ন-লখিমী লৈ আহি আছে কংগ্ৰেছ চৰকাৰঃ ভূপেন বৰা

Published on
Thu, 10/19/2023 - 19:23

গুৱাহাটী, ১৯ অক্টোবৰঃ বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মানুহক সজাগ কৰিবলৈ কংগ্ৰেছে আৰম্ভ কৰা চাঙে চাঙে কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ আজি অন্তিম দিনৰ কাৰ্যসূচী আজি বিহপুৰীয়া সমষ্টিত সমাপ্ত হয়। বিজেপি চৰকাৰে অসমৰ সাধাৰণ ৰাইজক দীৰ্ঘদিন ধৰি আভুৱা ভাৰি কেৱল হিতাধিকাৰী সৃষ্টিৰ এক নাটক কৰি আহিছে বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে কংগ্ৰেছ দল চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনিৰ লগতে অৰুণোদয় নোপোৱাসকলৰ বাবে ন-লখিমী আঁচনিৰ যোগেদি ২৫০০ টকাকৈ প্ৰদান কৰা হ’ব। সাধাৰণ মানুহক কলহত মাটি ভৰাবলৈ দি তেওঁলোকে নিজেই বিঘাই বিঘাই মাটি কিনি মালিক হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে কংগ্ৰেছ দলে সকলো শ্ৰেণীৰ নাগৰিকক লগত লৈ কাম কৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে কংগ্ৰেছে চলোৱা বাগানে বাগানে অভিযানৰ পিছত চৰকাৰৰ অলপ গা লৰিছে, সেয়ে এতিয়া চৰকাৰৰ বাগানলৈ মনত পৰিছে। কংগ্ৰেছে বাগানলৈ যোৱা দেখিয়েই চৰকাৰে বাগানৰ শ্ৰমিকসকলৰ বাবে কাম কৰিবলৈ বাধ্য হৈ পৰিছে বুলিও বৰাই মন্তব্য কৰে। আনহাতে অসমত কংগ্ৰেছৰ চৰকাৰ হ’লে কৰ্ণাটকৰ আৰ্হিত অসমতো কোনো মহিলাই চৰকাৰী বাছত ভ্ৰমণ কৰিলে এটকাও ভাৰা দিবলগীয়া নহ’ব বুলিও ঘোষণা কৰে। তেওঁ কয়, 'বিজেপিয়ে কৈছে যে ভূপেন বৰাই বিজেপিক হৰুৱাব পাৰিব নেকি? মই কৈছো যে ভূপেন বৰাই বিজেপিক হৰুৱাবলৈ নাযায়। কিন্তু অৰুণোদয় নোপোৱা লাখ লাখ মহিলাই বিজেপিক হৰুৱাব। যিসকল কৃষকে আজি বিজেপি চৰকাৰৰ দিনত হাবু-ডাবু খাইছে সেইসকল কৃষকে বিজেপিক হৰুৱাব। অপিএছ বিচাৰি থকা প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালে বিজেপিক হৰুৱাব। ভাল দিনৰ আশা কৰি আশা কৰ্মীসকলে বিজেপিক হৰুৱাব। বিজুলীৰ বিল বঢ়াই দিয়াত ক্ষুব্ধ হৈ পৰা ৰাইজে বিজেপিক হৰুৱাব। যিসকল অংগৱাড়ী কৰ্মীয়ে সমস্যা সামাধানৰ দাবীত আন্দোলন কৰি আছে সেইসকলে বিজেপিক হৰুৱাব।’ মুখ্যমন্ত্ৰীয়ে কোৱা অৰুণোদয়ৰ বতাহ বাদেই, কোনো বতাহতে কংগ্ৰেছ উৰি নাযায় বুলি কয় সভাপতি ভূপেন বৰাই। তাৰ বিপৰীতে অৰুণোদয় নোপোৱাসকলে সৃষ্টি কৰিবলগীয়া ধুমুহাত বিজেপিৰহে পলাই পত্ৰং দিবলৈকো ঠাই নাইকিয়া হৈ পৰিব বুলি মন্তব্য কৰে। বাগানে বাগানে আৰু চাঙে চাঙে অভিযান চলোৱাৰ পিছত কংগ্ৰেছে চৰে চৰে আৰু গাঁৱে গাঁৱে বিজেপিৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব বুলিও আজি ভূপেন বৰাই প্ৰকাশ কৰে। ১২টা বিৰোধী ঐক্যমঞ্চই অসমৰ ১৪টা লোকসভা সমষ্টিতে নিৰ্বাচনত অৱতীৰ্ণ হৈ সাম্প্ৰদায়িক বিজেপি আৰু এআইইউডিএফ দলক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে ককালত টঙালি বন্ধা বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইন, বিধায়ক ভাস্কৰ বৰুৱা, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে বহুসংখ্যক জ্যেষ্ঠ নেতা আজি বিহপুৰীয়া আৰু নাৰায়ণপুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচীত উপস্থিত থাকে।