ৰাজীৱ ভৱনত যোগদানৰ জোৱাৰ, জিতেন্দ্ৰ সিং, ভূপেন বৰাৰ ঘোষণাঃ দিল্লী-দিছপুৰত আহি আছে কংগ্ৰেছ চৰকাৰ

Published on
Wed, 10/11/2023 - 18:19

গুৱাহাটী, ১১ অক্টোবৰঃ ৰাজীৱ ভৱনত আজি এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। নিখিল ভাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত আজি কেবাটাও আঞ্চলিক দলৰ লগতে অৰাজনৈতিক সংগঠনৰ জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত যোগদান কৰে। বিপিএফ, ইউপিপিএল, গণশক্তি, অগপ আৰু লাচিত সেনাৰ প্ৰায় ৭০ গৰাকী নেতাই আজি কংগ্ৰেছত যোগদান কৰে। ইয়াৰ ভিতৰত বিপিএফ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়ো, প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, গণশক্তিৰ কাৰ্যকৰী সভাপতি মুহিম হাজৰিকা, অগপৰ হাইলাকান্দি জিলাৰ উপ-সভাপতি বিল্লাউদ্দিন আহমেদ, অগপ নেতা ব্ৰজলাল ৰবিদাস, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যেষ্ঠ নেতা দীপজ্যোতি চহৰীয়া, অখিল ভাৰতীয় হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি কৌশিক ৰঞ্জন দেৱ বিশ্বাস, গণশক্তিৰ তিলক ফুকন, ইউপিপিএলৰ ড০ হাছনাৰা বেগম, কলিতা জনগোষ্ঠীৰ ভাস্কৰ কলিতা, মানস প্ৰতীম ৰাজবংশী, দীপজ্যোতি বড়ো, দীনমণি দাস, পাপুল বৰ্মনকে আদি কৰি নেতাসকলে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে যোগদান কৰে। কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে প্ৰদেশ কংগ্ৰেছত যোগদান কৰা নেতা-কৰ্মীসকলক আদৰণি জনাই কয় যে ২০২৪ চনত দেশত কংগ্ৰেছ দলৰ চৰকাৰ আহিব। চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথম কেবিনেটত এছআইটি গঠন কৰি বিজেপিৰ দুৰ্নীতিগ্ৰস্ত সকলো নেতা-মন্ত্ৰীক জেলত ভৰোৱা কাম কৰিব কংগ্ৰেছে। অসমত দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি জিতেন্দ্ৰ সিঙে কয় যে দেশত এক ৰাজনৈতিক পৰিৱৰ্তন আহিবলৈ গৈ আছে আৰু অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৫খন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় হ’ব। ২০২৬ চনত অসমত কংগ্ৰেছ চৰকাৰ গঠন হ’ব আৰু অসমৰ ৰাইজৰ ওপৰত লুণ্ঠন চলোৱা মুখ্যমন্ত্ৰীৰ লগতে নেতা-বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ মাটি কেলেংকাৰি সন্দৰ্ভতো কংগ্ৰেছ নেতাগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালটো দুৰ্নীতিত নিমজ্জিত হৈ থকা বুলি সমালোচনা কৰে। হিমন্ত বিশ্ব শৰ্মা দেশৰ ১নং দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপেও তেওঁ অভিহিত কৰে। অগপ দলক সমালোচনা কৰি তেওঁ কয় যে ৰাইজৰ ত্যাগৰ বিনিময়ত সৃষ্টি হোৱা অগপৰ নেতা-কৰ্মীয়ে আজি বিজেপিৰ মন্ত্ৰীৰ নিৰ্দেশত হাতযোৰ কৰি চলিবলগীয়া হৈছে। কংগ্ৰেছ এটা গণতান্ত্ৰিক দল বুলিও তেওঁ উল্লেখ কৰে। নিজৰ ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো দুৰ্নীতি কংগ্ৰেছ দলৰ চৰকাৰে তদন্ত কৰিব বুলি ঘোষণা কৰে। দলত যোগদান কৰা সকলো নেতাক ভূপেন বৰাই কংগ্ৰেছৰ পৰিয়ালৰ সদস্য বুলি ঘোষণা কৰি বিজেপিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায়। আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়োৱে নিজৰ ভাষণত কংগ্ৰেছ দলত যোগদান কৰাতো সময়ৰ এক আহ্বান বুলি উল্লেখ কৰে। বৰ্তমানৰ চৰকাৰখন দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত বুলি বড়োৱে উল্লেখ কৰি কংগ্ৰেছ দলেহে দেশলৈ পৰিৱৰ্তন আনিব পাৰিব বুলি উল্লেখ কৰে। গণশক্তিৰ কাৰ্যকৰী সভাপতি মুহিম হাজৰিকাই বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ দলেহে অসমত গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰিব বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ দৰে বহু সচেতন লোকে কংগ্ৰেছ দলত যোগদান কৰিবৰ বাবে আগ্ৰহেৰে ৰৈ থকা বুলিও মন্তব্য কৰে। অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ দে পুৰকায়স্থ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, গৌৰৱ গগৈ, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল জ্যেষ্ঠ নেতা আৰু বিধায়কসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন উদযাপন কৰা হয় ৰাজীৱ ভৱনত। নিখিল ভাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক জিতেন্দ্ৰ সিঙে বন্তি প্ৰজ্বলন কৰি তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ প্ৰমুখ্যে নেতাসকলে পুষ্পাঞ্জলি প্ৰদানেৰে তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

congress-joining