মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, বাজপেয়ী ভৱনৰ চাকৰিৰ বজাৰৰ লেচী কোন?

Published on
Tue, 08/29/2023 - 19:01

গুৱাহাটী, ২৯ আগষ্টঃ অসমৰ লাখ লাখ নিবনুৱাক প্ৰতাৰণা কৰি চাকৰিৰ নামত বজাৰ খুলি বাজপেয়ী ভৱনক বদনামী কৰা চৰকাৰক আজি জবাবদিহি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ডিব্ৰুগড়ত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে কিমান পদৰ বিপৰীতে কিমানজনক চাকৰি দিয়া হ’ল, কিমান খালী পদ থাকি গ’ল সেই তথ্য অসমৰ নিবনুৱা যুৱক-যুৱতীক দিয়াত চৰকাৰ ব্যৰ্থ হৈছে। তামোল এখন নোখোৱাকৈয়ে চাকৰি দিছো বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলত চাকৰিৰ বজাৰৰ বাবে দলৰ এগৰাকী নেত্ৰীৰ বিয়োগ ঘটিছে আৰু তাৰপিছতো মুখ্যমন্ত্ৰীয়ে বাজপেয়ীৰ নাম কলংকিত কৰি চলি থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত কি হৈছে সেই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰিছে। ইয়াতকৈ নিৰ্লজ্জ ঘটনা একো নাই বুলি উল্লেখ কৰি বৰাই কয় যে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ নাম কলংকিত কৰি বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন এতিয়া আগফালে দুৱাৰ ডাং পিছফালে ধোবাংবাং সদৃশ হৈছে। কাৰ্যালয়ৰ দায়িত্বত থকা শান্তনু পূজাৰীৰ দৰে নেতাৰ নাম অভিযোগৰ প্ৰথম শাৰীত অহাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰিবলৈ সাহস হোৱা নাই বুলি প্ৰশ্ন কৰি বৰাই কয় যে বাজপেয়ী ভৱনত চলা বজাৰৰ আচল লেচী কোন? তেখেতক গ্ৰেপ্তাৰ কৰা হ’বনে, ধুনীয়া ভৱনটোৰ ভিতৰত প্ৰকৃততে কি চলি আছে সেই কথা সংবাদ মাধ্যমত ৰাজহুৱা হোৱাৰ পিছতো মুখ্যমন্ত্ৰী কিয় এতিয়ালৈকে মনে মনে আছে? বৰাৰ পোনপটীয়া প্ৰশ্ন, চাকৰিৰ নিযুক্তি সম্পৰ্কীয় প্ৰশ্ন নিবনুৱা যুৱক-যুৱতীয়ে কৰাৰ পিছতো তথ্য জনাৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। অসমত তথ্য জনাৰ আইন বলৱৎ হৈ আছেনে বুলি প্ৰশ্ন কৰি বৰাই কয় যে চতুৰ্থ আৰু তৃতীয় বৰ্গত নিযুক্তি পোৱা প্ৰাৰ্থীৰ তালিকা আৰু ৱেইটিং লিষ্টৰ তালিকা মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে প্ৰকাশ কৰক। ইণ্টাৰনেট বন্ধ কৰি পৰীক্ষা অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰীয়ে দায়িত্ব সহকাৰে নিকা প্ৰক্ৰিয়াৰে চাকৰি নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰাৰ পিছতো কোন প্ৰাৰ্থীয়ে কিমান নম্বৰ পাইছিল, কিমানটা পদৰ বিপৰীতে কিমানজনক নিযুক্তি দিয়া হ’ল সেই কথা ৰাজহুৱা কৰাৰ সাহস কৰা নাই। দ্বিৱন ডেকাৰ লগত কাৰ কাৰ সম্পৰ্ক আছে বুলিও বৰাই প্ৰশ্ন উত্থাপন কৰে। সংবাদ মাধ্যমত ইতিমধ্যে চাকৰিৰ বজাৰ চলি থকাৰ কথা প্ৰকাশ পাই অহাৰ পিছতো আৰক্ষীয়ে একাংশ লোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছতো মূল অভিযুক্তক কি কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও তেওঁ প্ৰশ্ন কৰে। বৰাৰ দাবী এই চাকৰিৰ বজাৰত কোন কোন জড়িত সেই কথা শীঘ্ৰেই ৰাজহুৱা কৰক। মুখ্যমন্ত্ৰীয়ে ৰাইজক ভালৰি বোলাবলৈ বিভিন্ন কথা কৈ আছে যদিও বাজপেয়ী ভৱনত চলা চাকৰি কেলেংকাৰীৰ অভিযোগ দায়িত্ব সহকাৰে লোৱাৰ সাহস দেখুওৱা নাই। আমি উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালো বুলিও বৰাই উল্লেখ কৰে। ইফালে কংগ্ৰেছে আজি উজনি অসমত বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী অব্যাহত ৰাখিছে। আজি তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ লগতে মাকুমৰ কেবাখনো চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোকসকলৰ লগত মত বিনিময় কৰে প্ৰদেশ কংগ্ৰেছৰ এটা দলে।