প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্নঃ ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি কি হ’ল বিজেপি চৰকাৰৰ?

Published on
Tue, 09/05/2023 - 15:36

গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ ২৪ ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে এতিয়া অসমৰ গ্ৰাম্যঞ্চলত ন্যুনতম ৮ ঘণ্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই। সঘন বিদ্যুৎ কৰ্তনেৰে ৰাজ্যখনৰ ৬৩ লাখ গ্ৰাহকক প্ৰতাৰণা কৰিছে অসম চৰকাৰে। যিকোনো বিষয়ত তপৰাই মাত মতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লোডশ্বেডিঙৰ ক্ষেত্ৰত নীৰৱ কিয় বুলি আজি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ৰাইজৰ প্ৰতি ৰাজ্যৰ শক্তি বিভাগ দায়ৱদ্ধ নহয় বুলি উল্লেখ কৰি এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই কয় যে অতিষ্ঠ ৰাইজে এতিয়া প্ৰচণ্ড গৰমত ত্ৰাহি-মধূসূদন দেখিবলগীয়া হৈছে। শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই নিজৰ দায়ৱদ্ধতা স্বীকাৰ কৰি লোডশ্বেডিঙৰ ক্ষেত্ৰত ৰাজহুৱা বিবৃতি দিয়াৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি নৰহ আৰু বৰাই কয় যে ২৪ ঘণ্টা বিজুলী যোগানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট মডেল ব্যৱহাৰ কৰিবলৈ দায়িত্ব গ্ৰহণ কৰাৰ কেইমাহমান পিছৰে পৰা শক্তি বিভাগৰ তিনিটা কোম্পানী ক্ৰমে এপিডিচিএল, এপিজিচিএল আৰু এইজিচিএলৰ প্ৰতিনিধিক গুজৰাটৰ শক্তি বিভাগৰ জ্ঞান ল’বলৈ বৈঠক অনুষ্ঠিত কৰিছিল। গুজৰাট মডেলৰ বিশেষজ্ঞ আহি অসমৰ শক্তি বিভাগৰ লোকসকলক পাঠদানো কৰিছিল। পৰৱৰ্তী সময়ত অসমৰ বিদ্যুৎ বিভাগৰ অৱস্থা কি হৈছে ৰাইজে সেয়া দেখিছে। শক্তি বিভাগৰ তিনিটা কোম্পানীৰ মাজত কোনোধৰণৰ সু-সমন্বয় নথকাৰ লগতে পৰিকল্পনা আৰু বাজেটৰ অভাৱ নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাদ্বয়ে বিদ্যুৎ যোগানত ব্যৰ্থ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে সঘন বিদ্যুৎ কৰ্তনৰ বাবে ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকল চূড়ান্ত সমস্যাৰ সন্মুখীন হৈছে। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সময়ত ৰাইজক ন্যুনতম বিজুলী সেৱা যোগান ধৰিব নোৱৰা চৰকাৰখনে সঘনাই কেবিনেট বৈঠক অনুষ্ঠিত কৰি হোৱাটোক নোহোৱা আৰু নোহোৱাটোক হোৱা কৰ আহিছে যদিও মানুহৰ প্ৰাথমিক সমস্যা সমাধানত ব্যৰ্থ হৈছে। সঘন বিদ্যুৎ কৰ্তনৰ বাবে গ্ৰামাঞ্চলৰ চিকিৎসালয়সমূহত ৰোগী আৰু অভিভাৱকে যমৰ যাতনা পোৱাৰ লগতে চিকিৎসা সম্পৰ্কীয় পৰীক্ষা-নীৰিক্ষা কৰাৰ পৰাও বঞ্চিত হৈছে। শিশু আৰু বৃদ্ধসকল ইতিমধ্যে প্ৰচণ্ড গৰমত বহু অঞ্চলত অসুস্থ হৈ পৰিছে। গৰমৰ পৰা ৰক্ষা পাবলৈ পানীত জাঁপ দিয়া বহু লোকৰ ইতিমধ্যে সলিল সমাধি ঘটা বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে। ৰাইজৰ পৰা স্মাৰ্ট মিটাৰ সংযোগ কৰি আগতীয়াকৈ বিদ্যুৎ যোগানৰ নামত ধন সংগ্ৰহ কৰা এপিডিচিএলে ৰাইজক বিদ্যুৎ যোগান দিয়াত কিয় ব্যৰ্থ হৈছে বুলি প্ৰশ্ন কৰি নৰহ আৰু বৰাই কয় যে ৰাইজৰ পৰা সংগ্ৰহ কৰা ধন এপিডিচিএলে অন্য কামত ব্যৱহাৰ কৰিছে নে ৰাজহ জমা শিতানত বন্ধকত ৰাখিছ? চৰকাৰে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা বিভিন্ন শিতানত ঋণ লৈ ৰাইজক বুনিয়াদী সেৱাখিনিও প্ৰদান কৰিব নোৱৰাতো আশ্চৰ্যজনক বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা দুগৰাকীয়ে। লগতে কয় যে ইমানৰ পিছতো নিয়মীয়া বিদ্যুৎ যোগানৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে চৰকাৰখনে ৰাইজৰ দুখ-দুৰ্দশাক তিলমানো গুৰুত্ব নিদিয়ে সেই কথা প্ৰমাণিত হৈছে। ইফালে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নিচিনাকৈ আন এগৰাকী উদীয়মান আৰক্ষী গায়ত্ৰী হাজৰিকাৰ ৰহস্যজনক মৃত্যুত আশ্চৰ্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে। আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকাৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু উদীয়মান গায়ত্ৰীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছো।

Strong Criticism against State Government for discontinuation of Madhavdeb Award
“5 glaring instances of apathy towards tea labourers of Assam” Bhupen Bora

Guwahati, 4th September’23: APCC President, Mr. Bhupen Bora interacted with media today at Dibrugarh and strongly criticised the State Government for discontinuation of the Madhavdeb Award which was started during the Congress Congernment as a respect to the famous Vaishnavite saint of Assam.

Mr. Bora, who is continuously visiting the tea gardens of Assam and already covered 32 tea estates in last 8 days. Based on his interaction with tea laborers, Mr. Bora raised various pertinent issues faced by the tea labourers and challenged the CM of Assam to accompany him for a day to have first hand experience of the plight of the tea labourers in Assam. Mr. Bhupen Bora provided 5 instances of issues faced by the tea labourers including disfunctional Ujawala Scheme, the pathetic road condition, extremely high electricity bill etc. APCC President, Mr. Bora summarized that Congress party always stands by the cause of the tea labourers while the main interest of the BJP Government is only to sell existing tea estates or to buy resort. Finally, Mr. Bhupan Bora mentioned that after the completion of the “Bagane Bagane Program” of APCC, he will provide a list of 500 burning issues in the tea gardens of Assam and which impacting the tea labourers.

Media Department, APCC