কাৰ্বি পাহাৰৰ ১০০০ বিঘা মাটিৰ ৰহস্য কি? ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

Published on
Sun, 10/08/2023 - 20:42
  • কাৰ্বি পাহাৰৰ ১০০০ বিঘা মাটিৰ ৰহস্য কি? 
  • ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
  • তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ 
  • চিএম ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী

গুৱাহাটী, ৮ অক্টোবৰঃ কাৰ্বি আংলঙৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ৰুথে আলঙত ১০০০ বিঘা মাটি মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত আৱণ্টন দিবলৈ কাৰ্বিং আংলং জিলা পৰিষদে প্ৰস্তুতি চলোৱা বুলি যি বাতৰি প্ৰকাশ হৈছে সেই বাতৰিত আশ্চৰ্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা আৰু ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই আজি এক সংবাদমেলত ষষ্ঠ অনুসূচীৰ অধীনৰ এই ভূমি কিহৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত আৱণ্টনৰ প্ৰস্তুতি চলোৱা হৈছে সেই বিষয়ে এক ন্যায়িক তদন্তৰ দাবী কৰে। যিসমূহ বাতৰি বা অডিঅ’ ইতিমধ্যে সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছে সেইসমূহৰ সত্যাসত্যা বিচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই বিবৃতিটোক বৰা আৰু কলিতাই কয় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ ৰুথে আলঙত ১০০০ বিঘা মাটিত যি নিৰ্মাণ কাৰ্য আৰু আন্তঃগাথনি উন্নয়নৰ কাম চলি আছে তাত কোনো আঁচনিৰ নাম ফলক উল্লেখ নাই। সেই ভূমি মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত আৱণ্টিত কৰিবলৈ স্বায়ত্ত শাসিত পৰিষদে চেষ্টা চলোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে পূৰ্বেও মাটি অধিগ্ৰহণ আৰু কৃষিভূমি উদ্যোগভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগসমূহৰ কোনো তদন্ত আজিলৈকে ঘোষণা কৰা নহ’ল। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি আত্মীয়ৰ নামত কাম আৱণ্টন দি প্ৰায় ১০০ কোটি টকা অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰীয়ে সেই অভিযোগৰ ওপৰত ভিত্তি কৰি চিএম ভিজিলেন্সৰ তদন্ত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল। আন নেতা বা অন্যান্য লোকসকলৰ ক্ষেত্ৰত সামান্য অভিযোগ পালেই চিএম ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰোৱা মুখ্যমন্ত্ৰীয়ে তুলিৰাম ৰংহাঙৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে বুলিও বৰা আৰু কলিতাই উল্লেখ কৰে। ৰংহাঙৰ বিৰুদ্ধে তদন্ত কৰিলে ওলোটাই ৰংহাঙে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধেও চিএম ভিজিলেন্স লগাব লাগে বুলি দাবী উত্থাপন কৰিব পাৰে বুলি ভয় খাইছে নেকি বুলিও প্ৰশ্ন কৰে কংগ্ৰেছৰ নেতা দুগৰাকীয়ে। এই সমগ্ৰ অভিযোগৰ এক ন্যায়িক তদন্তৰ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে উত্থাপন কৰা বুলি আজি সংবাদ মেলত দুয়োজন নেতাই উল্লেখ কৰে।