশ্বৰত জনৈক যতীন নামৰ এজন দিব্যাংগ লোকে বিজুলীৰ বিল বৃদ্ধি পোৱাত বিজুলীৰ বিল আদায় দিব নোৱাৰি নাম-প্ৰসংগ পাতি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা ঘটনাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পোৱা বিষয়টোও আজিৰ সংবাদমেলত কংগ্ৰেছে উত্থাপন কৰে। চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কেৱল মুখতহে কয় বাবেই এনে ঘটনা হ’বলৈ পাইছে বুলিও কংগ্ৰেছে অভিযোগ কৰে। সেয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰী পুঁজিৰ সদব্যৱহাৰ নোহোৱা বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ চলিত বৰ্ষৰ ২৮ জুনত পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছিল বুলিও কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে মন্তব্য কৰে।