মাধৱদেৱ বঁটা বন্ধ কৰি দিয়াত চৰকাৰক তীব্ৰ সমালোচনা ভূপেন বৰাৰ

Published on
Mon, 09/04/2023 - 19:11

ডিব্ৰুগড়ত সংবাদমেলত বিজেপি চৰকাৰৰ চাহ শ্ৰমিকক বঞ্চনা কৰাৰ ৫টা উদাহৰণ দিলে কংগ্ৰেছে

ডিব্ৰুগড়, ৪ ছেপ্টেম্বৰঃ মহাপুৰুষ মাধৱদেৱৰ পূণ্য তিথিৰ দিনাই মাধৱদেৱ বঁটা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা অনীহাত আশ্চৰ্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ডিব্ৰুগড়ত আজি এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কয় যে ২০০৫ চনৰ পৰা মাধৱদেৱ বঁটা আমি সদিচ্ছা নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা প্ৰদান কৰিছিলো আৰু ২০১০ চনত এই বঁটা চৰকাৰীভাৱে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল। তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰে নিয়মীয়াকৈ এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছিল। বিজেপি চৰকাৰ শাসনৈ অহাৰ পিছত জাতি, মাটি, ভেটিৰ কথা কৈ কেৱল মানুহক আৱেগিক কৰিলে। গুৰুজনাৰ নামত উৎসৰ্গিত বঁটা প্ৰদান কৰিবলৈকো পাহৰি থাকিল। বৰাই কয়, আমি সেই সময়ৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি মাধৱদেৱৰ নামত উৎসৰ্গিত এই বঁটা প্ৰদান কৰিবলৈ দাবী জনাও। পৰৱৰ্তী সময়ত সেই সময়ৰ ৰাজ্যপালে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাধৱদেৱৰ নামত প্ৰদান কৰা বঁটা দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। বিগত ৭ বছৰ মাত্ৰ এবাৰ এই বঁটা প্ৰদান কৰা হ’ল। ৰাজ্য চৰকাৰৰ যদি সদিচ্ছা নাই তেতিয়াহ’লে মুকলিকৈ জনাই দিয়ক, তেতিয়াহ’লে আমি নিজা উদ্যোগত পুনৰ মহাপুৰুষ মাধৱদেৱৰ নামত বঁটা প্ৰদানৰ ব্যৱস্থা হাতত ল’ম। বৰাই কয় যে বিজেপি চৰকাৰৰ দিনত মানুহৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে। উজ্জ্বলা আঁচনি সম্পূৰ্ণকৈ বাগানত ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি বৰাই কয় এইখন আঁচনিৰ দ্বাৰা বিজেপিৰ নেতা-কৰ্মীৰ লোকহে উজলিছে। সেইবাবে চাহ শ্ৰমিকসকলে এতিয়া উজ্জ্বলা আঁচনিৰ নাম নজ্বলা বুলি ঘোষণা কৰিছে। চাহ শ্ৰমিকে এতিয়া চিলিণ্ডাৰ কিনাৰ সামৰ্থ্য নাই বুলি কয় যে উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ ওপৰত এতিয়া ৰাইজে বয়-বস্তু থয়। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই বৰাই কয় যে আপুনি আমাৰ লগত উজনি অসমৰ বাগিচালৈ আহক আৰু আমি দেখুৱাই দিম কেনেধৰণে এই লোকসকলক বঞ্চনা কৰা হৈছে। বৰাই আৰু কয় যে যোৱা ৮ দিনত তেওঁ ৩২ খন বাগিচাত ঘূৰি অৱস্থাৰ বুজ লৈছে। বাগানে বাগানে কাৰ্যসূচী সম্পূৰ্ণ হ’লে মুখ্যমন্ত্ৰীক চাহ বাগানৰ ৫০০ টা সমস্যাৰ তালিকা দিব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সদৰী কৰে। সংবাদমেলত বৰাই ৰাহুল তাঁতী নামৰ যুৱক এজনৰ গাঁৱলৈ যোৱা ২ কিলোমিটাৰ পথটোৰ দুৰৱস্থাৰ কথাও উল্লেখ কৰে। বাগানৰ শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হৈছে বুলিও তেওঁ সংবাদমেলত সদৰী কৰে। উদাহৰণ হিচাপে তেওঁ মহিলা চৰ্দাৰ নিবেদিতা তাঁতীৰ বিষয়ে উল্লেখ কৰে। বৰাই জনোৱা মতে নিবেদিতাৰ এমাহৰ উপাৰ্জন ২৪০০ টকা, কিন্তু তিনিমাহত বিদ্যুতৰ বিল আহে ২৫০০ টকা। সেয়ে নিবেদিতাৰ দৰে বহু পৰিয়ালে ফুট গধূলিতে ভাত খাই শুই থাকে। আনহাতে বহু পৰিয়ালে বিদ্যুৎ সংযোগ কাটি দিছে বুলিও তেওঁ জনায়। বাগানত বিজেপি চৰকাৰৰ বিফলতাৰ ৫ টা উদাহৰণ দাঙি ধৰি বৰাই কয় যে আমি চাহ শ্ৰমিকৰ চকুপানী মচিবৰ বাবে বাগানে বাগানে আহিছো। বিজেপিৰ নেতা-কৰ্মী ডিব্ৰুগড়লৈ আহে ৰিজ’ৰ্ট কিনিবলৈ বা চাহ বাগিচা কিনিবলৈ। অসম নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে। উত্তৰ প্ৰদেশৰ পিছতে অসমত নাৰীৰ স্থান অৱনমিত যদিও চৰকাৰে এই বিষয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অসমৰ নাৰীক সুৰক্ষিত কৰিবৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে। অসমৰ নাৰী সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ বৰাই আহ্বান জনায়।