মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

Published on
Sun, 03/08/2026 - 19:01

▪️লাখ লাখ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছেঃ গৌৰৱ গগৈ
▪️বিজেপি চৰকাৰৰ শাসনকালত অসমৰ চাহ উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংসৰ দিশলৈ গতি কৰিছেঃ গৌৰৱ গগৈ
▪️আদিবাসী জনতাৰ ভাষা-সংস্কৃতিক নিশকটীয়া কৰা বিজেপি চৰকাৰক বিদায় দিবলৈ আহ্বান বন্ধু তিৰ্কীৰ
▪️মুখ্যমন্ত্ৰীয়ে জন আৰ্শীবাদ যাত্ৰাত আঁ‌চনি কাটি দিম বুলি ভয়-ভাবুকি দেখুৱাই মানুহ আনিছেঃ মীৰা বৰঠাকুৰ

গুৱাহাটী, ৮ মাৰ্চঃ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত উজনি অসমত নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ কৰি তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এই অনুযায়ী আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটি আৰু অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছ মহাসভাৰ উদ্যোগত মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত উজনি অসমৰ কেইবাখনো জিলা সামৰি চাহ মজদুৰ আদিবাসী কংগ্ৰেছ মহাসন্মিলন অনুষ্ঠিত হয়। এই মহাসন্মিলনত গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু‌ লখিমপুৰ জিলাৰ পৰা অহা কেবাসহস্ৰাধিক আদিবাসী চাহ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে বিজেপি চৰকাৰে যোৱা ১০ বজাৰত অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি স্বৰূপ চাহ বাগিচাসমূহক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে। ভাষণৰ মাজতে বিজেপি চৰকাৰৰ দিনত অসমৰ চাহ বাগিচাসমূহৰ অৱস্থা ভাল হৈছে নেকি বুলি ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰাত ৰাইজে কয় যে ভাল হোৱাতো দূৰৰে কথা আগতকৈয়ো বেয়াহে হৈছে। ''সকলোৱে গম পায় যে এইখন চৰকাৰে আগৰ সেই ডাঙৰ ডাঙৰ কোম্পানীবোৰক বাগানবোৰ বিক্ৰী কৰি গুচি যাবলৈ বাধ্য কৰিছে। বাগানবোৰ এতিয়া বাগান চলোৱাৰ কোনো অভিজ্ঞতা নথকা বিজেপিৰ নেতাসকলৰ ঘনিষ্ঠ ব্যৱসায়ীয়ে ক্ৰয় কৰিছে। বাগান ভালকৈ চলোৱাতো তেওঁলোকৰ উদ্দেশ্য নহয়। তেওঁলোকৰ উদ্দেশ্য হ’ল নিজৰ ক’লাধন বগা কৰা।’’-বিজেপি চৰকাৰৰ শাসনকালত অসমৰ চাহ উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংসৰ দিশলৈ গতি কৰিছে বুলি উল্লেখ কৰি গগৈয়ে এইদৰে কয়। এনেবোৰ কাৰণতে অসমৰ চাহ উদ্যোগৰ অৱস্থা এতিয়া তেনেই শোচনীয় হৈ পৰিছে বুলি মন্তব্য কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী পূৰ্বে অসমৰ শিক্ষা মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ল বুলি অভিযোগ কৰি তাৰ বিপৰীতে বাগিচাই বাগিচাই মদৰ দোকান খুলি দিলে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মদ বিক্ৰীৰ ৰাজহেৰে হিমন্তবিশ্ব শৰ্মাই ধাৰ মাৰিব বিচাৰিছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰীৰ সুৰক্ষাৰ বাবে, প্ৰতিগৰাকী নাৰী স্বাৱলম্বী হ'ব পৰাকৈ আঁচনি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ জৰিয়তে নিজৰ আৰু পৰিয়ালৰ ব্যৱসায় বৃদ্ধি কৰিছে বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে সঁচা অৰ্থত ৰাজ্যৰ উন্নয়ন সম্ভৱ কৰি তুলিব। তেওঁ লগতে কয়, ''মুখ্যমন্ত্ৰীয়ে ভয়-ভাবুকিৰ বাহিৰে একো নাজানে। অৰুণোদয় পাবলৈ হ'লে দেওবাৰে দেওবাৰে বিজেপি সভালৈ যাব লাগিব মহিলাসকলে। এই নীতি লৈছে মুখ্যমন্ত্ৰীয়ে।’’ কংগ্ৰেছ চৰকাৰ আহিলে মহিলাসকলে কোনো দলীয় সভালৈ নোযোৱাকৈয়ে আঁচনিৰ সুবিধা লাভ কৰিব বুলিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিজনে উল্লেখ কৰে। উক্ত সভাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা চাবুৱা-লাহোৱাল সমষ্টিৰ প্ৰাঞ্জল ঘাটোৱাৰ, ডুমডুমা সমষ্টিৰ দুৰ্গা ভূমিজ, ডিমৌ সমষ্টিৰ অজয় কুমাৰ গগৈ আৰু সোণাৰিৰ প্ৰাৰ্থী উৎপল গগৈক চিনাকি কৰাই দিয়ে আৰু নতুন বৰ অসম গঢ়াৰ স্বাৰ্থত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰি অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কীয়ে কয়, ''ভাৰতৰ চাহ জনগোষ্ঠী, আদিবাসীক মানুহক অধিকাৰ দিছে কংগ্ৰেছে৷ কংগ্ৰেছে সকলো শ্ৰেণীৰ মানুহৰ উন্নতি কৰিছে৷ মোক ৰাষ্ট্ৰীয় নেতৃত্বই অসমলৈ চাহ জনগোষ্ঠী, আদিবাসীসকলৰ কাষলৈ পঠিয়াইছে৷ গৌৰৱ গগৈ আৰু অসম কংগ্ৰেছৰ হাত শক্তিশালী হৈছে৷ অসমত বিজেপি চৰকাৰে বীৰচা মুণ্ডাৰ ঐতিহ্যক মচি পেলাবলৈ চেষ্টা চলাইছে৷ আজি অসমত ভাৰতীয় জনতা পাৰ্টীয়ে অসমত আদিবাসীক প্ৰতাৰণা কৰিছে৷ এই প্ৰতাৰণাৰ প্ৰতিশোধ আমি এইবাৰ নিৰ্বাচনত ল’ব লাগিব৷ এই কথা অসমবাসীয়ে সমনত ৰাখিব লাগিব৷’’ বৰ্তমান আদিবাসীৰ যিটো অৱস্থা কৰা হৈছে এনে অৱস্থা হৈ থাকিলে এই সমাজ দুৰ্বল হৈ যাব বুলিও কয় বন্ধু তিৰ্কীয়ে। তেওঁ কয়, ''আমি কংগ্ৰেছক আনিব লাগিব৷ কংগ্ৰেছে স্বাধীনতাৰ পিছৰে পৰা দেশৰ আদিবাসীৰ বাবে কাম কৰিছিল৷ বিজেপিয়ে জলপানি বন্ধ কৰি দিছে৷ আদিবাসীৰ ল’ৰা-ছোৱালীক বিজেপিয়ে ডাক্টৰ, ইঞ্জিনিয়াৰ হ’বলৈ নিদিয়ে৷ হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আপোনালোক মজদুৰ হৈ থাকক৷ আদিবাসীৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিদায় দিব লাগিব৷ আমাৰ বিপদৰ কথা বুজি পাবলৈ চেষ্টা কৰক৷ বিজেপি আৰু আৰএছএছে আপোনালোকক ধ্বংস কৰিব৷ ক’লা-সংস্কৃতি ধ্বংস কৰিব৷’’ সময়ত থাকোতে বিজেপিক বিদায় দি কংগ্ৰেছক শাসনলৈ আনিলেহে অসমৰ লগতে ভাৰতত আদবাসী সমাজ শক্তিশালী হ’ব, অন্যথা সমাজখন ধ্বংস হৈ পৰিব বুলিও বন্ধু তিৰ্কীয়ে সকীয়াই দিয়ে। সভাত বক্তব্য ৰাখি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৰিবাৰে পৰ্বতসম সম্পত্তি গঢ়িছে। এইবিলাক কথাক লৈ মুখ্যমন্ত্ৰী পত্নীৰ নাম ললেই গোচৰ জাপি দিয়ে। মুখ্যমন্ত্ৰীয়ে জন আৰ্শীবাদ যাত্ৰাত আঁ‌চনি কাটিম বুলি ভয়-ভাবুকি দি মানুহ আনিছে। কংগ্ৰেছৰ সভালৈ মানুহ স্বতঃস্ফূৰ্তভাৱে আহে বুলিও তেওঁ উল্লেখ কৰে। সভাখনত চাহ জনগোষ্ঠীৰ নেতা ষ্টিফেন লাক্ৰা, প্ৰেমলাল গঞ্জু, মীনা তেলীৰ লগতে উজনি অসমৰ প্ৰতিখন জিলাৰ জিলা কংগ্ৰেছৰ সভাপতিসকল উপস্থিত আছিল।

▪️সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0115

▪️Grand Convention of Assam Tea Mazdoor Adivasi Congress in Moran covering all districts of Upper Assam
▪️The Chief Minister has shut down government schools and opened liquor shops to repay loans worth lakhs of crores: Gaurav Gogoi
▪️During the BJP government’s tenure, Assam’s tea industry has moved completely towards destruction: Gaurav Gogoi
▪️Bandhu Tirkey calls for the ousting of the BJP government that has weakened the language and culture of the Adivasi community
▪️The Chief Minister brought people to the Jan Ashirwad Yatra by threatening to cut off government schemes: Mira Borthakur

Guwahati, March 8: With only a few days left before the Assembly elections, the Assam Pradesh Congress Committee has intensified its election campaign in Upper Assam. Accordingly, a grand convention of the Tea Mazdoor Adivasi Congress covering several districts of Upper Assam was held today at the Tiloi Nagar Village Market Auditorium in Moran, organised by the Dibrugarh District Congress Committee and the Assam Tea Mazdoor Adivasi Congress.

Thousands of people from the Adivasi tea community from the districts of Golaghat, Jorhat, Sivasagar, Charaideo, Dibrugarh, Tinsukia and Lakhimpur participated in the convention. Addressing the gathering, Assam Pradesh Congress Committee President Gaurav Gogoi targeted Chief Minister Dr. Himanta Biswa Sarma and the BJP government. He said that over the past ten years the BJP government has gradually pushed the tea gardens—one of the main pillars of Assam’s economy—towards destruction.

During his speech, Gogoi asked the people whether the condition of tea gardens had improved under the BJP government. The crowd responded that instead of improving, the situation had actually worsened. “Everyone knows that this government forced the earlier big companies to sell the gardens and leave. The gardens are now being bought by businessmen close to BJP leaders who have no experience in running tea estates. Their intention is not to run the gardens properly; their aim is to convert their black money into white,” Gogoi said, adding that under the BJP government Assam’s tea industry is rapidly moving towards destruction.

He remarked that because of such reasons the condition of the tea industry in Assam has become extremely distressing. Gogoi alleged that although the present Chief Minister had earlier served as Assam’s Education Minister and Health Minister, there has been no improvement in the health and education systems in tea garden areas. Instead, liquor shops have been opened across tea gardens. Gogoi further alleged that Himanta Biswa Sarma wants to repay debts through the revenue generated from liquor sales.

He stated that if the Congress comes to power, schemes will be introduced to ensure women’s safety and make every woman self-reliant. Accusing the Chief Minister of expanding his and his family’s business through politics, the APCC President said that genuine development of the state would be possible under a Congress government.

He added, “The Chief Minister knows nothing except intimidation. Women are being told that they must attend BJP meetings every Sunday if they want to receive the Orunodoi scheme. This is the policy adopted by the Chief Minister.” Gogoi assured that under a Congress government, women would receive the benefits of welfare schemes without having to attend any party meetings.

At the meeting, Gogoi also introduced the Congress candidates—Pranjal Ghatowar from Chabua-Lahowal, Durga Bhumij from Doomdooma, Ajay Kumar Gogoi from Dimow and Utpal Gogoi from Sonari—and appealed to the people to elect them with a massive mandate in order to build a new and prosperous Assam.

Speaking at the convention, Assam election observer and former Jharkhand minister Bandhu Tirkey said that it was the Congress that had given rights to the tea community and Adivasi people of India. “The Congress has worked for the development of all sections of society. The national leadership has sent me to Assam to stand with the tea and Adivasi communities. Under the leadership of Gaurav Gogoi, the strength of the Assam Congress has grown,” he said.

Tirkey alleged that the BJP government in Assam is attempting to erase the legacy of Birsa Munda and has betrayed the Adivasi people of the state. He said that this betrayal must be answered in the coming elections and warned that if the present situation continues, the Adivasi community will become weaker.

He further stated, “We must bring the Congress back to power. Since Independence, the Congress has worked for the welfare of Adivasis. The BJP has stopped stipends and does not want Adivasi children to become doctors or engineers. Himanta Biswa Sarma wants you to remain labourers. We must bid farewell to this enemy of the Adivasi community. Try to understand our difficulties—BJP and RSS will destroy your culture and identity.”

Tirkey warned that only by removing the BJP and bringing Congress back to power can the Adivasi community in Assam and across India become stronger; otherwise the community will face destruction.

Addressing the meeting, Assam Pradesh Mahila Congress President Mira Borthakur also strongly criticised the BJP government led by Dr. Himanta Biswa Sarma. She alleged that the Chief Minister’s family has amassed enormous wealth and that cases are filed whenever his wife’s name is mentioned in such matters. She further alleged that people were brought to the Chief Minister’s Jan Ashirwad Yatra through threats that welfare schemes would be withdrawn, whereas people attend Congress meetings voluntarily.

Tea community leaders Stephen Lakra, Premlal Ganju, Meena Teli, along with the District Congress Committee presidents from all districts of Upper Assam, were present at the meeting.

Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0115