ৰাজীৱ ভৱনত সংবাদমেলত মীৰা বৰঠাকুৰ-বেদব্ৰত বৰাৰ গুৰুতৰ অভিযোগ

Published on
Fri, 01/16/2026 - 18:16

▪️ বিশ্বনাথত জীৱিত ভোটাৰক মৃত সজাই ভোট কৰ্তনৰ অপচেষ্টা বিজেপিৰ
▪️ বহিঃৰাজ্যত অসমৰ নিবনুৱা যুৱক-যুৱতীক নিৰাপত্তা দিয়াত ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৬ জানুৱাৰীঃ জীৱিত ভোটাৰক মৃত ব্যক্তিৰ তালিকাভুক্ত কৰি নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰাপ্ত ৭নং প্ৰ-পত্ৰৰ জৰিয়তে বিশ্বনাথ সমষ্টিৰ কুমলীয়া অঞ্চলত ১৩৩নং ভোটকেন্দ্ৰত ৭০ জনতকৈয়ো অধিক লোকৰ ভোট কৰ্তন কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি দলে। বিজেপি দলৰ নেতা জিতেন শইকীয়া আৰু লামা উপাধিৰ এজন বিজেপিৰ সমৰ্থকে এনেদৰে বিশ্বনাথ সমষ্টিত শ শ লোকক মৃত বুলি দাবী কৰি ভোট কৰ্তনৰ অপচেষ্টা চলাইছে। আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত মীৰা বৰঠাকুৰে বিশ্বনাথ সমষ্টিৰ ১৩৩নং ভোটকেন্দ্ৰত ৭৯খন ৭নং প্ৰ-পত্ৰ প্ৰদৰ্শন কৰি কেনেদৰে এই জীৱিত লোকসকলক মৃত বুলি দাবী কৰিছে সেয়া সদৰী কৰে। উল্লেখ্য যে, মৃত ব্যক্তিৰ তালিকাভুক্ত হোৱা গৰিষ্ঠসংখ্যক লোকেই ইছলামধৰ্মী ভাৰতীয় নাগৰিক। দীৰ্ঘদিন ধৰি ভোটদান কৰি থকা এই লোকসকলৰ মাজত কেবাজনো ৩০ বছৰীয়া যুৱকো আছে। এইখন চৰকাৰে মাহে মাহে ঋণ লৈ কেৱল ঢাক-ঢোল বজাই ৰাইজক আভুৱা ভাৰি প্ৰকৃত সমস্যাসমূহৰ পৰা মানুহৰ মনসংযোগ দূৰ কৰিবলৈ অপচেষ্টা চলাই অহা বুলি উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দিন উকলিল, এইবাৰৰ চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত হ’ব। জাতি, মাটি, ভেটি সুৰক্ষাৰ নামত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমৰ ভূমিপুত্ৰসকলকো জনজাতিকৰণ কৰিম বুলি ৰামঠগন দিয়াৰ কথা উল্লেখ কৰি বৰঠাকুৰে কয় যে বিজেপিয়ে অসমতো বিহাৰ-হাৰিয়ানাৰ মডেল প্ৰয়োগ কৰি ভাৰাতীয়া ভোটাৰৰ দ্বাৰা চৰকাৰ গঠন কৰিব বিচাৰিছে। বহু বিজেপি নেতা-কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ আৰু অনিয়মত অতিষ্ঠ হৈ দলত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ বাবে যোগাযোগ অব্যাহত ৰখা বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে চৰকাৰৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া হোৱা বাবেই তেঁওলোকে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি পুনৰ শাসনৰ গাদী দখল কৰিব বিচাৰিছে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক সেই সুযোগ নিদিয়ে বুলি মন্তব্য কৰি কয় যে এইবাৰ বিজেপিৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজ আৰু দল-সংগঠন একত্ৰিত হৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাতো বিচাৰিছে। প্ৰকৃত প্ৰাক-নিৰ্বাচনী সমীক্ষাসমূহেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সপক্ষে তথ্য প্ৰকাশ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে বছৰত ১ লাখ নিবনুৱাক নিযুক্তি দিম বুলি ডাংকোপ মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ শিক্ষিত নিবনুৱাই বহিঃৰাজ্যত কাম কৰিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুণৰবাৰী গাঁওখনৰ কৈলাশ নাথ নামৰ ৩০ বছৰীয়া যুৱকজনে বহিঃৰাজ্যলৈ চাকৰিসূত্ৰে গৈ বিহুত অসমলৈ ঘূৰি অহাৰ সময়ত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু সাবতি ল’বলগীয়া হৈছে। বহিঃৰাজ্যৰ দুৰ্বৃত্তই এই যুৱকজনক হত্যাৰ ভাবুকি দিয়া বুলি তেওঁৰ ভগ্নীক ফোন কৰি বাৰে বাৰে জনাইছিল আৰু শেষ মুহূৰ্তত ঝাৰখণ্ডত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে। এনেদৰে অসমৰ বহু যুৱক চাকৰিৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যুৰ মুখত পৰিছে যদিও ডাবোল ইঞ্জিন চৰকাৰখনৰ গাত লগা নাই আৰু এইক্ষেত্ৰত কোনো নীতি-নিৰ্ধাৰণ এতিয়ালৈ কৰা নাই। জামুগুৰিহাটৰ মৃত যুৱকজনৰ পৰিয়ালৰ দায়িত্ব ল’বলৈকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বৰাই কয় যে একেখন দেশৰ ভিতৰত অসমীয়া যুৱক-যুৱতীৰ নিৰাপত্তা নোহোৱা হোৱাৰ ঘটনা ৰোধ কৰিব নোৱৰাতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম ব্যৰ্থতা। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উদিতভানু দাস আৰু মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাও উপস্থিত থাকে। 

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0026

▪️ BJP attempts to delete votes by declaring living voters dead in Biswanath
▪️ Himanta Biswa Sarma fails to ensure security of unemployed Assamese youth working outside the state
▪️ Serious allegations by Mira Borthakur and Bedabrat Bora at a press conference in Rajiv Bhawan

Guwahati, January 16: The BJP has allegedly hatched a conspiracy to delete the votes of more than 70 people by falsely declaring living voters as deceased through Form 7 issued by the Election Commission at Polling Station No. 133 in the Kumalia area of the Biswanath Assembly constituency. This serious allegation was raised today by Assam Pradesh Mahila Congress President Mira Borthakur at a press conference held at Rajiv Bhawan in Guwahati.

Borthakur alleged that BJP leader Jiten Saikia and a BJP supporter with the surname Lama have attempted to delete the votes of hundreds of people in the Biswanath constituency by falsely claiming them to be dead. During the press conference, she displayed 79 Form 7 applications related to Polling Station No. 133, demonstrating how living voters were fraudulently shown as deceased.

She further pointed out that a majority of the people whose names were listed as dead are Muslim Indian citizens. Many of them have been exercising their voting rights for years, and several are even young voters around 30 years of age.

Accusing the BJP government of borrowing heavily every month only to beat drums of propaganda and divert public attention from real issues, Mira Borthakur said that the days of Himanta Biswa Sarma are numbered and that the next government in Assam will be formed under the leadership of Gaurav Gogoi. She added that under the pretext of protecting “jati, mati, bheti” (identity, land and hearth), the BJP-led government has deceived even indigenous Assamese people with false promises of granting Scheduled Tribe status.

Borthakur alleged that the BJP is trying to replicate the Bihar–Haryana model in Assam by forming a government with the help of “tenant voters.” She also stated that many BJP leaders and workers, distressed by the oppression and corruption under Himanta Biswa Sarma, are in constant touch with the Congress to join the party. According to her, it is precisely because the government’s report card is so poor that the BJP is now trying to use the Election Commission to retain power. She asserted that the people of Assam will not give Himanta Biswa Sarma that opportunity and that this time all sections of society and organisations are united against the BJP, aspiring to see Gaurav Gogoi as the next Chief Minister. She also claimed that credible pre-election surveys indicate a clear trend in favour of Gaurav Gogoi becoming Chief Minister.

Speaking at the same press conference, Assam Pradesh Congress Committee Media and Communication Department Chairman Bedabrat Bora said that despite Chief Minister Himanta Biswa Sarma’s tall claims of providing jobs to one lakh unemployed youths every year, educated Assamese youths are being forced to seek employment outside the state and are even losing their lives in the process.

He cited the case of 30-year-old Kailash Nath from Bamunarbari village in Jamugurihat, Sonitpur district, who had gone outside Assam for work and was attacked by miscreants while returning home during Bihu, ultimately succumbing to his injuries. Bora stated that the youth’s sister had received repeated phone calls threatening his life, and his body was later recovered in Jharkhand.

Bora further alleged that although many youths from Assam have met tragic ends while seeking jobs outside the state, the so-called “double engine” government remains indifferent and has failed to formulate any concrete policy to address the issue. He urged Chief Minister Himanta Biswa Sarma to take responsibility for the family of the deceased youth from Jamugurihat, stating that the inability to ensure the safety of Assamese youths within the same country reflects the utter failure of the Himanta Biswa Sarma-led government.

APCC General Secretary Udit Bhanu Das and State Coordinator of the Media Department Gopal Sharma were also present at the press conference.

▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0026