গুৱাহাটী, ১০ জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ সফলতাৰ অন্তত আজিৰে পৰা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ উদ্যোগত গুৱাহাটীত এই অভিযান আৰম্ভ হৈছে। গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অভিযানত আজি প্ৰথম দিনা প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰে। প্ৰদেশ কংগ্ৰেছে এক বিবৃতিযোগে জানিবলৈ দিয়া অনুসৰি নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকে মহানগৰীৰ কহুৱা বন ৰিজৰ্টত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। ইয়াৰ পিছতে শীৰ্ষ নেতৃত্বৰে গঠিত প্ৰদেশ কংগ্ৰেছৰ দলটোৱে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পদক জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি দিহা-পৰামৰ্শ গ্ৰহণ কৰে। বিয়লিৰ ভাগত দলটোৱে বিশেষ বাছেৰে নুনমাটি আৰু বামুণীমৈদামৰ বজাৰত সাধাৰণ জনতাৰ সৈতে ইস্তাহাৰ সম্পৰ্কে মত-বিনিময় কৰে আৰু মনৰ বুজ লয়। জানিব পৰা মতে, কাইলৈ উক্ত অভিযানৰ অংশ হিচাপে পুৱাৰ ভাগত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ ড০ দীনেশ বৈশ্যৰ ঘৰলৈ গৈ ইস্তাহাৰ সম্পৰ্কে পৰামৰ্শ গ্ৰহণ কৰিব। দিনৰ ১২ বজাত পুনৰ কহুৱা বন ৰিজৰ্টত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিভিন্ন দল-সংগঠন আৰু বিশিষ্ট নাগৰিকসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব। কাইলৈ এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইফালে, ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ মাজতে কাইলৈ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত সদ্যপদত্যাগী আমছু নেতা ৰেজাউল কৰিম সৰকাৰৰ লগতে কেবাজনো জনগোষ্ঠীয় নেতাই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0018
Press Release - English
▪️ ‘Raijor Padulit Raijor Congress’ campaign launched in Guwahati; interactions and consultations held with representatives of various organisations
Guwahati, January 10: Following the success of the ‘Raijor Padulit Raijor Congress’ campaign across different parts of the state, the campaign has now been launched in Guwahati from today under the initiative of the Pradesh Congress Election Manifesto Committee.
The two-day campaign in Guwahati began today, during which, on the first day, senior leaders of the Pradesh Congress held interactions with representatives of various organisations. According to a statement issued by the Pradesh Congress, Election Manifesto Committee Chairman Pradyut Bordoloi, Leader of the Opposition in the Assam Legislative Assembly Debabrata Saikia, Pradesh Mahila Congress President Mira Borthakur, and former MP Abdul Khaleque received suggestions from representatives of various organisations at Kahua Bon Resort in the city.
Subsequently, a Pradesh Congress delegation comprising senior leaders met Jayanta Baruah, proprietor of the Pratidin Group and publisher of Asomiya Pratidin, and sought his guidance and suggestions. In the afternoon, the team travelled by a special bus to the Nunmati and Bamunimaidam markets, where they interacted with the general public, exchanged views on the manifesto, and gathered public feedback.
As per information received, tomorrow, as part of the campaign, the Pradesh Congress leadership will visit the residence of eminent academician Dr Dinesh Baishya in the morning to seek suggestions on the manifesto. At 12 noon, the senior leadership will again hold consultations with representatives of various organisations and eminent citizens at Kahua Bon Resort. It has also been learnt that Pradesh Congress President Gaurav Gogoi will participate in the programme tomorrow.
Meanwhile, as part of the ‘Raijor Padulit Raijor Congress’ campaign, a large joining programme will be held tomorrow at the Manavendra Sharma Complex. At this event, recently resigned AAMSU leader Rezaul Karim Sarkar, along with several community leaders, will formally join the Congress party.
▪️ Media and Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0018