মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত নিৰ্বাচনী পৰ্যবেক্ষক ভূপেশ বাঘেল, বন্ধু তিৰ্কীৰ সংবাদমেল

Published on
Tue, 01/20/2026 - 19:04

▪️মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে মিলি সম্পত্তিৰ পাহাৰ গঢ়িছেঃ ভূপেশ বাঘেল
▪️২০২৬ৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলসমূহৰ মাজত মিত্ৰতা হ’বই হ’বঃ গৌৰৱ গগৈ
▪️'অসমীয়া মই বৰ অসমৰ' শীৰ্ষক 'নতুন বৰ অসম অভিযান’ৰ মিউজিক ভিডিঅ’ মুকলি,
▪️মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ দেৱালৰ পৰা 'নতুন বৰ অসম অভিযান’ৰ দেৱাল লিখনৰ শুভাৰম্ভ

গুৱাহাটী, ২০ জানুৱাৰীঃ অসম চাহ, এশিঙীয়া গঁড়, ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বাবে বিখ্যাত। এনে এখন সুজলা-সুফলা অসমক এতিয়া হকে-বিহকে ঋণ লৈ ভালপোৱা এজন অভদ্ৰ আৰু দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামেৰেও জনা যায়। এয়া সমগ্ৰ অসমবাসীৰ বাবেই দুৰ্ভাগ্যৰ কথা। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সংবাদমেলত আজি এইদৰে কয় চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমত কংগ্ৰেছ দলৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা ভূপেশ বাঘেলে। ''মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। অসমৰ যিখন জিলালৈকে যোৱা যায় সেইখন জিলাতে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি-সম্পত্তি আছে। আনকি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাতো মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সম্পত্তি হস্তগত কৰাৰ খবৰ ওলাইছে।’’- নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা সম্পত্তিৰ পৰিমাণলৈ চালেই সকলো কথা স্পষ্ট হৈ পৰে বুলি উল্লেখ কৰি এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয় যে ২০০৬ চনত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামা অনুযায়ী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি আছিল ১ কোটি। ২০১১ চনত সেয়া ৩ কোটি আৰু ২০১৬ চনত ৬ কোটি হয়গৈ। ২০১৬ৰ ৬ কোটিৰ পৰা এতিয়া একেকোবে সম্পত্তি হৈছেগৈ ১৭ কোটি। মুখ্যমন্ত্ৰীগৰাকীয়ে সংঘটিত কৰা দুৰ্নীতি-অনিয়মৰ উমান ইয়াতেই পাব পাৰি বুলিও কয় বাঘেলে। প্ৰসংগক্ৰমে বাঘেলে ২০১৪ চনত বিজেপিয়ে গুৱাহাটীত সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতা আখ্যা দিয়াৰ বিষয়টোও উল্লেখ কৰে। ''যাক বিজেপিয়ে আটাইটকৈ ভ্ৰষ্টাচাৰী আখ্যা দিছিল সেইজনেই পিছত বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই নিকা হৈ গ’ল। সেয়ে হিমন্ত বিশ্ব শৰ্মা এতিয়া ভ্ৰষ্টাচাৰী নেতা হয় নে নহয় বুলি অমিত শ্বাহক সাংবাদিকে প্ৰশ্ন কৰাত এনে প্ৰশ্ন সুধিব নালাগে বুলি কৈছিল। জনতাই পিছে এই কথা বিজেপিক সুধিয়েই থাকিব।’’-২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে এই সকলোবোৰ দুৰ্নীতিৰ এটা এটাকৈ হিচাপ লোৱা হ’ব বুলি উল্লেখ কৰি এইদৰে কয় বাঘেলে। 

সংবাদমেলত উপস্থিত থকা আন এগৰাকী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয় যে অসমত হিমন্ত বিশ্বই হিটলাৰৰ দৰে শাসন চলাইছে। ''গুৱাহাটীলৈ আহিয়েই এখন হোটেলত চাহ খাবলৈ সোমাওতে দুই-এজনৰ সৈতে কথা পাতিলো। কথা পাতি বুজি পালো যে অসমৰ ৰাইজে এইখন ভ্ৰষ্টাচাৰী চৰকাৰক ওফৰাই পেলাবলৈ মন বান্ধি লৈছে।’’-এইবাৰৰ যুদ্ধ অসমৰ জনতাৰ বাবে জীৱন-মৰণৰ যুদ্ধ বুলি উল্লেখ কৰি এইদৰে কয় তিৰ্কীয়ে। 

ইফালে, আজিৰ এই সংবাদমেলত মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এইবাৰৰ নিৰ্বাচনত বিৰোধী দলসমূহৰ মাজত মিত্ৰতা হ'বই হ'ব। গগৈয়ে কয়, ''বিজেপিতহে মিত্ৰতাক লৈ খেলিমেলি লাগি আছে। বিজেপিয়ে ৰাভা হাছঙত মিত্ৰতা কৰিব নে নাই সেয়া ঠিৰাং কৰিব পৰা নাই। বিটিচিত হাগ্ৰামা মহিলাৰীৰ লগত থাকিব নে প্ৰমোদ বড়োৰ লগত থাকিব সেই সিদ্ধান্তও ল’ব পৰা নাই। অগপৰ সৈতেও বুজাবুজি কৰিব পৰা নাই।’’ তেওঁ আৰু কয় যে বিজেপিত টিকট পাবলৈ হ'লে সৰ্বানন্দ সোণোৱালক বদনামী কৰা লোকেহে এতিয়া গুৰুত্ব লাভ কৰে। সোণোৱাল-হিমন্তৰ মাজত চলি থকা শীতল যুদ্ধৰ চৰ্চা নাইকিয়া কৰিবলৈহে একাংশ লোকে জিতেন্দ্ৰ সিঙক লৈ অপপ্ৰচাৰ চলাইছে বুলিও কয় গৌৰৱ গগৈয়ে। আনহাতে ৰাজ্যসভাৰ খালী হ’বলগীয়া আসনখনক লৈ কংগ্ৰেছ দলে বিশেষ গুৰুত্ব দিয়া নাই বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়, ''ৰাজ্যসভাত জিকিবলৈ হ'লে এআইইউডিএফৰ লগত মিত্ৰতা কৰিব লাগিব। আমি স্পষ্ট কৰি দিছো যে এআইইউডিএফৰ সৈতে কংগ্ৰেছ দলে কোনো কাৰণতে মিত্ৰতা নকৰে। গতিকে বিষয়টো আমি পিছলৈ ভাবিম।’’

শেহতীয়া নিৰ্বাচনী সমীক্ষাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে কংগ্ৰেছ দলে জনসাধাৰণৰ ছাৰ্ভেকহে বিশ্বাস কৰে। ''সমীক্ষাবোৰ চলি থাকিব। যোৰহাট লোকসভা নিৰ্বাচনতো মই ৩ লাখ ভোটত পৰাস্ত হ’ম বুলি ছাৰ্ভে ওলাইছিল। পিছত সেই ছাৰ্ভেৰ কি হ’ল সকলোৱে দেখিছেই।’’-গগৈয়ে কয়। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰক লৈ বিজেপিয়ে বিতৰ্ক কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে। তেওঁ কয়, ''মই কোনো উন্নয়নৰ বিৰোধী নহয়। কিন্তু সেই উন্নয়ন হ’ব লাগিব বহনক্ষম উন্নয়ন। এলিভেটেড ক’ৰিডৰ নিৰ্মাণৰ ফলত হ’বলগীয়া পাৰিপাৰ্শ্বিক প্ৰভাৱৰ বিষয়ে ভালকৈ অধ্যায়ন নচলোৱাকৈ নিৰ্মাণ কাৰ্য চলালে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে অধিক।’’ তেওঁ আৰু কয় যে এই ক’ৰিডৰৰ পৰা মুখ্যমন্ত্ৰীৰ পকেট মানী ওলাব। সেয়ে মূল মূল কথাবোৰ কোৱা বাবেই মুখ্যমন্ত্ৰী ক্ষুন্ন হৈছে বুলিও কয় গগৈয়ে। বিজেপিৰ কাম-কাজ আৰু নীতিসমূহক লৈ তেওঁলোকৰে মিত্ৰতাত থকা দলসমূহো সন্তুষ্ট নহয় বুলিও কয় গগৈয়ে। সেয়ে হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিতে প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ অভিযোগ দিছে বুলিও গগৈয়ে মন্তব্য কৰে। আনহাতে, তথ্য আৰু জনসংযোগ সঞ্চালকালয় চমুকৈ ডিআইপিআৰৰ তালিকাভুক্ত হৰ্ডিং-বেনাৰ লগোৱা এজেন্সীসমূহৰ উপৰিও তালিকাভুক্ত নোহোৱা এজেন্সীসমূহকো চৰকাৰী প্ৰচাৰৰ কামত নিয়োগ কৰিবলৈ নিৰ্দেশনা দিয়া এখন পত্ৰৰ কথাও সংবাদমেলত ৰাজহুৱা কৰে গগৈয়ে। তেওঁ কয় যে জনতাই বিজেপি চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু অনিয়মত অতিষ্ঠ হৈছে বুলি বুজি পায়েই এইবোৰ কৰিবলগীয়া হৈছে। এইবাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ উমান আগতীয়াকৈ পাইছে বাবেই ভোট কৰ্তন কৰিবলৈ উঠি-পৰি লাগিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এজনো যোগ্য ভোটাৰে যাতে ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈকো গগৈয়ে আহ্বান জনায়। 

উক্ত সংবাদমেলতে 'অসমীয়া মই বৰ অসমৰ' শীৰ্ষক 'নতুন বৰ অসম অভিযান’ৰ এটা মিউজিক ভিডিঅ’ মুকলি কৰে। লগতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ দেৱালত দেৱাল লিখন অভিযানৰো শুভাৰম্ভ কৰে। 

আজিৰ এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়ৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰা, আছিফ নজৰ, নুৰুল হুদা, আব্দুৰ ৰহিম আহমেদ, আব্দুল বাতেন খণ্ডকাৰ, ছোৱাহান আলী সৰকাৰো উপস্থিত থাকে। সংবাদমেলখনৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। 

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0038

▪️ Election Observers Bhupesh Baghel and Bandhu Tirkey Address Press Conference at Manabendra Sharma Complex
▪️ Chief Minister Himanta Biswa Sarma and his wife Riniki Bhuyan Sarma have built a mountain of assets: Bhupesh Baghel
▪️ There will definitely be an alliance among opposition parties in the 2026 Assembly elections: Gaurav Gogoi
▪️ Music video of the “Natun Bor Asom Abhiyan” titled “Asomiya Moi Bor Asomar” released
▪️ Wall-writing campaign of the “Natun Bor Asom Abhiyan” launched from the walls of Manabendra Sharma Complex

Guwahati, January 20: Assam is famous for its tea, the one-horned rhinoceros, the Brahmaputra, Maa Kamakhya, Bharat Ratna Dr. Bhupen Hazarika and Zubeen Garg. Unfortunately, this beautiful and fertile land of Assam is now also being known for a rude and corrupt Chief Minister, Himanta Biswa Sarma, who is allegedly building his empire by taking loans recklessly. This is a matter of misfortune for the people of Assam. These remarks were made today by former Chhattisgarh Chief Minister and Congress election observer for Assam, Bhupesh Baghel, at an important press conference held at the Manabendra Sharma Complex in Guwahati.

“Chief Minister Himanta Biswa Sarma and his wife Riniki Bhuyan Sarma have built a mountain of assets. Whichever district of Assam one goes to, properties belonging to the Chief Minister and his wife are found there. There are even reports that the Chief Minister and his family have acquired property in Sixth Schedule areas as well,” Baghel said. Referring to the asset declarations submitted to the Election Commission, he added that everything becomes clear by simply looking at those figures.

Baghel pointed out that according to the affidavit submitted to the Election Commission in 2006, Himanta Biswa Sarma’s assets stood at ₹1 crore. In 2011, they rose to ₹3 crore, and in 2016 to ₹6 crore. From ₹6 crore in 2016, his assets have now skyrocketed to ₹17 crore. “This itself gives an indication of the corruption and irregularities committed by the Chief Minister,” Baghel said. He also recalled that in 2014, the BJP had held a press conference in Guwahati branding Himanta Biswa Sarma as the most corrupt leader. “The person whom the BJP had once called the most corrupt later entered the BJP’s ‘washing machine’ and emerged clean. That is why when journalists asked Amit Shah whether Himanta Biswa Sarma is corrupt or not, he said such questions should not be asked. But the people will keep asking the BJP these questions,” Baghel remarked. He further stated that when a Congress government comes to power in 2026, every single act of corruption will be accounted for.

Another observer present at the press conference, Bandhu Tirkey, said that Himanta Biswa Sarma is ruling Assam like Hitler. “As soon as I arrived in Guwahati, I went into a hotel to have tea and spoke to a few people. From our conversation, I understood that the people of Assam have made up their minds to overthrow this corrupt government,” Tirkey said. Calling this election a do-or-die battle for the people of Assam, he added that the fight this time is a matter of life and death for the common people.

Meanwhile, responding to a question from journalists regarding alliances, APCC President Gaurav Gogoi said that there will definitely be an alliance among opposition parties in the coming election. “It is the BJP that is confused about alliances. The BJP has not been able to decide whether it will form an alliance in Rabha Hasong or not. It has also failed to decide whether it will stay with Hagrama Mohilary or Pramod Boro in BTC. It has not been able to come to an understanding even with the AGP,” Gogoi said. He further alleged that within the BJP, only those who malign Sarbananda Sonowal are now being given importance for ticket distribution. Gogoi also said that to suppress talk of the cold war between Sonowal and Himanta, a section of people is spreading misinformation about Jitendra Singh.

On the vacant Rajya Sabha seat, Gogoi said that the Congress is not giving it much importance at the moment. “To win the Rajya Sabha seat, an alliance with AIUDF would be required. We have made it clear that under no circumstances will the Congress form an alliance with AIUDF. Therefore, we will think about that later,” he said.

Replying to a question on recent election surveys, Gogoi said that the Congress only believes in people’s surveys. “Surveys will keep coming. Even during the Jorhat Lok Sabha election, surveys had predicted that I would lose by three lakh votes. Everyone saw what eventually happened to those surveys,” he said.

Reacting to the controversy raised by the BJP over the Kaziranga elevated corridor, Gogoi said, “I am not against development. But development must be sustainable. If construction work is carried out without properly studying the environmental impact of the elevated corridor, the consequences may be counter-productive.” He further alleged that the corridor would fill the Chief Minister’s pockets, and that is why the Chief Minister is upset because he is speaking the truth. Gogoi also said that even the BJP’s alliance partners are unhappy with the party’s functioning and policies, and that is why Hagrama Mohilary directly complained to the Prime Minister in the presence of the Chief Minister.

Gogoi also made public at the press conference a letter issued by the government directing that, apart from DIPR-empanelled hoarding and banner agencies, non-empanelled agencies should also be engaged for government प्रचार work. He said this shows that the people are fed up with the BJP government’s corruption and irregularities, and that the government has already sensed its defeat in the coming election. That is why, he alleged, it is desperately trying to manipulate and cut votes. Gogoi also appealed to ensure that not a single eligible voter is deprived of their voting rights.

At the same press conference, the music video of the “Natun Bor Asom Abhiyan” titled “Asomiya Moi Bor Asomar” was released. The wall-writing campaign of the “Natun Bor Asom Abhiyan” was also formally launched from the walls of the Manabendra Sharma Complex.

At today’s press conference, AICC Secretaries in charge of Assam — Prithviraj Sathe, Manoj Chauhan and Vikas Upadhyay — were present, along with Leader of the Opposition in the Assam Legislative Assembly Debabrata Saikia, MP Rakibul Hussain, and MLAs Bhaskarjyoti Barua, Shivamani Bora, Asif Nazar, Nurul Huda, Abdur Rahim Ahmed, Abdul Baten Khandkar and Suwahan Ali Sarkar.

The press conference was moderated by Bedabrat Bora, Chairman of the Media Department, Assam Pradesh Congress Committee.

▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0038