গোৱেব্বলছীয় নীতিৰে মিছাক সঁচা কৰাৰ অপচেষ্টা বিজেপি নেতাৰ

Published on
Thu, 08/31/2023 - 19:05

বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰত্যুত্তৰ কংগ্ৰেছৰ

গুৱাহাটী, ৩১ আগষ্টঃ বিজেপি নেতৃত্বই নীতিগত কথা কোৱাৰ দিন উকলিল। এক কথাত বিজেপিৰ ম্যাদ উকলি গৈছে। বাজপেয়ী ভৱন এতিয়া চাকৰিৰ বজাৰৰ শ্বপিং মল হৈছে। সেইবাবেই এওঁলোকে মিছা কথা এটাত গোৱেব্বলছীয় নীতিৰ জৰিয়তে ৰাইজৰ ওচৰলৈ লৈ গৈ সঁচা প্ৰমাণিত কৰিব বিচাৰিছে। ২০১৪ চনৰ জানুৱাৰী মাহত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰে ৪১০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ দিছিল। এই কথা সকলোৱে জানে। ৮০০ টকাতকৈ বেছি ধন ৰাজসাহায্য দি প্ৰথমে ৬টা আৰু পৰৱৰ্তী সময়ত ৯ টা গেছ চিলিণ্ডাৰ দিছিল। এতিয়া ১২৫০ টকাৰ চিলিণ্ডাৰটোত বিজেপি চৰকাৰে ৫২ টকা ৰাজসাহায্য দিয়ে। ২০০ টকা কমাই দি যি চামুচেৰে দিয়াৰ নীতি লৈছে এতিয়াও এটা চিলিণ্ডাৰত হয়গৈ ১০৫০ টকা। অৰ্থাৎ ২০১৪ চনৰ কংগ্ৰেছ আমোলতকৈ দুগুণ। মুখ্যমন্ত্ৰীয়ে টুইটৰ যোগেদি অপপ্ৰচাৰ চলাই তেওঁৰ সৈন্য-সামন্তক সেই ভুৱা তথ্য ৰাইজৰ মাজলৈ লৈ যাবলৈ দায়িত্ব দিছে। তেঁওৰ সাংগোপাংগো আৰু চূড়ান্ত অনুগামীসকলে ২০০ টকা কমোৱাতো সকলো বস্তুৰ দাম যেন পানীৰ দৰে হৈ গ’ল তাকে প্ৰমাণ কৰিব বিচাৰিছে। সাহস থাকিলে গেছৰ চিলিণ্ডাৰৰ দাম ৫০০ টকা কৰক। ইফালে, কংগ্ৰেছৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াক বিজেপিৰ ভদ্ৰতাৰ মুখা পিন্ধা দুজন মুখপাত্ৰই সমালোচনা কৰি এলঅ’চি গোচৰত জড়িত হৈ আছে বুলি কৈছে। তেওঁলোকৰ জ্ঞাতাৰ্থে জনাও যে মহামান্য ন্যায়ালয়ে এলঅ’চি গোচৰৰ দুইজন সাক্ষীকে ইতিমধ্যে গ্ৰহণযোগ্য নহয় বুলি কৈছে। আদালতৰ লেহেমীয়া প্ৰক্ৰিয়াৰ বাবে সেই ৰায় ওলোৱাত পলম হৈছে। চৰকাৰে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে এনেবোৰ গোচৰ নিষ্পত্তি নকৰি বিৰোধী ৰাজনৈতিক নেতাসকলক হাৰাশাস্তি কৰে। দ্বিতীয়তে, দিল্লীৰ অসম ভৱনত ৰাজ্য চৰকাৰে পদমৰ্যাদা অনুসৰি অসমৰ পৰা যোৱা লোকসকলক ফাইভ ষ্টাৰ হোটেলত ৰাখে নে ল’জত ৰাখে সেয়া তেওঁলোকৰ কথা। অসমৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক জবাবদিহি কৰক দলৰ নেতাসকলে কিয় অসম ভৱনৰ পুনৰ নিৰ্মাণ ইমান লেহেমীয়া হৈছে। দিল্লীৰ অসম ভৱন পুনৰ নিৰ্মাণ কৰাত ব্যৰ্থ হোৱাৰ বাবে অসমৰ বিৰোধী দলৰ নেতাক ৰাজ্য চৰকাৰেহে ফাইভ ষ্টাৰ হোটেলৰ কোঠা বন্দৱস্ত কৰি দিছে। ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়েহে দিব পাৰিব। এসময়ত কংগ্ৰেছৰ হৈ ওকালতি কৰা বিজেপিৰ বৰ্তমানৰ মুখপাত্ৰসকলে কেৱল মুখ্যমন্ত্ৰীজনক তৈলমৰ্দন কৰিবৰ বাবে নাভূত-নাশ্ৰুত আৰু যুক্তিহীন কেতবোৰ কথাৰে অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ অপচেষ্টা চলাই আহিছে। চাকৰিৰ বজাৰ খুলি বাজপেয়ী ভৱন কলুষিত কৰা বিজেপি নেতাৰ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে আঙুলি টোওৱাৰ কোনো নৈতিক অধিকাৰেই নাই। অসমৰ ৰাইজে জানে কোনে কেনেকৈ চামুচেৰে দি বেলচা মাৰি অসমৰ ৰাইজৰ ওপৰত লুণ্ঠনৰাজ চলাই আছে। ২৭খন টোলগেটেৰে কেনেকৈ ৰাজহ সংগ্ৰহৰ নামত ৰাইজক মাধমাৰ দিছে, তৈলখেজুৰৰ খেতিৰ নামত অসমক মৰুভূমিত পৰিণত কৰিবলৈ কিদৰে উঠি-পৰি লাগিছে সেয়া ৰাইজে দেখি আছে আৰু সময়ত ৰাইজে তাৰ সমুচিত প্ৰত্যুত্তৰ দিব।