গণতান্ত্ৰিক ব্যৱস্থাক কুঠাৰাঘাত কৰি ভোট চুৰি বিজেপিৰ

Published on
Sat, 01/24/2026 - 20:31

▪️বকো সম-জিলা কাৰ্যালয়ত নিশা ভোট কৰ্তন-অন্তৰ্ভুক্তি বিজেপি নেতাৰ
▪️বকো ব্লক কংগ্ৰেছৰ গোচৰ ৰুজু

গুৱাহাটী, ২৩ জানুৱাৰীঃ শাসকীয় বিজেপি দলে গণতন্ত্ৰ আৰু সংবিধানক ভৰিৰে মোহাৰি অসমত ভোট চুৰিৰ দৰে কু-কৰ্ম সংঘটিত কৰিছে৷ বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰৰ পিছতে অসমত গণতান্ত্ৰিক ব্যৱস্থাক কুঠাৰাঘাত কৰি ব্যাপক হাৰত ভোট চুৰি কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে৷ খোদ ৰাজ্যৰ চৰকাৰী বিষয়াৰ কাৰ্যালয়ৰ চকীত বহি ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰ্টেল ব্যৱহাৰ কৰি ভোট কৰ্তন আৰু অন্তৰ্ভুক্ত কৰিছে বিজেপিৰ নেতা-কৰ্মীয়ে৷ এনে অসৎ উপায় অৱলম্বন কৰা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে গোচৰ ৰুজু কৰিছে৷ বকো-ছয়গাঁও বিধানসভা সমষ্টিত বিজেপিৰ সৈতে জুড়িত দুষ্কৃতিকাৰীয়ে ব্যাপক হাৰত ভোট চুৰি কৰি ধৰা পৰা প্ৰহ্লাদ বিশ্বাস, মৃন্ময় বড়ো, বুদ্ধেশ্বৰ ৰাভা, মৃদুল তালুকদাৰ, দীপক ৰাভা আৰু একাংশ নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ জিলা পৰিষদৰ সদস্য তথা দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ বিশ্বাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সম্পাদক তথা বকো-ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মৃন্ময় বড়ো, দক্ষিণ কামৰূপ জিলা বিজেপিৰ এছটি মৰ্চাৰ সম্পাদক বুদ্ধেশ্বৰ ৰাভা, বকো নন্দিনী গেছ এছেন্সিৰ কৰ্মচাৰী মৃদুল তালুকদাৰ আৰু দীপক ৰাভাৰ বিৰুদ্ধে বকো ব্লক কংগ্ৰেছৰ সভাপতি তুলেশ্বৰ ৰাভাই বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ ২২ জানুৱাৰীৰ নিশা প্ৰায় ৮.৩০ বজাত এন্ধাৰৰ সুযোগ লৈ উক্ত লোককেইজনে বকো সম-জিলা কাৰ্যালয়ৰ নিৰ্বাচনী শাখাত প্ৰৱেশ কৰি কম্পিউটাৰৰ পৰা ভোটাৰৰ তালিকাৰ পৰা গোপনে নাম কৰ্তন কৰাৰ লগতে নতুন নাম অন্তৰ্ভুক্ত কৰে৷ গণতন্ত্ৰ হত্যাৰ এনে কাৰ্য স্থানীয় সাংবাদিক আৰু ৰাইজে প্ৰত্যক্ষ কৰে৷ প্ৰহ্লাদ বিশ্বাস, মৃন্ময় বড়ো, বুদ্ধেশ্বৰ ৰাভা, মৃদুল তালুকদাৰ আৰু দীপক ৰাভা আৰু একাংশ নিৰ্বাচনী বিষয়াই ভাৰতৰ নিৰ্বাচনী আয়োগৰ পৰ্টেল ব্যৱহাৰ কৰি ফৰ্ম ছেভেনযোগে ভোট কৰ্তন আৰু অন্তৰ্ভুক্তি কৰা কাৰ্যৰ কংগ্ৰেছে উচিত তদন্ত দাবী কৰিছে৷ এই দুষ্কৃতিকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে কংগ্ৰেছে৷  

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0043

▪️ BJP stealing votes by striking at the roots of democracy
▪️ Night-time deletion and inclusion of votes by BJP leaders at Boko Sub-Divisional Office
▪️ Case filed by Boko Block Congress

Guwahati, January 23: The ruling BJP has trampled upon democracy and the Constitution and has indulged in the heinous act of vote theft in Assam. After Bihar, Haryana, and Maharashtra, the BJP has now begun large-scale vote rigging in Assam, delivering a severe blow to the democratic system.

Shockingly, BJP leaders and workers have carried out deletion and inclusion of voters by sitting on chairs inside a government office of the state itself and using the Election Commission of India’s portal. Taking cognisance of these unethical and illegal acts, the Congress today filed a case against the BJP leaders and workers involved.

n the Boko–Chhaygaon Assembly constituency, miscreants allegedly linked with the BJP were caught red-handed indulging in large-scale vote manipulation. An FIR has been lodged at Boko Police Station against Prahlad Biswas, Mrinmoy Boro, Buddheshwar Rabha, Mridul Talukdar, Dipak Rabha, and certain election officials.

Those named include Zila Parishad member and South Kamrup District BJP General Secretary Prahlad Biswas; South Kamrup District BJP Secretary and BJP ticket aspirant from Boko–Chhaygaon constituency Mrinmoy Boro; South Kamrup District BJP ST Morcha Secretary Buddheshwar Rabha; and employees of Boko Nandini Gas Agency, Mridul Talukdar and Dipak Rabha. The FIR was lodged by Tuleshwar Rabha, President of the Boko Block Congress Committee.

According to the complaint, at around 8:30 pm on January 22, taking advantage of darkness, the accused entered the Election Branch of the Boko Sub-Divisional Office and clandestinely deleted names from the electoral roll while also adding new names using computers. This act of murdering democracy was witnessed by local journalists and members of the public.

The Congress has demanded a proper investigation into the deletion and inclusion of voters carried out through Form 7 on the Election Commission of India’s portal by Prahlad Biswas, Mrinmoy Boro, Buddheshwar Rabha, Mridul Talukdar, Dipak Rabha, along with certain election officials. The party has further demanded the immediate arrest of those involved and exemplary punishment for the offenders.

▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0043