গুৱাহাটী, ১৬ জানুৱাৰীঃ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে উদূলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱেবছাইট apcc.assam.org যোগে প্ৰায় ১৫০০ আবেদন ডাউনলোড হৈছে আৰু আজিৰ দিনটোত ১০০ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। উজনি, নামনি আৰু মধ্য অসমৰ ১০০ জন প্ৰাৰ্থীয়ে আজি কংগ্ৰেছ দলৰ দলীয় টিকট লৈ ২০২৬ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আবেদন দাখিল কৰে। আবেদনৰ লগত প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পুঁজিত ৫০ হাজাৰকৈ টকা ডিমাণ্ড ড্ৰাফটযোগে জমা হৈছে আৰু এতিয়ালৈকে প্ৰায় ২০০ প্ৰাৰ্থীয়ে এনেধৰণৰে ৰাজীৱ ভৱনলৈ আহি আবেদন জমা দি প্ৰাপ্তি স্বীকাৰ লৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা মতে অহা ২০ জানুৱাৰীলৈকে এই প্ৰক্ৰিয়া অব্যাহত থাকিব। অহা ৩ দিনত ৪০০তকৈয়ো অধিক আবেদন জমা হোৱাৰ আশা আছে। ৰাজীৱ ভৱনত ১৭ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা হিতেশ্বৰ শইকীয়া স্মাৰক গৃহত কেবাখনো টেবুলত এই আবেদনসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে, ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ দিনটোত কেবাজনো গুৰুত্বপূৰ্ণ নেতা-কৰ্মীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিব।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0028
Press Release - English
▪️ Rajiv Bhawan witnesses a rush of Congress ticket aspirants; over 200 applications submitted
Guwahati, January 16: Rajiv Bhawan has been bustling with activity as a large number of aspirants seeking Congress tickets have thronged the party headquarters. Around 1,500 application forms have been downloaded through the Assam Pradesh Congress Committee website, apcc.assam.org, while 100 aspirants submitted their applications today alone.
A total of 100 ticket aspirants from Upper Assam, Lower Assam and Central Assam applied today to contest the 2026 Assembly elections on Congress tickets. Each applicant submitted a demand draft of ₹50,000 towards the Assam Pradesh Congress Committee fund along with the application. So far, nearly 200 aspirants have submitted their applications at Rajiv Bhawan and received acknowledgement receipts.
According to APCC Treasurer Dr. Hemhari Pegu, the application process will continue till January 20. He added that more than 400 applications are expected to be submitted over the next three days.
Arrangements have been made to receive applications at multiple tables at the Hiteswar Saikia Memorial Hall in Rajiv Bhawan from 10:00 am on January 17. Sources said that several prominent leaders and workers are likely to submit their applications for party tickets on January 17, which is observed as Silpi Divas.
▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0028