ৰাজীৱ ভৱনত পণ্ডিত নেহৰুক স্মৰণ, কাইলৈ লখিমপুৰত কংগ্ৰেছত যোগ দিব বিজেপিৰ ৫ শতাধিক নেতা-কৰ্মীয়ে

Published on
Tue, 11/14/2023 - 17:33

গুৱাহাটী, ১৪ নৱেম্বৰঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ দুৰ্গ সদৃশ লখিমপুৰত ব্যাপক বিপৰ্যয়ৰ সন্মুখীন হৈছে শাসকীয় দল। বিজেপিৰ জিলা পৰ্যায়ৰ নেতা আৰু তৃণমূল পৰ্যায়ৰ ৫০০ কৰ্মীয়ে কাইলৈ বুধবাৰে কংগ্ৰেছত যোগদান কৰিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত বিজেপিৰ এই নেতা-কৰ্মীসকলে শাসকীয় দলটোত চলি থকা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিশেষকৈ সাধাৰণ ৰাইজক দ্ৰব্যমূল্য বৃদ্ধিৰে মাধমাৰ শোধোৱা আৰু প্ৰতিটো কথাতে মিথ্যাচাৰৰ আশ্ৰয় লোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কংগ্ৰেছ দলত যোগদান কৰিব। কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিজেপিৰ এই নেতা-কৰ্মীসকলে আগন্তুক দিনত কংগ্ৰেছৰ গণতন্ত্ৰ সুৰক্ষাৰ ৰাজনীতি অধিক দৃঢ় কৰি তুলিব। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ শান্তি সংঘত এই বৃহৎ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই প্ৰকাশ কৰিছে। ইফালে, ৰাজীৱ ভৱনত আজি পণ্ডিত জৱহাৰলাল নেহৰুৰ ১৩৪সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। অতি উলহ-মালহেৰে অনুষ্ঠিত এই কাৰ্যসূচীত কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মী উপস্থিত থাকে। প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, বলীন কুলী আৰু ৰামপ্ৰসাদ শৰ্মাই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অনুষ্ঠানেৰে পণ্ডিত নেহৰুৰ জন্মজয়ন্তীৰ শুভাৰম্ভ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত দ্বিজেন শৰ্মা, পৰেশ ৰংহাং, ৰামপ্ৰসাদ শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই পণ্ডিত নেহৰুৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে আলোকপাত কৰে। প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই নেহৰুৱে ৯ বাৰ জেললৈ গৈ স্বাধীনতা সংগ্ৰামৰ এজন সাধাৰণ সৈনিকৰ দৰে কাৰাবৰণ কৰিছিল আৰু আৰএছএছৰ নেতাৰ লেখীয়াকৈ কেতিয়াও আন্দোলন নকৰো বুলি ব্ৰিটিছক লিখিতভাৱে জনাই কাৰামুক্ত হোৱা নাছিল। দেশৰ অৰ্থনীতি গঢ়াৰ ক্ষেত্ৰত নেহৰুৰ অৱদান স্মৰণ কৰে কংগ্ৰেছ নেতা দ্বিজেন শৰ্মাই। একেদৰে জৱহাৰলাল নেহৰুৰ নেতৃত্বতৰ বাবেই ভাৰতৰ অৰ্থনীতি আৰু দেশৰ প্ৰতিৰক্ষা আজিও সুৰক্ষিত বুলি বিশ্লেষণ কৰি কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে জৱহাৰলাল নেহৰুৰ অনুপ্ৰেৰণাৰ বাবেই কংগ্ৰেছে পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ দৰে এগৰাকী লৌহ মানৱী লাভ কৰিছিল আৰু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পাকিস্তানৰ শক্তি হ্ৰাস কৰি বাংলাদেশৰ সৃষ্টি কৰিছিল। এই কথা বৰ্তমানৰ বিজেপি আৰু আৰএছএছৰ নেতাসকলে স্বীকাৰ কৰিবলৈ লজ্জাবোধ কৰে বুলিও ভট্টাচাৰ্যই উল্লেখ কৰে। জন্মজয়ন্তী অনুষ্ঠানত জৱহাৰলাল নেহৰুৰ শিশু প্ৰেমৰ ওপৰতো পৰ্যালোচনা কৰা হয়। প্ৰাক্তন সাংসদ আব্দুল হামিদ, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, কংগ্ৰেছ নেতা নৱ তালুকদাৰ, ৰামান্না বৰুৱা, আনোৱাৰ আহমেদ, গুণকান্ত গগৈ, প্ৰাক্তন মন্ত্ৰী আবু ছালেহ নিজমুদ্দিন, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংকন দাস প্ৰমুখ্যে ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে। 

nehru-134th-birth-anniversary
nehru-134th-birth-anniversary