ৰন্ধন গেছৰ নামত বিজেপিয়ে সাপ হৈ খুটি বেজ হৈ জাৰিছে

Published on
Fri, 09/01/2023 - 19:10

বিজেপিৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান প্ৰদেশ কংগ্ৰেছৰ
শিলসাকোত মহিলাৰ নগ্ন প্ৰতিবাদক লৈয়ো সৰৱ কংগ্ৰেছ

গুৱাহাটী, ১ ছেপ্টেম্বৰঃ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত ৰাজ্যত এতিয়া চূড়ান্ত অপপ্ৰচাৰ চলিছে। সাপ হৈ খুটি বেজ হৈ জৰাৰ নীতিৰে চলি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে সমগ্ৰ দেশৰ জনতাক প্ৰতিটো মুহূৰ্ততে কেৱল আভুৱা ভাৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নিৰ্বাচনহে চিনি পায়। দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। লগতে লোকসভা নিৰ্বাচনলৈ মাজত মাথো আৰু ২০০ দিন আছে। সেয়ে যোৱা ১০ বছৰে মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ শোধাই অহা প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকি ৰন্ধন গেছৰ দাম ২০০ টকা হ্ৰাস কৰিছে। কিন্তু এইবাৰ দেশৰ সাধাৰণ জনতাই মোদী আৰু বিজেপিৰ এনে কৌশলী ৰাজনীতিত মুঠেই ভোল নাযায়। ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত আজি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত নৰহে আৰু কয় যে ৰন্ধন গেছৰ দাম মোদীয়ে হঠাৎ কিয় ২০০ টকা কমাই দিলে সেয়া সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিগৰাকী লোকে বুজি উঠিছে। গতিকে এই বিষয়ে মুখ্যমন্ত্ৰীয়ে টুইটাৰত অপপ্ৰচাৰ নচলোৱাই ভাল। ইয়াৰ পৰিৱৰ্তে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়কগৰাকীয়ে চাহ বাগিচাৰ মাটিৰ মূল্য হ্ৰাস কৰি দিয়াৰ আঁৰত কি কাৰণ আছে সেয়া টুইটাৰ, ফেচবুক, ইউটিউব চেনেল, টিভি চেনেল অথবা ৰীল বনাই ৰাজ্যবাসীক বুজাই দিবলৈ আহ্বান জনায়। 'মোদীয়ে চিলিণ্ডাৰৰ দাম ২০০ টকা কিয় কমালে সেয়া ৰাইজক কোৱাৰ দৰকাৰ নাই। অসমৰ ৰাইজে এতিয়া সকলো বুজি পোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত ৰীল বনাই এইটো বুজাই দিয়ক যে কি কাৰণে চাহ বাগিচাৰ মাটিৰ দাম হ্ৰাস কৰি দিয়া হ’ল।’-নৰহে কয়। তেওঁ আৰু কয় যে ২০১৫ চনত মোদী আৰু বিজেপিয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য প্ৰদানৰ বিৰোধিতা কৰিছিল। সেইজন মোদীয়ে এতিয়া আকৌ কংগ্ৰেছৰ দিনৰ ৰাজসাহায্য আৰম্ভ কৰিছে। 'মোদীৰ নিজৰ কথাৰ ঠিক নাই। মোদীয়ে আচলতে কি কয় আৰু কৰে নিজেই নাজানে। এদিন তেওঁ দেশবাসীক ৰাজসাহায্য এৰি দিবলৈ আহ্বান জনাইছিল। এৰি নিদিয়াসকলে বেংক একাউণ্টত ৰাজসাহায্য পাই থাকিব বুলি কৈ ২০২০ চনৰ পৰা সেয়াও বন্ধ কৰি দিলে। এতিয়া ইলেকচন অহা বাবে সেইজন মোদীয়ে ২০০ টকাৰ ৰাজসাহায্য দি দাম কমাই দিছে। নিৰ্বাচন আহিলেই একাউণ্টত ১৫ লাখ টকাকৈ দিম বুলি কোৱা এইজন মোদীক আৰু মানুহে বিশ্বাস নকৰে। বিজেপিয়ে আৰু মুখ্যমন্ত্ৰীয়ে যিমানেই টুইট নকৰক, ৰীলছ নবনাওক অসমৰ মানুহৰ আগত বিজেপিৰ গোমৰ ফাঁক বাহিৰ হৈ গৈছে।’-বিজেপিক কটাক্ষ কৰি এইদৰে কয় ভৰত নৰহে। নিজকে দৰিদ্ৰ বুলি জহাই ভালপোৱা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৩১.৩৭ কোটি ৰন্ধন গেছৰ উপভোক্তাক যোৱা ৯ বছৰ ৬ মাহত কৌশলেৰে লুণ্ঠন কৰি আহিছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, 'আজি ১০ টকা, কাইলৈ ৫০ টকা, পৰহিলৈ ৬০ টকা, এইটো মাহত ৭০ টকা, তাৰ পিছৰ মাহটোত ৯০ টকাকৈ বঢ়াই গৈ গৈ যোৱা ৯ বছৰত দুখীয়াৰ টেঁটু চেপা মোদী চৰকাৰে কংগ্ৰেছৰ দিনৰ ৪০০ টকীয়া চিলিণ্ডাৰটো ১২০০ টকীয়া কৰি পেলালে। ৰাজসাহায্য দিম বুলি কৈয়ো নিদিয়া চৰকাৰখনে এই সময়ছোৱাত দেশৰ জনতাৰ পৰা চিলিণ্ডাৰ দাম বৃদ্ধিৰ জৰিয়তে ৮,৩৩,৬৪০.৭৬ কোটি টকা লুণ্ঠন কৰিছে। ইমানেই নহয় ৰাখী বন্ধনত ভনীসকলক উপহাৰ দিয়াৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীয়ে উজ্জ্বলা যোজনাৰ ভনীসকলৰ পৰাও ২০১৭ চনৰ পৰা আজিলৈকে ৬৮,৭০২.৭৬ কোটি টকা লুণ্ঠন কৰিছে। এয়াই হৈছে আদানিৰ বন্ধু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰকৃত চৰিত্ৰ।’ নৰহে আৰু কয় যে আগতে চৰকাৰে প্ৰতিটো চিলিণ্ডাৰৰ বিপৰীতে প্ৰায় ৮২৭ টকা ৰাজসাহায্য দিছিল। লাহে লাহে সেয়া কমাই কমাই এতিয়া একেবাৰে বন্ধ কৰি দিলে। আগতে ১,২৪১ টকা বিয়োগ ৮২৭ টকা সমান ৪১৪ টকা মূল্য ভৰি এজন গ্ৰাহকে এটা ঘৰুৱা গেছ চিলিণ্ডাৰ কিনিব পাৰিছিল। ৮০০ টকাতকৈ বেছি ধন ৰাজসাহায্য দি প্ৰথমে ৬টা আৰু পৰৱৰ্তী সময়ত ৯ টা গেছ চিলিণ্ডাৰ দিছিল। এতিয়া ১২৫০ টকাৰ চিলিণ্ডাৰটোত বিজেপি চৰকাৰে ৫২ টকা ৰাজসাহায্য দিয়ে। এতিয়া চৰকাৰে দাম কমোৱাৰ পাছতো ৯০৩ টকাত কিনিব লাগিব। ২০১৪ চনৰ কংগ্ৰেছ আমোলতকৈ এতিয়াও দুগুণ দাম ভৰিবই লাগিব ৰাইজে। সাহস থাকিলে গেছৰ চিলিণ্ডাৰৰ দাম ৫০০ টকা কৰিবলৈকো কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনায়। নৰহে আৰু কয়, 'মোদী ললিপপ দিয়াত ওস্তাদ। ২০১৯ৰ নিৰ্বাচনৰ আগতে ৰন্ধন গেছৰ দাম ৫০ টকা আৰু পেট্ৰ’লৰ দাম ১০ টকা কমাইছিল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰন্ধন গেছত ১৫০ টকা আৰু পেট্ৰ’লৰ দাম ১৫ টকাকৈ বৃদ্ধি কৰিছিল মোদী চৰকাৰে। গতিকে দেশবাসী এতিয়া আৰু সজাগ হ’ব লাগিব। নহ’লে এইবাৰ চিলিণ্ডাৰৰ দাম মোদীয়ে ২০০০ টকাও কৰি দিব পাৰে।’ ইফালে, আজিৰ সংবাদমেলত শিলসাঁকো বিলত পুনৰ চৰকাৰে উচ্ছেদ চলোৱা বিষয়টোও উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে আজি শিলসাঁকোত মহিলাই নগ্ন প্ৰতিবাদ সাব্যস্ত কৰা সন্দৰ্ভত কয় যে বিজেপি বৰ্তমান বস্ত্ৰ হৰণকাৰী পাৰ্টিলৈ পৰ্যবসিত হৈছে। মীৰা বৰঠাকুৰে কয়, 'জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে অসমীয়া জাতিক আজি ইমানেই সুৰক্ষা দিছে যে গুৱাহাটী মহানগৰীত অসমীয়া নাৰীয়ে আজি ভেটিৰ মাটি হেৰুৱাই নগ্ন প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে। আজি পুৱা শিলসাকোত যি লোমহৰ্ষক ঘটনা ঘটিল, যিদৰে অসমীয়া আইমাতৃক ৰাজপথত বিবস্ত্ৰ হ'বলৈ বাধ্য কৰালে, এনে দুৰ্ভাগ্যজনক ঘটনা অসমত আগতে কাহানিও হোৱা নাছিল।’ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিজেপিৰ শাসনকালত মহিলা বাদেই পুৰুষো সুৰক্ষিত নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে বিজেপিৰ নেতা-মন্ত্ৰীসকল এতিয়া কাপোৰ খোলাত ব্যস্ত। সেয়ে তেওঁলোকৰ মহিলা নেত্ৰীয়ে আত্মগ্নানিত আত্মহনন কৰিবলৈ বাধ্য হৈ পৰিছে। আনকি শিলচৰৰ বিজেপি কাৰ্যালয়ত উদ্ধাৰ হৈছে পুৰুষৰ উলংগ মৃতদেহ। অসমত আৰু কিমানগৰাকী অসমীয়া নাৰী বিবস্ত্ৰা হ’লে চৰকাৰৰ গাৰ নোম লৰিব বুলিও সংবাদমেলত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰী বৰ্ণালী ফুকনে।