▪️তৰুণ গগৈক পিঠিত, সোণোৱালক বুকুত ডেগাৰ মাৰিছে হিমন্তইঃ গৌৰৱ গগৈ
▪️নিজৰ পাপ-অন্যায়-অহংকাৰ-ভ্ৰষ্টাচাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব
▪️গুৱাহাটীত মাটি লোৱাত মামীতকৈ অশোক সিংঘল আগবাঢ়ি আছে
▪️চাৰিওফালে টোলগেট বহুৱাই দুখীয়াক হাৰাশাস্তি কৰিছে বিজেপিয়ে
▪️হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰা হিমন্ত বিশ্বই গৰু চিণ্ডিকেট চলোৱা মানুহক মন্ত্ৰী পাতিছে
▪️আমিনগাঁৱত নিজৰ ইচ্ছা মতে হাইৱে নি নিজৰ মাটিৰ দাম বঢ়াইছে হিমন্তই
▪️বিজেপিত ভোট চুৰ, মাটি চোৰ, গৰু চোৰ, পানী চোৰ আছে
▪️ঢেকিয়াজুলিত মহিলা সমিতিৰ মাটি মন্ত্ৰী পত্নীয়ে দখল কৰিছে
▪️সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি বিজেপিলৈ আহি সিদ্ধাৰ্থ ভট্টাচাৰ্যকে বিজেপিত নোহোৱা কৰিলে হিমন্তই
গুৱাহাটী, ২৪ জানুৱাৰীঃ আজি ৰঙিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ বিশাল জনসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক গৰু চোৰ, মাটি চোৰ আৰু পানী চোৰৰ চৰকাৰ আখ্যা দিয়ে৷ প্ৰায় বিশ সহস্ৰাধিক লোকৰ উপস্থিতিত মৰাণজনাৰ হাতীখোলা পথাৰত অনুষ্ঠিত বিশাল জনসভাত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা কোন বুলি পুনৰ প্ৰশ্ন কৰে৷ সভাত উপস্থিত থকা কংগ্ৰেছ কৰ্মীসকলৰ দায়িত্ব আৰম্ভ হোৱা বুলি উনুকিয়াই দি কয় যে অসমৰ ৰাইজে বিচাৰি আছে যে কংগ্ৰেছে এইবাৰ ৰাইজৰ ওচৰলৈ আহক৷ আমি প্ৰচাৰৰ বাবে গোট গঠন কৰিব লাগিব৷ যুৱ, মহিলাৰ গোট গঠন কৰিব লাগিব৷ যুৱ গোটে যুৱসকলৰ কথা, মহিলা গোটে মহিলাসকলৰ কথা ক’ব৷ মানুহৰ ঘৰে ঘৰে যুৱ আৰু মহিলাক বৰ্তমানৰ পৰিস্থিতিৰ কথা ক’ব লাগিব৷ গোটবোৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজলৈ যাব৷ যেতিয়ালৈকে সৰু সৰু গোট যোগে আমি মানুহৰ ওচৰলৈ যাব নোৱাৰো তেতিয়ালৈ আমাৰ কাম আধৰুৱা হৈ থাকিব৷ সভাৰ পৰাই গৌৰৱ গগৈয়ে বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাক লৈ গোট কৰিবলৈ নিৰ্দেশনা দিয়ে৷ কংগ্ৰেছ নেতা-কৰ্মীয়ে ঘৰে ঘৰে গৈ কি ক’ব লাগিব সেই কথাও সভাতে উল্লেখ কৰে গগৈয়ে৷ তেওঁ কয় যে আমি হিমন্ত বিশ্ব শৰ্মাৰ বাস্তৱ স্থিতি অসমৰ মানুহক জনাব লাগিব৷ বিজেপি দলৰ মাজত এটা প্ৰশ্নক লৈ ভূমিকম্প হৈছে৷ সেই প্ৰশ্ন কংগ্ৰেছৰ সভাত উত্থাপিত হৈছে৷ সেই প্ৰশ্ন হৈছে কোন হয় হিমন্ত বিশ্ব শৰ্মা? এটা সময়ত মোৰ পিতৃ তৰুণ গগৈয়ে কৈছিল ‘হু ইজ আজমল’৷ আজি অসমৰ জনগণে ক’ব লাগিব কোন হয় হিমন্ত বিশ্ব শৰ্মা৷ তেওঁৰ কথা ফাদিল কৰিব লাগিব৷ যিজন মানুহে নিজকে বহু ডাঙৰ আৰু শক্তিশালী বুলি পৰিচয় দিয়ে, কিন্তু বাস্তৱত ইমান শক্তিশালী নহয়৷ মানুহজন দুৰ্বল৷ কিয়নো মানুহজন এটা ঠাইত থাকিব নোৱাৰে৷ আৰম্ভ কৰিলে আছুত৷ আছুত বিপদ দেখি জাঁপ দিলে কংগ্ৰেছলৈ৷ কংগ্ৰেছত বিপদ দেখি জাঁপ মাৰিলে বিজেপিলৈ৷ বিজেপি দলৰ চৰকাৰ গ’লে কংগ্ৰেছলৈ আহিব খুজিব৷ সভাত উপস্থিত থকা কৰ্মীসকলক উদ্দেশ্যি গগৈয়ে প্ৰশ্ন কৰে যে তেতিয়া হিমন্ত বিশ্ব শৰ্মাক ল’ব লাগিব নেকি? কৰ্মীসকলে কয় যে ল’ব নালাগে৷ কৰ্মীসকলৰ উত্তৰ শুনি গৌৰৱ গগৈয়ে উদাত্ত কণ্ঠে কয় যে মই আজিয়েই এই সভাৰ পৰা ঘোষণা কৰিছো যে চিৰকালৰ বাবে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলত নলও৷ আমাৰ দলৰ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলেই হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব৷ নিজৰ পাপৰ বাবে, অন্যায়ৰ বাবে, অহংকাৰ আৰু ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব৷ নিজক বচাবৰ বাবে আকৌ ৰাহুল গান্ধীৰ ওচৰলৈ যাব৷ ৰাহুল গান্ধীৰ মনটো ভাল৷ ৰাহুল গান্ধীৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিলেও আমি কংগ্ৰেছলৈ অহাৰ বাবে অনুমতি দিব নালাগে৷
গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দি কয় যে গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, বিষ্ণুৰাম মেধিৰ দৰে মুখ্যমন্ত্ৰী দেখিছো৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া মুখ্যমন্ত্ৰী দেখা নাই৷ হিমন্ত বিশ্ব শৰ্মাই কি কি নকয়৷ তৰুণ গগৈৰ চৰকাৰৰ দিনত ১০ হাজাৰ কোটি টকা ঋণ লোৱাত তেওঁ কি কৈছিল৷ কিন্তু তেওঁ আজি ডেৰ লাখ কোটি টকাৰ ঋণৰ বোজা আমাৰ ওপৰত জাপি দিছে৷ চৰকাৰৰ টকা নাই, এই ধাৰ কোনে মাৰিব? চৰকাৰে বিঘাই বিঘাই মাটি এক টকাত আদানী-আম্বানীক দিছে৷ তেওঁলোকৰ পৰা টকা নলয়৷ চৰকাৰে ধাৰ মাৰিব লাগিলে দুখীয়া মানুহৰ পৰা টকা নিব লাগিব৷ এতিয়া অসমত তেনেকুৱাই হৈছে৷ ঘাইপথৰ অৱস্থা ভাল নহয়৷ কিন্তু চাৰিওফালে টোলগেট৷ সদনত পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক প্ৰশ্ন সোধাৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয় যে সদনত বিভিন্ন ৰাজ্যৰ সাংসদে প্ৰশ্ন কৰে৷ পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক বহু প্ৰশংসা কৰে৷ ইটো কাম হৈছে সিটো কাম কৰক বুলি কয়৷ মই সদনত থিয় হৈ ক’লো বাকীবোৰ ৰাজ্যত আপোনালোকৰ মানুহবোৰে আপোনাক প্ৰশংসা কৰে৷ অসমত আপোনালােকে ঘাইপথ ভাল কৰিব পৰা নাই৷ কিন্তু চাৰিওফালে টোলগেট বহুৱাই দুখীয়া মানুহৰ হাৰাশাস্তি কৰিছে৷ আজি গাড়ীখন ১০০ গতিৰ ওপৰত চলাব নোৱাৰে৷ চলালে গ্লাছৰ বাহিৰত ওলাই পৰিব৷ চাৰিওফালে প্ৰকাণ্ড প্ৰকাণ্ড গাত৷ বিজেপি দল মিছলীয়া দল বুলি কটুক্তি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত ৰাজনীতি কৰে৷ হিন্দু ধৰ্মৰ ৰাজনীতি কৰে আৰু গৰু চিণ্ডিকেট চলোৱা মানুহক মন্ত্ৰী পাতে। যুৱ কংগ্ৰেছে অসমত পদযাত্ৰা কৰিছে৷ যুৱ কংগ্ৰেছে পদযাত্ৰাৰ নাম দিছিল ‘মাটি বচাওক-জাতি বচাওক’৷ মই তেতিয়া কৈছিলো সেইটো নাম নহয়৷ এতিয়া বিজেপিৰ চৰকাৰত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, পীয়ুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱা মন্ত্ৰী৷ এতিয়া মাটি বচাও, জাতি বচাও আৰু গৰু বচাও ক’ব লাগিব৷ উজনি অসমত খবৰ লওক গোহালিৰ পৰা গৰু উলিয়াই নি তেওঁলোকে বিক্ৰী কৰিছে আৰু তেওঁলোকে হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰিছে৷ গীৰ গাই কেলেংকাৰী কৰিলে৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক দলৰ পৰা আৰু কেবিনেটৰ পৰা উলিয়াই দিব লাগিছিল৷ যিসকল গীৰ গাই কেলেংকাৰীত জড়িত তেওঁলোকক দলৰ পৰা উলিয়াই দিব লাগিছিল৷ উলিয়াই নিদিয়ে কিয়নো গোটেই চিণ্ডিকেটৰ চাবি দিছপুৰত আৰু মুখ্যমন্ত্ৰীৰ ঘৰত ওলাই৷ কয়লা, বালি, শীলৰ চিণ্ডিকেটত তেওঁৰ হাতত আছে৷ মানুহে বসুন্ধৰাৰ পৰা মাটিৰ বিচাৰি আবেদন কৰিলে৷ মানুহে মাটি নাপালে৷ কিন্তু এতিয়া প্ৰতিযোগিতা চলিছে৷ কাৰ ওচৰত বেছি মাটি আছে আশোক সিংঘলৰ হাতত নে, মামীৰ ওচৰত বেছি মাটি আছে৷ এই প্ৰশ্ন সভাৰ সন্মুখত উপস্থিত থকা কংগ্ৰেছ কৰ্মীসকলক সোধে গগৈয়ে৷ গগৈয়ে সোধে যে কাৰ ওচৰত বেছি মাটি আছে৷ তেতিয়া কৰ্মীসকলে কয় যে মামীৰ ওচৰত বেছি মাটি আছে৷ কৰ্মীসকলে একেস্বৰে কয় যে মামীৰ ওচৰত বেছি মাটি আছে৷ তেতিয়া হাঁহি হাঁহি গৌৰৱ গগৈয়ে কয় যে মোৰ সন্দেহ হৈছে যে অশোক সিংঘলৰ অলপ বেছি মাটি আছে৷ অশোক সিংঘল অলপ আগবাঢ়ি আছে৷ জয়ন্তমল্লই অকণমান কথাবোৰ লুকাই ৰাখিছিল৷ এতিয়া মামীয়ে তেওঁৰ কথা গম পাই গ’ল৷ আজিৰ সভাত পলাশবাৰীৰ পৰা মানুহ আহিছে৷ পলাশবাৰীৰ বিধায়কে এবিঘা মাটিত এক লাখকৈ টকা বিচাৰিছিল৷ আজি এনে মানুহবোৰে বিজেপিৰ দলত আছে৷ কিছু মাহ আগত হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালাল ধৰাত আমি আপত্তি কৰা নাছিলো৷ এতিয়া আমি দেখিছো যে আটাইতকৈ বেছি ডাঙৰ মাটিৰ দালাল দিছপুৰত বহি আছে৷ আমিনগাঁৱত য’ত মানুহে খেতি কৰে সেই মটি এনআৰএলক দিছে৷ খেতিয়কৰ কথা চিন্তা নকৰে৷
আমিনগাঁৱৰে নিজৰ ইচ্ছা মতে হাইৱে লৈ গৈছে৷ কিয়নো নিজৰ মাটিৰ দাম বঢ়াব লাগে৷ এতিয়া উত্তৰ গুৱাহাটীৰ মাটি সাধাৰণ মানুহে নাপায়৷ হিমন্ত বিশ্ব শৰ্মাৰ এজন প্ৰতিনিধি আছে৷ সেই প্ৰতিনিধিজনে গোটেই মাটি লৈছে৷ সেয়েহে যুৱ কংগ্ৰেছে মাটি বচাও যাত্ৰা কৰিছে৷ বিজেপি চৰকাৰ আকৌ আহিলে আৰু আমাৰ নামত মাটি নাথাকে৷ গোটেই মাটি গুছি যাব আদানী-আম্বানী, পতঞ্জলি, মামা-মামীৰ নামত৷ যিখিনি মাটি থাকিব বিজেপিৰ মন্ত্ৰী-বিধায়কৰ মাজত ভাগ হ’ব৷ ঢেকিয়াজুলিত মহিলা সমিতিৰ মাটি মন্ত্ৰী পত্নীয়ে দখল কৰিছে৷ এইখিনি কথা মানুহে গম পোৱাত বিজেপিয়ে ভয় খাইছে৷ নিজে জুম মিটিং পাতি কেনেদৰে খিলঞ্জীয়া মানুহৰ ভোট কাটিব পাৰি সেই নিৰ্দেশ দিছে৷ উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰত বিজেপি দল শংকিত৷ আজি বকোত ভোট কাটিবলৈ চৰকাৰী কাৰ্যালয়ত বিজেপিৰ মানুহ সোমাই আছে৷ এইসকল ভোট চোৰ, মাটি চোৰ, গৰু চোৰ, নল আছে জল নাই পানী চোৰো৷ এওঁলোকৰ বিৰুদ্ধে আমি গোচৰ দিব লাগিব৷ আমি এইবোৰ কথা মানুহক ক’ব লাগিব৷ হিমন্ত বিশ্ব শৰ্মা কোন হয় সেই কথা ক’ব লাগিব৷ গৌৰৱ গগৈয়ে ২০১১ চনত ৰাজনীতিত ভৰি দিয়াৰ কথা ৰাজহুৱা সভাত প্ৰকাশ কৰি কয় যে সেই সময়ত বহুতে কৈছিল যে কংগ্ৰেছৰ চৰকাৰ ভাল চলি আছে, তৰুণ গগৈয়ে ভাল কাম কৰি আছে৷ তেতিয়া মানুহবোৰে মোক এটা কথা কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই ইমান কেলেংকাৰী কৰিছে৷ সেই কেলেংকাৰীৰ কথা ক’লে তৰুণ গগৈয়ে হিমন্ত বিশ্বক গালি নাপাৰি আমাকহে গালি পাৰে৷ তৰুণ গগৈয়ে ইমানে মৰম কৰে৷ কেতিয়াবা মই তৰুণ গগৈক সেই কথা সুধিছিলো, তেতিয়া তেওঁ মানুহবোৰে মিছা কথা কোৱা বুলি কৈছিল৷ এজন অভিভাৱকৰ দৰে হিমন্ত বিশ্ব শৰ্মাক লাগে লাহে আগুৱাই লৈ গৈছিল৷ ৰাজনৈতিক গুৰু, আধুনিক অসমৰ নিৰ্মাতাক হিমন্ত বিশ্ব শৰ্মাই পিঠিত ডেগাৰ মাৰিলে৷ শেষত তৰুণ গগৈয়ে আপছোছ কৰিলে৷ সৰ্বানন্দ সোণোৱালক প্ৰয়াত তৰুণ গগৈৰ এটা কথা কৈছিল৷ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই তোমাক শুভেচ্ছা জ্ঞাপন কৰিছো, ২০১৬ চনত জয়ী হৈ তুমি মুখ্যমন্ত্ৰী হৈছা৷ কিন্তু তুমি চাবা তুমি যিজন মানুহক লগত লৈছা সেইজন মানুহে মোক পিঠিত ডেগাৰ মাৰিলে, সেইজন মানুহে তোমাত বুকুত ডেগাৰ মাৰিব৷ সেয়াই বাস্তৱ হ’ল৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি বিজেপিত আহিছিল৷ যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি আশীৰ্বাদ লৈ বিজেপিলৈ আহিছিল সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যক বিজেপিত নোহোৱা কৰি পেলালে৷ আজি মানুহৰ মাজত কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ উৎসাহ, শক্তি দেখা পাইছো৷ ৰাজীৱ ভৱনত ৭৫০ গৰাকী মানুহে কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিচাৰিছে৷ ৰাজীৱ ভৱনলৈ হাজাৰ হাজাৰ মানুহ আহিছে৷ সেইদিনা মানুহ ডেৰ ঘণ্টা যান-জঁটত আবদ্ধ হৈছে৷ কিন্তু মানুহে আপত্তি কৰা নাই৷ মানুহে কৈছে কংগ্ৰেছ দল শক্তিশালী হওক৷ কংগ্ৰেছৰ চৰকাৰ হোৱাটো বিচাৰিছে মানুহে৷ বিহপুৰীয়া, হাওৰাঘাট সকলোতে মানুহেই মানুহ৷ কিন্তু বিজেপিৰ দৰে আমি ৫০০ টকা দি মানুহ অনা নাই৷ মহিলাসকলক আঁচনি কাটি দিয়াৰ ভাবুক দি সভালৈ মানুহ আনে বিজেপিয়ে৷ বহু মহিলাই আজিও বিজেপিৰ সভালৈ গৈয়ে আছে অৰুণোদয় পোৱা নাই, বেলেগ আঁচনি পোৱা নাই৷ কিয়নো এনে আঁচনিবোৰ বিজেপিয়ে দুখীয়া মানুহক দিয়া নাই কেৱল বিজেপি কৰা মানুহৰ মাজত বিতৰণ কৰিছে৷ বিজেপি কৰা মানুহৰ ঘৰত পাঁচটা পাঁচটা আঁচনি পাইছে৷ গৌৰৱ গগৈয়ে অসমৰ ৰাইজক কথা দি কয় যে আগন্তুক দিনত কংগ্ৰেছ চৰকাৰ আহিব৷ এতিয়াৰ আঁচনি তেতিয়াও থাকিব৷ কিন্তু আঁচনিৰ নামত কেলেংকাৰী নহয়৷ আঁচনিৰ নামত বিধায়কক টকা দিব নালাগিব৷ আমি নাচাও কোন কংগ্ৰেছ, কোন বিজেপি৷ কেৱল দুখীয়াই আঁচনি পাব৷ কংগ্ৰেছৰ সভালৈ আহিলে আঁচনিৰ পৰা নাম কৰ্তন কৰা যাব বুলি ভাবুকি দিয়ে৷ ইমান সাহস ক’ৰ পৰা পালে৷ হিমন্ত বিশ্বই অসমৰ মহিলাক ভাবুকি দিয়াৰ সাহস ক’ত পালে৷ পূৰ্বতে মহিলাই চাকৰি পাবলৈ অনৈতিক কাম কৰিছিল বুলিও কৈছিল হিমন্ত বিশ্ব শৰ্মাই৷ এইধৰণে অশ্লীল, অভদ্ৰ কথা ক’বলৈ হিমন্ত বিশ্ব শৰ্মাই সাহস ক’ত পাইছে৷ বিজেপিৰ কৰ্মীক দিছে ১২৫০ টকা৷ নিজৰ পত্নীৰ নামত থকা চেনেলক কোটি কোটি টকাৰ বিজ্ঞাপন দিছে৷ অসমত ইমান চেনেল আৰু কাকত আছে৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা চেনেলে ইমান বিজ্ঞাপন কিয় পায় তাৰ হিচাপ আমাক লাগিব৷ কংগ্ৰেছ চৰকাৰ আহিলে সকলো হিচাপ হ’ব৷ হিমন্ত বিশ্বই ক’ত ক’ত মাটি লৈছে, সেই মাটি কাঢ়ি লৈ জনসাধৰণৰ মাজত বিতৰণ কৰিম৷ জাতি, মাটি বচাবলৈ আমি একত্ৰিত হ’ব লাগিব- কয় গৌৰৱ গগৈয়ে৷ নৱনিযুক্ত অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কীয়ে সভাত অংশ লৈ অসমত আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰি কয় যে অসমত এতিয়া এখন ভ্ৰষ্টাচাৰীৰ চৰকাৰ চলি আছে৷ কেৱল কেইজনমান মানুহে চৰকাৰৰ ধন লুটি-পুতি খাইছে বুলি অভিযোগ আনি দুৰ্নীতগ্ৰস্তক খেদিবলৈ সকলো লোকক কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহঃ তত্ত্বাৱধায়ক মনোজ চৌহানে উদাত্ত কণ্ঠে ভাষণ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনগণক বুজি পাবলৈ প্ৰয়াস কৰাৰ আহ্বান জনায়৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক’ৰ পৰা ৰাজনীতিলৈ আহিছে সেই কথা জানিব লাগিব৷ ১৯৯১ চনত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ অভিযুক্ত আছিল হিমন্ত বিশ্ব শৰ্মা৷ অহংকাৰ আৰু ভ্ৰষ্টাচাৰত ডুবি আছে৷ তেওঁ কয়লা, চুপাৰি, মাটি, গৰুৰ চিণ্ডিকেট চলাইছে৷ যাৰ বাবে ভ্ৰষ্টাচাৰীৰ চৰকাৰৰ পতন কৰিবলৈ আগন্তুক দিনত কংগ্ৰেছ দলক ভোট প্ৰদান কৰি চৰকাৰ গঠনৰ সুযোগ দিয়াৰ আহ্বান জনায় চৌহানে৷ সভাত ভাষণ প্ৰদান কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বৰদলৈয়ে বিজেপি আৰু আৰএছএছ অসমক ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে চ্যাওলুং চ্যুকাফাই অসমক এক লগ কৰিছিল৷ যেতিয়া ব্ৰিটিছে অসমক শাসন কৰিবলৈ আৰম্ভ কৰিলে৷ স্বাধীনতা আন্দোলন আৰম্ভ হ’ল৷ কংগ্ৰেছ বৰ অসমখনক ৰক্ষণা-বেক্ষণ দিছিল৷ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশাল জনসভাত ভাষণ প্ৰদান কৰি বিজেপি দলৰ সাংগো-পাংগো আৰু বিজেপিৰ সৈতে থকা পুঁজপতি সকলে অসমৰ মাটি ক্ৰয় কৰি থকাৰ অভিযোগ আনে৷ তেওঁ কয় যে আজি বিজেপিয়ে অসমৰ মানুহক ভূমিহীন কৰিছে৷ অসমত আজি যিবোৰ আঁচনি হৈছে সেইবোৰ বিজেপিৰ কেইজনমান পুঁজিপতিৰ বাবে কৰা হৈছে গুৰুতৰ অভিযোগ আনে দেৱব্ৰত শইকীয়াই৷ আনহাতে ধুবুৰীৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ‘গেল এ গেল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গেল’ বুলি ভাষণ প্ৰদান কৰি কয় যে অসমৰ মানুহে অহংকাৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিদায় দিব৷ ইমান অংহকাৰ আৰু মানুহক অত্যাচাৰ কৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে বিদায় দিবলৈ সাজু হৈছে বুলি উল্লেখ কৰে হুছেইনে৷ সভাত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ গঠন হোৱাত কোনোৱেও বাধা দিব নোৱাৰে বুলি উল্লেখ কৰি অসমৰ ৰাইজক একত্ৰিত হ’বলৈ আহ্বান জনায়৷ সভাত মেঘালয়ৰ সাংসদ চেলেং এ চাংমা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা শিৱামণি বৰা, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰসহ কেইবাখনো জিলাৰ সভাপতি উপস্থিত থাকে।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0044
Press Release - English
Massive Congress Rally Held at Moranjana (Rangia), Gaurav Gogoi Launches Scathing Attack on Himanta Biswa Sarma Government
Guwahati, 24 January: Addressing a massive public rally organised by the Assam Pradesh Congress Committee (APCC) at Hatikholia Ground, Moranjana, near Rangia, in the presence of nearly twenty thousand people, APCC President Gaurav Gogoi launched a blistering attack on the Himanta Biswa Sarma-led BJP government, branding it a government of “vote thieves, land thieves, cattle thieves and water thieves.”
Speaking at the rally, Gogoi once again raised the central political question before the people of Assam—“Who is Himanta Biswa Sarma?” He said the responsibility of Congress workers begins from today, as the people of Assam are looking towards the Congress to reach out to them directly.
Gogoi stressed the need to form small outreach teams comprising youth and women. “Youth groups must speak to the youth, women’s groups must speak to women. They must go door to door and explain the present situation to the people. These groups must reach out to different communities. Until we reach the people through such small groups, our work will remain incomplete,” he said. From the rally itself, Gogoi instructed MLAs, state leaders and leaders of various communities to immediately form such groups.
He said the real face of Himanta Biswa Sarma must be exposed before the people of Assam. “There is an earthquake within the BJP over one question raised in Congress meetings—Who is Himanta Biswa Sarma? Once my father, Tarun Gogoi, asked ‘Who is Ajmal?’ Today, the people of Assam must ask—Who is Himanta Biswa Sarma?”
Gogoi said that although Himanta projects himself as a powerful leader, in reality he is politically unstable. “He started with AASU, jumped to Congress when AASU faced trouble, and jumped to the BJP when Congress was in difficulty. When the BJP government falls, he will again want to return to Congress,” he said. Addressing party workers, Gogoi asked whether Himanta should ever be taken back. When workers unanimously said no, Gogoi declared, “From this very rally today, I announce that Himanta Biswa Sarma will never be allowed back into the Congress.”
Referring to Congress leader Rahul Gandhi, Gogoi said that Rahul Gandhi has clearly stated that once a Congress government is formed, Himanta Biswa Sarma will have to go to jail for his sins, injustice, arrogance and corrupt governance. “Even if he goes to Rahul Gandhi seeking forgiveness, we must not allow him to return to the Congress,” he added.
Calling Himanta Biswa Sarma a habitual liar, Gogoi said Assam has seen great Chief Ministers like Gopinath Bordoloi, Bimala Prasad Chaliha and Bishnuram Medhi, but never a Chief Minister as deceitful as the present one. “He once criticised the Tarun Gogoi government for taking a loan of ₹10,000 crore, but today he has burdened the people with a debt of ₹1.5 lakh crore,” Gogoi said.
He alleged that while land has been handed over to big corporates like Adani and Ambani at throwaway prices, the government is extracting money from poor people through toll gates. “Highways in Assam are in pathetic condition, yet toll gates have mushroomed everywhere, harassing the poor,” he said, adding that massive potholes make it unsafe even to drive at moderate speed.
Gogoi accused the BJP of practising politics in the name of religion. “Himanta Biswa Sarma does politics in the name of Hinduism, yet appoints people involved in cattle syndicates as ministers,” he said. Referring to alleged cattle scams and syndicates in coal, sand and stone, Gogoi claimed that the key to all these syndicates lies in Dispur and the Chief Minister’s residence.
On land issues, Gogoi said that while ordinary people fail to get land under government schemes, BJP leaders are competing over who owns more land. “There is now a competition between ‘Mami’ and Ashok Singhal over who has more land. From what I understand, Ashok Singhal seems to be slightly ahead,” he remarked. He also alleged large-scale land brokerage by BJP leaders and claimed that the biggest land broker today is sitting in Dispur.
Gogoi alleged that in Amingaon, highways were diverted at will to increase the value of the Chief Minister’s land, making land unaffordable for common people in North Guwahati. He warned that if the BJP returns to power, land will remain neither in the name of the people nor the state, but will be transferred to corporates and BJP leaders.
He further alleged that in Dhekiajuli, land belonging to a women’s association has been occupied by a minister’s wife. “The BJP is now panicking because the truth is coming out. That is why they are holding Zoom meetings and issuing instructions on how to cut indigenous votes,” Gogoi said, alleging vote manipulation in government offices.
Recalling his political journey since 2011, Gogoi said that despite repeated warnings about corruption, Tarun Gogoi treated Himanta Biswa Sarma like a guardian and tried to reform him. “But Himanta stabbed his political guru, the architect of modern Assam, in the back,” he said. He recalled how Tarun Gogoi had once warned Sarbananda Sonowal that the same person who betrayed him would one day betray Sonowal as well.
Gogoi also alleged that Himanta Biswa Sarma came to the BJP by seeking blessings from Siddhartha Bhattacharya, only to later marginalise him within the party.
Highlighting growing public support for the Congress, Gogoi said hundreds of people are coming to Rajiv Bhawan every day seeking party tickets. “People want a Congress government. Unlike the BJP, we do not bring people to rallies by paying money or threatening to cut welfare schemes,” he said. He alleged that BJP distributes schemes only among party supporters and intimidates women beneficiaries.
Gogoi assured the people that if a Congress government is formed, welfare schemes will continue without corruption. “There will be no scams in the name of schemes, and no MLA will be allowed to take money. Only the poor will benefit,” he said. He also alleged misuse of public funds through advertisements given to a channel owned in the name of the Chief Minister’s wife and promised a full audit once Congress comes to power.
Calling upon the people to unite to save land and identity, Gogoi said land grabbed illegally would be recovered and distributed among the public.
Addressing the rally, newly appointed APCC observer and former Jharkhand minister Bandhu Tirkey said Assam is currently under a corrupt government and appealed to people to support Congress to bring about change. AICC Secretary and APCC Co-Incharge Manoj Chauhan alleged that Himanta Biswa Sarma is deeply involved in multiple syndicates and urged voters to defeat the corrupt regime.
Nagaon MP Pradyut Bordoloi, Leader of the Opposition Debabrata Saikia, Dhubri MP Rakibul Hussain, and former APCC President Ripun Bora also addressed the rally, strongly criticising the BJP and expressing confidence that a Congress government will be formed in Assam.
The rally was attended by Meghalaya MP Saleng A. Sangma, MLAs Rekibuddin Ahmed and Shivamani Bora, APCC Working President and MLA Zakir Hussain Sikdar, APCC Mahila Congress President Mira Borthakur, and several district Congress presidents.
— Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0044