▪️১০-১১ জানুৱাৰীত বিশিষ্ট লোক, দল-সংগঠনৰ মতামত গ্ৰহণ কৰিব কংগ্ৰেছে
গুৱাহাটী, ৭ জানুৱাৰীঃ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানৰ অংশ হিচাপে আজি নলবাৰী, ৰঙিয়াকে ধৰি নামনি অসমৰ ভিন্ন প্ৰান্তত ৰাইজৰ মতামত গ্ৰহণ কৰা হয়। ৰঙিয়াত ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কামৰূপ (গ্ৰাম্য) জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰীৰ উদ্যোগত স্থানীয় দল-সংগঠন আৰু নেতৃস্থানীয় লোক আৰু একাংশ জ্যেষ্ঠ সাংবাদিকৰ লগত মত বিনিময় কৰে। এই দলটোত প্ৰাক্তন সাংসদ আব্দুল খালেকেও অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ৬ জানুৱাৰীত ৰিপুন বৰাৰ নেতৃত্বত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানত অংশ লোৱা প্ৰতিনিধিসকলে হোজাই জিলাত ৰাইজৰ মতামত গ্ৰহণ কৰে। অহা ১০ আৰু ১১ জুলাইত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানৰ সামৰণি পৰিব আৰু এই দুটা দিন গুৱাহাটীত ব্যাপক হাৰত ৰাইজৰ প্ৰস্তাৱ আৰু মতামত গ্ৰহণ কৰা হ’ব। কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ বিভিন্ন দল-সংগঠন আৰু নাগৰিক সমিতিৰ লগতে ছাত্ৰ সমাজ, যুৱ সমাজ, চিন্তাবিদ, জ্যেষ্ঠ সাংবাদিকৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে মত বিনিময় কৰিব। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ জাতীয় সংগঠনসমূহৰ লগতে সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক, লেখক-চিন্তাবিদক ১০ আৰু ১১ তাৰিখে মত বিনিময় কৰিবলৈ যোগাযোগ কৰা হৈছে। গুৱাহাটীত প্ৰায় ১০০ জন বিশিষ্ট লোকলৈ কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে ইস্তাহাৰৰ বিষয়বস্তু সন্নিবিষ্ট কৰা সন্দৰ্ভত পৰামৰ্শ দিবলৈ অনুৰোধ জনাইছে। ইস্তাহাৰ কমিটিৰ অধ্যক্ষজনে বৈঠকত উপস্থিত থাকিব নোৱৰা লোকসকলৰ ঘৰ অথবা কৰ্মৰত অনুষ্ঠানলৈ গৈ সাক্ষাৎ কৰাৰ প্ৰস্তাৱ দিয়াৰ লগতে তেখেতসকলৰ মতামত লিখিতভাৱে আগবঢ়াবলৈকো অনুৰোধ জনাইছে। অধ্যক্ষ বৰদলৈয়ে আজি এক বিবৃতিত কয় যে এইবাৰ কংগ্ৰেছৰ ইস্তাহাৰ হ’ব ৰাইজৰ ইস্তাহাৰ। ৰাজ্যখনৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মতামত গ্ৰহণ কৰি প্ৰস্তুত কৰিবলগীয়া এই ইস্তাহাৰ কম দিনৰ ভিতৰতে ৰাইজলৈ আগবঢ়োৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0012
Press Release - English
▪️ “Raijor Podulit Raijor Congress Abhiyan” to conclude in Guwahati
▪️ Congress to seek opinions from eminent persons, parties and organisations on January 10–11
Guwahati, January 7: As part of the Raijor Podulit Raijor Congress Abhiyan, public opinion was collected today from various parts of Lower Assam, including Nalbari and Rangia. In Rangia, a delegation led by Manifesto Committee Chairman Pradyut Bordoloi, on the initiative of Kamrup (Rural) District Congress President Pranjit Choudhury, interacted with local party and social organisations, prominent personalities and a section of senior journalists. Former MP Abdul Khaleque was also part of the delegation.
It may be mentioned that on January 6, representatives participating in the Raijor Podulit Raijor Congress Abhiyan under the leadership of Ripun Bora collected public opinion in Hojai district. The campaign will conclude on July 10 and 11, during which large-scale public suggestions and opinions will be gathered in Guwahati over the two days.
Under the initiative of the Kamrup Metropolitan District Congress, interactions will be held in Guwahati with various party and social organisations, citizens’ bodies, student and youth groups, intellectuals and senior journalists. These interactions will involve Assam Pradesh Congress Committee President Gaurav Gogoi, Leader of the Opposition Debabrata Saikia and Manifesto Committee Chairman Pradyut Bordoloi.
Eminent journalists, writers and intellectuals from the media, along with major national organisations of Assam including the All Assam Students’ Union (AASU), have already been contacted to participate in discussions on the 10th and 11th. In Guwahati, Manifesto Committee Chairman Pradyut Bordoloi has requested nearly 100 eminent persons to offer suggestions for inclusion in the Congress manifesto.
The Manifesto Committee Chairman has also proposed visiting the residences or workplaces of those unable to attend the meetings and has requested them to submit their opinions in writing. In a statement issued today, Bordoloi said that this time the Congress manifesto would be a people’s manifesto. He added that the manifesto, to be prepared by incorporating opinions from all sections of the state’s population, would be presented to the public shortly.
▪️ Media & Communications Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0012