▪️ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিশেষ গুৰুত্বপূৰ্ণ সংবাদমেল
▪️হিমন্ত বিশ্বৰ স্বৰূপ উদঙাই 'হু ইজ হিমন্ত বিশ্ব শৰ্মা’ শীৰ্ষক ভিডিঅ’, টেম্পপ্লেট মুকলি
▪️হিমন্ত বিশ্বৰ মাটি-সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিবলৈ ৱেবছাইট, ফোন নম্বৰো মুকলি
▪️মোদী-শ্বাহৰ আঁৰ লৈ অসমক বিক্ৰী কৰিবলৈ উঠিপৰি লাগিছে হিমন্তইঃ ভূপেশ ৱাঘেল
▪️হিমন্ত বিশ্বৰ কু-কীৰ্তি উদঙাই দিয়াতো অসমৰ সংবাদ মাধ্যমৰ দায়িত্বঃ জিতেন্দ্ৰ সিং
▪️সংবাদমেলত দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, ভূপেন বৰাৰ অংশগ্ৰহণ
গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ হু ইজ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা কোন? ৰাজীৱ ভৱনত আয়োজিত এক বিশেষ সংবাদমেলযোগে আজি অসমবাসীৰ সমুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ উদঙাই দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। এই অনুযায়ী চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নিৰ্বাচনী পৰ্যবেক্ষক ভূপেশ ৱাঘেল, অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলৰ আৰম্ভণিতে ''হু ইজ হিমন্ত বিশ্ব শৰ্মা’’ শীৰ্ষক এটি ভিডিঅ’ মুকলি কৰা হয়। ভিডিঅ’ মুকলিৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ কুকৰ্মৰ বিষয়ে ৰাজ্যবাসীয়ে সহজে জানিব পৰাকৈ প্ৰকাশ কৰি উলিওৱা QR কোডযুক্ত 'টেম্পপ্লেট’ উন্মোচন কৰা হয়। ভিডিঅ’টোত হিমন্ত বিশ্ব শৰ্মাৰ ৭টা স্বৰূপ দাঙি ধৰা হৈছে। সেয়া হৈছে অভদ্ৰ আৰু অংহকাৰী মুখ্যমন্ত্ৰী, পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখলকাৰী, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী, জাতি-জনগোষ্ঠীক প্ৰতাৰণা কৰা প্ৰতাৰক, বিশ্বাসঘাতক ৰাজনীতিবিদ, সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আৰু অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক অপমান কৰা মুখমন্ত্ৰী। ভিডিঅ’ আৰু 'টেম্পপ্লেট’ৰ লগতে ৰাজহুৱা অভিযোগনামা মুকলিৰ পিছতে সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী আৰু পৰিয়ালৰ আন সদস্যৰ নামত অসমৰ চুকে-কোণে ইমানেই মাটি-সম্পত্তি ক্ৰয় কৰিছে যে তাৰ প্ৰকৃত পৰিমাণ আজিও ভালকৈ জানিব পৰা হোৱা নাই। ইয়াৰ বাবে ৰাইজৰ সৈতে লগলাগি কংগ্ৰেছৰ এটা বিশেষ গোটে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও সংবাদমেলত সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই অনুসন্ধান ক্ষিপ্ৰতৰ হ’বৰ বাবে উক্ত সংবাদমেলতে whoishbs.com শীৰ্ষক এটি ৱেবছাইটো মুকলি কৰা হয়। ৱেবছাইট মুকলি কৰি গগৈয়ে কয়, ''এই ৱেবছাইটযোগে অসমৰ ৰাইজে নিজ নিজ অঞ্চলত হিমন্ত বিশ্ব শৰ্মাই ক্ৰয় কৰা সম্পত্তিৰ কোনো তথ্য পালে সেয়া আপলোড কৰিব পাৰিব। তেতিয়া আমি নিজে গৈ সেয়া চাই আহিম আৰু ৰাইজৰ সমুখত গোটেইখিনি তথ্য ফাদিল কৰিম।’’ মুখ্যমন্ত্ৰীৰ বেনামী সম্পত্তিৰ বিষয়ে কোনো তথ্য পালে সেয়া যাতে ফোনযোগে জনাব পাৰে তাৰবাবে এটি নম্বৰো ৰাজহুৱা কৰা হয়। এই নম্বৰটো হৈছে ৯১৩৩৪০০২০০। সংবাদমেলত গগৈয়ে কয়, ''এয়া পৰিৱৰ্তনৰ সময়। পৰিৱৰ্তন হ’লেহে মাটি সুৰক্ষিত হৈ থাকিব আৰু জাতি সুৰক্ষিত হৈ থাকিব। লগতে অসমৰ ৰাজনীতিৰ যি মূল্যবোধ সেয়া ৰক্ষা পৰিব।’’ তেওঁ আৰু কয় যে বৰ্তমানলৈ যিমানবোৰ তথ্য আহিছে সেই অনুযায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে নিজৰ নামত নিয়ম উলংঘা কৰি অসমৰ চুকে-কোণে প্ৰায় ১২ হাজাৰ বিঘা মাটি হস্তগত কৰি লৈছে। মাটি ক্ৰয় কৰিবৰ বাবে কেনেকৈ নিয়ম উলংঘা কৰি কৃষিভূমিক উদ্যোগভূমিলৈ সলনি কৰিছে সেই সকলো তথ্য অনাগত সময়ত ৰাজহুৱা কৰা হ’ব বুলিও সদৰী কৰে সভাপতি গগৈয়ে। তেওঁ আৰু কয়, ''বাৰম্বাৰ মিছা কথা কোৱা ব্যক্তিক অসমৰ ৰাইজে এইবাৰ মুঠেই নিবিচাৰে। অসমৰ ৰাইজে এতিয়া মিছলীয়া মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ বুজি পাইছে। ৰাইজে এতিয়া আৰু ভয় নকৰে। ৱেবছাইট, ফোনকলযোগে ৰাইজে এইবাৰ সাহসেৰে দুৰ্নীতিপৰায়ণ হিমন্ত বিশ্বৰ মুখা খুলি দিব।’’ সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে হিমন্ত বিশ্ব শৰ্মাক মহাঠগ আখ্যা দি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ এনে এগৰাকী ঘনিষ্ঠ নাই যাক ঠগা নাই৷ ৱাঘেলে কয়, ''হিমন্ত বিশ্বই সকলোকে ঠগাইছে আৰু পত্নী সহিতে এটা গেঙে অসমত লুণ্ঠনৰাজ চলাইছে৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আঁৰত থাকি অসমক বিক্ৰী কৰিবলৈ উঠিপৰি লাগিছে৷’’ এপষ্টেইন ফাইলৰ প্ৰসংগ উল্লেখ কৰি ভূপেশ ৱাঘেলে কয় যে প্ৰথমে এখন চিনেমা আহিছিল কাশ্মীৰ ফাইলছ, তাৰ পিছত আন এখন চিনেমা আহিছিল সেইখনৰ নাম আছিল কেৰালা ফাইলছ৷ বিজেপিৰ মানুহবোৰে ফাইলছ নামৰ চিনেমাৰ প্ৰচাৰত লাগি গৈছিল৷ কিন্তু এতিয়া বিশ্বজুৰি চৰ্চিত এপষ্টেইন ফাইলছ আহিছে৷ কিন্তু এপষ্টেইন ফাইলছৰ কথা চৰ্চা কৰিব নোখোজে বিজেপিয়ে৷ আজি হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী এপষ্টেইন ফাইলৰ বিষয়ে মুখ খুলিবলৈ সাজু নহয়৷ এপষ্টেইন ফাইলছত প্ৰধানমন্ত্ৰীৰ নাম সাঙোৰ খোৱাৰ পিছদিনাই আমেৰিকাৰ সৈতে চুক্তি সম্পন্ন হয়৷ ৫০ শতাংশ শুল্কৰ পৰা ২৫ শতাংশ কৰিলে৷ এতিয়া আকৌ ১৮ শতাংশ কৰিলে৷ ৱাঘেলে আৰু কয়, ''এয়া এপষ্টেইন ফাইলৰ সফলতা যে ৰাছিয়াৰ পৰা কম দামত সাৰুৱা তেল কিনাটো বন্ধ হ’ল, অপাৰেচন সিন্দূৰ বন্ধ হ’ল৷ এয়া এপষ্টেইন ফাইলৰ সফলতা যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সিদ্ধান্ত লৈছে যে ভাৰতে এতিয়াৰ পৰা ৰাছিয়াৰ পৰা নহয় ভেনিজুৱালাৰা পৰা তেল ক্ৰয় কৰিব লাগিব৷ ট্ৰাম্পে ঘোষণা কৰিছে যে ভাৰতে ১৮ শতাংশ শুল্ক দি তেল ক্ৰয় কৰিব৷’’ ট্ৰাম্পৰ সৈতে কৰা নতুন চুক্তিৰ ফলত ভাৰতৰ কৃষকৰ অৱস্থা তথৈবছ হৈ পৰিব বুলিও কয় ৱাঘেলে। ''আমেৰিকাৰ কৃষকৰ উৎপাদিত সামগ্ৰী ভাৰতলৈ আহিব আৰু ভাৰতৰ কৃষকে কষ্ট কৰিলেও জীৱন দুৰ্বিসহ হৈ পৰিব৷ সেইকাৰণে আমাৰ নেতা ৰাহুল গান্ধীয়ে কৈছে যে প্ৰধানমন্ত্ৰীয়ে আপোচ কৰিছে৷ অসমত যি কাম হিমন্ত বিশ্বই কৰিছে সেই একেই কাম দিল্লীত নৰেন্দ্ৰ মোদীয়ে কৰিছে৷ দুয়োজনৰে এটাই কাম৷ সকলো সম্পত্তি আম্বানি-আদানিক দিয়ক আৰু জনতাৰ জীৱন বিপদত পেলাওক৷’’ ৱাঘেলে কয়। এইখন ‘ডাবল’ ইঞ্জিনৰ চৰকাৰ নহয়, এইখন ‘ট্ৰাবোল’ দিয়া চৰকাৰ বুলি উল্লেখ কৰি ৱাঘেলে কয় যে এইখন চৰকাৰ সলনি কৰাৰ সময় আহি গ’ল৷ আজি সংবাদমেলত কংগ্ৰেছে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেই লৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিব নে নাই সেই কথাৰ প্ৰতি অসমৰ জনতাই দৃষ্টি দি আছে বুলিও কয় ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মাই অসমক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে৷ গৌৰৱ গগৈৰ দৰেই জিতেন্দ্ৰ সিঙে 'হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি আক্ৰমণ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই অসমক বিক্ৰী কৰিছে৷ অসমক বিক্ৰী কৰি ব্যৱসায় কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ জনতাৰ শত্ৰু৷ মামা-মামী, তেওঁৰ পৰিয়ালে ১২ হাজাৰ বিঘা ভূমি নিজৰ নামত কৰি লৈছে৷ পৰিয়ালৰ নামত ১৭টা কোম্পানী গঠন কৰি লৈছে৷ ৪০ হাজাৰ বিঘাতকৈ বেছি মাটি আদানি-আম্বানি, পতঞ্জলিক বিক্ৰী কৰিছে৷ হিমন্ত বিশ্ব শৰ্মা কাৰোৰে আপোন হৈ থাকিব নোৱাৰে৷ তেওঁ যাৰ ঘনিষ্ঠ হৈছে তাকেই পিঠিত ডেগাৰ মাৰিছে৷ তেওঁ কাৰোৰে আপোন নহয়৷ ৰাজনৈতিক গুৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ পিঠিত ডেগাৰ মাৰিছে৷ তৰুণ গগৈ মন্ত্ৰীসভাৰ তেওঁ মন্ত্ৰী আছিল৷ তেওঁ আছুৰো ঘনিষ্ঠ হ’ব নোৱাৰিলে৷ এনে এজন লোকক অসমৰ মানুহে ভৰষা কৰিব পাৰে নে বুলিও জিতেন্দ্ৰ সিঙে প্ৰশ্ন কৰে। ''তেওঁ অসম আৰু অসমৰ মানুহক বিক্ৰী কৰিছে৷ তেওঁ অসমত এইচবিএছ টেক্স লগাইছে৷ ৰাস্তাত সেঁতু নিৰ্মাণ কৰিলে এইচবিএছ টেক্স দিব লাগে৷ অট্টলিকা নিৰ্মাণ কৰিলে এইচবিএছ টেক্স দিব লাগে৷ অসমৰ ডাঙৰ ৫ গৰাকী ঠিকাদাৰৰ সৈতে লগলাগি আছে হিমন্ত বিশ্ব শৰ্মা৷ সেই ৫গৰাকী ঠিকাদাৰে সকলো ঠিকা লাভ কৰে৷ হিমন্ত বিশ্ব শৰ্মা কোন বুলি পুনৰ প্ৰশ্ন কৰি জিতেন্দ্ৰ সিঙে কয় যে হিমন্ত বিশ্বৰ বিৰুদ্ধে লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰী, পিএম সম্পাদা, উত্তৰ-কাছাৰ পৰিষদৰ কেলেংকাৰী কৰিছে৷’’-সিঙে কয়। তেওঁ অসমৰ নাম কিহৰ বাবে বিখ্যাত কৰিছে বুলি প্ৰশ্ন কৰি সিঙে কয় যে তেওঁক দেশৰ মানুহে জানে যে তেওঁ দেশৰ ভিতৰতে সকলোতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰীৰ বাবে অসমীয়াই আজি লজ্জানত হ’বলগীয়া হৈছে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে৷ জনজাতিকৰণৰ কথা ঘোষণা পত্ৰত উল্লেখ আছিল৷ কিন্তু ছয় জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিছে৷ উজনি অসমৰ জনজাতীয় নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক্ষমতাৰ বাবে মুখ্যমন্ত্ৰীৰ চকী আজুৰি লৈ আহে বুলিও কয় জিতেন্দ্ৰ সিঙে৷ অসমৰ প্ৰতিগৰাকী লোকে আজি নিজকে প্ৰতাৰিত হোৱা বুলি ভাবে৷ নিবনুৱাই সংস্থাপন নাপায়৷ স্কুলবোৰ বন্ধ কৰি থকা হৈছে৷ চাহ বাগান বিক্ৰী হৈ আছে৷ তেওঁ আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কুকীৰ্তি উদঙাই দিয়াতো ৰাইজ তথা সাংবাদিক সমাজৰ দায়িত্ব। আনহাতে, সংবাদমেলত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগোপাংগোসকলে তেওঁৰ বিষয়ে যিমানেই প্ৰচাৰ নকৰক কিয় অসমৰ ৰাইজে প্ৰকৃত কথাবোৰ ভালকৈয়ে জানে৷ শইকীয়াই কয়, ''হিমন্ত বিশ্ব শৰ্মা প্ৰকৃততে কোন সেই কথা আজি মুকলি কৰা ভিডিঅ’ত প্ৰচাৰ কৰা হৈছে৷ অনাগত দিনত বহু তথ্য জাৰি কৰা হ’ব৷ সকলো তথ্য ৰাইজৰ ওচৰলৈ লৈ যাম৷ ৰাইজে নিজেই সিদ্ধান্ত লওক৷ ২৫ বছৰে বিভিন্ন চৰকাৰত মন্ত্ৰী হৈ থাকি সফল মন্ত্ৰী হ’ব পাৰিছে নে নাই সেয়া ৰাইজে জানে। নিজৰ কথা নিজে প্ৰচাৰ কৰি মুখ্যমন্ত্ৰীয়ে নিজকে সফল কৰিব খোজে। অসমৰ যি আজি দুৰৱস্থা হৈছে তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী৷ আজি হিমন্ত বিশ্ব শৰ্মাই ‘কা’ৰ জৰিয়তে বিদেশী মাতি আনিলে৷ নিজৰে লোক নিৰ্মাণ বিভাগত দুৰ্নীতি হোৱাৰ কথা তেওঁ নিজেই স্বীকাৰ কৰিছে৷’’ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে। ইফালে, সাংবাদিকে পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীয়ে কৰি অহা অভিযোগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ''যদি কথাবোৰ ইমানেই গুৰুত্বপূৰ্ণ আছিল তেন্তে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি ইমান মাহ কি কৰি আছে? তেওঁৰ কথাত এতিয়া আৰু কোনেও গুৰুত্ব নিদিয়ে।’’ হিমন্ত বিশ্ব শৰ্মাই এইকেইদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুবাৰ অসমলৈ মাতিলে যদিও এবাৰো কিয় জুবিন ক্ষেত্ৰলৈ যাবলৈ অনুৰোধ নকৰিলে বুলিও প্ৰশ্ন কৰে গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালৰ কাষলৈ গৈ এবাৰ সমবেদনা জনাই মনৰ বেদনাৰ বুজ ল’বলৈ অনুৰোধ জনোৱা উচিত আছিল বুলিও কয় গৌৰৱ গগৈয়ে। উল্লেখ্য যে আজিৰ সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক ক্ৰমে পৃথ্বীৰাজ প্ৰভাকৰ সাথে, মনোজ চৌহান, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক শিৱামণি বৰা, ৱাজেদ আলী চৌধুৰী, একে ৰশ্বিদ, আব্দুছ ছোৱাহন আলী সৰকাৰকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে। সংবাদমেলখনৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0062
Press Release - English
▪️ Special, High-Importance Press Conference of the Assam Pradesh Congress Committee at Rajiv Bhawan
▪️ APCC President Gaurav Gogoi Opens Files on Alleged Corruption of Himanta Biswa Sarma
▪️ Video and Template Titled “Who Is Himanta Biswa Sarma?” Unveiled, Exposing the Real Face of Himanta Biswa
▪️ Website and Phone Number Launched to Make Public Information on Himanta Biswa’s Land and Assets
▪️ Himanta Is Desperately Trying to Sell Assam While Hiding Behind Modi–Shah: Bhupesh Baghel
▪️ Exposing Himanta Biswa’s Misdeeds Is the Responsibility of Assam’s Media: Jitendra Singh
▪️ Participation of Debabrata Saikia, Pradyut Bordoloi, Rakibul Hussain, Bhupen Bora, among others, in the Press Conference
Guwahati, 4 February: Who is Himanta Biswa Sarma? What is the real face of Himanta Biswa Sarma? Through a special press conference held today at Rajiv Bhawan, the Assam Pradesh Congress Committee (APCC) sought to expose before the people of Assam what it described as the true character of Chief Minister Himanta Biswa Sarma.
At the beginning of the press conference, held in the presence of former Chhattisgarh Chief Minister and election observer Bhupesh Baghel, All India Congress Committee (AICC) General Secretary in charge of Assam Jitendra Singh, and APCC President Gaurav Gogoi, a video titled “Who Is Himanta Biswa Sarma?” was unveiled. Following the release of the video, a QR-code-enabled template was launched to make information about the alleged misdeeds of the Chief Minister easily accessible to the public.
The video presents seven faces of Himanta Biswa Sarma: an arrogant and ill-mannered Chief Minister; one involved in family business and land grabbing; the most corrupt Chief Minister; a deceiver who has betrayed communities and ethnic groups; a traitor in politics; the most habitual liar among Chief Ministers; and a Chief Minister who insulted Assam’s heartthrob, Zubeen Garg.
Addressing the press conference after the release of the video, template, and a public complaint platform, APCC President Gaurav Gogoi stated that Chief Minister Himanta Biswa Sarma has acquired such a vast amount of land and property across Assam in the names of his wife and other family members that the actual extent is still not fully known. He said that, together with the people, a special Congress team is continuing its investigation into these acquisitions.
To accelerate this investigation, a website titled whoishbs.com was launched during the press conference. Gogoi said, “Through this website, the people of Assam can upload any information they have about properties purchased by Himanta Biswa Sarma in their respective areas. We will personally verify the information and place all facts before the public.”
A phone number was also made public for sharing information about alleged benami properties of the Chief Minister. The number is 9133400200. Gogoi said, “This is the time for change. Only change can protect land, safeguard communities, and preserve the values of Assam’s politics.”
He further claimed that, based on information received so far, Himanta Biswa Sarma and his family members have allegedly acquired around 12,000 bighas of land across Assam in violation of rules. He added that details on how agricultural land was converted into industrial land by flouting regulations would be made public in the coming days.
Gogoi remarked, “The people of Assam no longer want someone who repeatedly lies. The people now understand the true face of a deceitful Chief Minister. They are no longer afraid. Through the website and phone calls, the people will courageously expose the mask of corrupt Himanta Biswa Sarma.”
Former Chhattisgarh Chief Minister Bhupesh Baghel, who was present at the press conference, described Himanta Biswa Sarma as a “master conman,” stating that there is hardly anyone close to him whom he has not deceived. Baghel alleged that Himanta Biswa Sarma, along with his wife and a gang, is running a regime of loot in Assam while hiding behind Narendra Modi and Amit Shah, and is desperately trying to sell off Assam.
Referring to the Epstein files, Baghel said that after films like The Kashmir Files and The Kerala Files, which BJP leaders actively promoted, the globally discussed Epstein Files have now emerged—but the BJP does not want to talk about them. He claimed that both Himanta Biswa Sarma and Prime Minister Narendra Modi are unwilling to speak on the Epstein Files.
Baghel further alleged that after the Prime Minister’s name surfaced in connection with the Epstein Files, agreements with the United States were concluded, leading to tariff reductions from 50 percent to 25 percent and then to 18 percent. He claimed that the consequences of these agreements would severely affect Indian farmers, as American agricultural products would flood the Indian market, making farmers’ lives miserable.
Citing Rahul Gandhi, Baghel said the Prime Minister has “surrendered,” and alleged that what Himanta Biswa Sarma has done in Assam is the same as what Narendra Modi has done in Delhi—handing over everything to Ambani and Adani while putting people’s lives at risk. He termed the present dispensation not a “double-engine government” but a “trouble-engine government,” and said the time has come to change it.
AICC observer Jitendra Singh also accused Himanta Biswa Sarma of selling Assam. Echoing Gogoi, Singh said Himanta Biswa Sarma and his family have allegedly amassed 12,000 bighas of land, floated 17 companies in family members’ names, and sold over 40,000 bighas of land to Adani, Ambani, and Patanjali. He alleged that Himanta Biswa Sarma cannot remain loyal to anyone and has betrayed his political mentors, including former Chief Ministers Hiteswar Saikia and Tarun Gogoi.
Singh further alleged that Himanta Biswa Sarma is known across the country as one of the most corrupt Chief Ministers, has failed to fulfill promises such as granting Scheduled Tribe status to six communities, and has imposed what he called an “HBS tax” on infrastructure projects in Assam. He stated that exposing the misdeeds of Himanta Biswa Sarma is the responsibility of the people and the media.
Leader of the Opposition in the Assam Legislative Assembly, Debabrata Saikia, said that regardless of the propaganda surrounding Himanta Biswa Sarma, the people of Assam know the truth. He stated that more information would be released in the coming days and urged the public to judge for themselves. He added that Himanta Biswa Sarma has lost the moral right to continue as Chief Minister.
Responding to questions on allegations made by the Chief Minister regarding “Pakistan links,” Gaurav Gogoi said that if the issues were so serious, the government should explain what it had been doing for months. He also questioned why the Chief Minister, despite repeatedly inviting the Prime Minister to Assam, did not once request him to visit the field related to Zubeen Garg, and said the Prime Minister should have personally visited the family of the beloved artist to offer condolences.
The press conference was attended by MPs Pradyut Bordoloi and Rakibul Hussain, AICC secretaries and APCC co-incharges Prithviraj Prabhakar Sathe and Manoj Chauhan, former APCC president Bhupen Bora, APCC working president Zakir Hussain Sikdar, MLAs Shivamani Bora, Wazed Ali Choudhury, A.K. Rashid, Abdus Subahan Ali Sarkar, along with several senior leaders and workers. The press conference was moderated by APCC Media and Communications Department Chairman Bedabrat Bora.
▪️ Media & Communications Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0062