ৰাহুল গান্ধী, ভূপেন বৰা জীয়াই থকালৈকে হিমন্ত বিশ্ব, তুলিৰাম পুনৰ কংগ্ৰেছলৈ আহিব নোৱাৰিব

Published on
Tue, 10/10/2023 - 18:21

ডিফু, ১০ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাৰ্বি পাহাৰত চৰকাৰী পুঁজিৰ ব্যাপক অনিময় চলা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। পশ্চিম কাৰ্বি আংলঙত আজি পাহাৰে পাহাৰে অভিযানৰ অংশ হিচাপে এখন বিশাল কৰ্মীসভাত বৰাই আজি কয় যে তুলিৰাম ৰংহাঙৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বিং আলংঙত চৰকাৰী পুঁজিৰ শৰাধ কৰিছে। এই দুজন নেতাই বিজেপি ত্যাগ কৰিবলগীয়া হ’লে কংগ্ৰেছলৈ ঘূৰি অহাৰ বাট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া বুলি উল্লেখ কৰি বৰাই কয় যে ৰাহুল গান্ধী আৰু ভূপেন বৰা জীয়াই থকালৈকে হিমন্ত বিশ্ব আৰু তুলিৰামৰ কংগ্ৰেছ গমন পুনৰ সম্ভৱ নহ’ব। কাৰ্বি আংলঙৰ জাতি-জনগোষ্ঠীৰ লোকসকলক এই দুজন নেতাই প্ৰতাৰণা কৰা বুলিও বৰাই উল্লেখ কৰে। ইফালে, মাৰ্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰে কংগ্ৰেছ নেতাজনে। 'ব্ৰাইটচাইন কোক এণ্ড ক’ল প্ৰাইভেট লিমিটেড’ৰ সঞ্চালক মহেশ ভীমচাৰিয়াই মুখ্যমন্ত্ৰীলৈ দিয়া এখন পত্ৰত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই তেওঁৰ কোক উদ্যোগটো দখল কৰি লোৱা বুলি অভিযোগ কৰে। ভীমচাৰিয়াই অভিযোগ কৰা মতে কোক উদ্যোগটোত ৪.৫ কোটি টকা বিনিয়োগ কৰাৰ পিছত তেওঁৰ সহযোগী ঈশান জৈনক বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ নিৰ্দেশত ভয়-ভাবুকি দিয়া হৈছে। যিসময়ত অসমত বাহিৰৰ বিনিয়োগকাৰীক বিনিয়োগ কৰিবৰ বাবে আদৰণি জনাব লাগিছিল সেই সময়ত বিজেপি বিধায়কৰ নেতৃত্বত বিনিয়োগকাৰীক ভয়-ভাবুকি দিয়াতো কেনেধৰণৰ নীতি বুলি প্ৰশ্ন কৰে ভূপেন বৰাই। বৰাই কয় যে কোক উদ্যোগটোৰ প্ৰকৃত মালিকক সহায় কৰিবৰ বাবে কংগ্ৰেছ দল সাজু আছে আৰু তেওঁলোকে সহায় বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছে ৰাইজৰ সহযোগত বিজেপিৰ গুণ্ডাই দখল কৰা কোক উদ্যোগটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো ক্ষেত্ৰতে অৰাজকতা চলিছে বুলিও বৰাই সাংবাদিকৰ আগত অভিযোগ কৰে। অকল কোক উদ্যোগতেই নহয়, কয়লা, ছুফাৰি আদিৰ মাফিয়াৰাজত বিজেপিৰ গৰিষ্ঠসংখ্যক বিধায়ক আৰু নেতা জড়িত থকাৰ অভিযোগ আছে বুলিও বৰাই উল্লেখ কৰে। এইসকলক নাকী লগোৱাত মুখ্যমন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে।