▪️অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ
▪️দায়িত্ব লৈয়েই ৰাইজৰ হকে নিস্বাৰ্থভাৱে কাম কৰি যাবলৈ সংকল্প গ্ৰহণ গগৈৰ
▪️প্ৰাক্তন সভাপতি ভূপেন বৰাৰ লগতে তৃণমূল কৰ্মীক ধন্যবাদ জনাই বিচাৰিলে সম্পূৰ্ণ সহযোগিতা
গুৱাহাটী, ৩ জুনঃ বহু প্ৰত্যাশিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি গৌৰৱ গগৈয়ে আজি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে এক দলীয় সভাত অংশগ্ৰহণ কৰি ২০০২৬ৰ যুঁজৰ বাবে সকলোকে সাজু হ’বলৈ আহ্বান জনায়। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত আজি লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই কয়, ''মই অকলে একো কৰিব নোৱাৰোঁ৷ মোক আপোনালোকৰ সহায় লাগিব৷’’
কংগ্ৰেছ দল কোনো পদবী বা ব্যক্তিৰ নহয় বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৰে দল৷ তেওঁ কয়, ''বুথ, মণ্ডল, ব্লকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠসকলৰ সহায় লাগিব৷ সাংসদ-বিধায়ক, প্ৰাক্তন সাংসদ-বিধায়কৰ সহায় লাগিব৷ মই কোনো ব্যক্তিগত স্বাৰ্থ লৈ ইয়ালৈ অহা নাই৷ মই কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ আহিছোঁ৷ য’ত আমাৰ সাংসদ, বিধায়ক নাই তাত কষ্ট কৰি থকা কংগ্ৰেছ কৰ্মীসকলক শক্তিশালী কৰিবলৈ মই আহিছোঁ৷ কাৰ্বি আংলং, ডিমা হাছাও, বিটিআৰ, তিনিচুকীয়া, বিশ্বনাথ, শোণিতপুৰত দলটোক শক্তিশালী কৰিব লাগিব৷ আমি নিজেই গৈ বুথত সহায় কৰিব লাগিব৷ নিজৰ বুথ সবল কৰিব লাগিব৷’’
বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ তথ্য দাঙি ধৰি গৌৰৱ গগৈয়ে কয় যে বিহালীত প্ৰাক্তন মন্ত্ৰী, জিলা সভাপতিয়ে এটা এটা বুথত কাম কৰিছিল৷ তাৰ ফলত ডেৰমাহত কি হ’ল দেখিছো। যি সমষ্টিত আগতে আমি ৩০-৪০ হাজাৰ ভোটৰ ব্যৱধানত হাৰিছিলো আজি তাত মাথোঁ ৯ হাজাৰ ভোটৰ ব্যৱধানত আমি হাৰিছোঁ৷ সময়ৰ অভাৱৰ কাৰণে আমি বিহালীত হাৰিছিলো৷ সেই কাৰণে সময় বৰ গুৰুত্বপূৰ্ণ৷ আমাৰ হাতত আজিও সময় বেছি নাই৷ আমাৰ হাতত সময় মাথোঁ ১০ মাহ আছে৷ আমি আজিৰে পৰা ভাবিব লাগিব যে নিৰ্বাচন আৰম্ভ হ’ল৷
ভাষণৰ মাজতে শ্ল’গান দি কয় যে আপাোনালোকে মনত ৰাখক এইবাৰ যুঁজ হ’ব৷ বিজয় নিশ্চয় আমাৰ হ’ব৷ আমি হঠাতে এই ঠাই পোৱা নাই৷ ইয়াৰ আগত বহুতৰ ত্যাগ, কষ্ট আছে৷ তেওঁলোকক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ নতুন সভাপতিগৰাকীয়ে আৰু কয়, ''আমি ভূপেন বৰা ডাঙৰীয়াই ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা ভাৰত জড়ো যাত্ৰা পাহৰিব নোৱাৰোঁ৷ আমি যোৰহাটত দুগৰাকী মহান ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ৷ এই দুগৰাকী ব্যক্তিয়ে জটিল দিনত কংগ্ৰেছ দল ধৰি ৰাখিছিল৷ কংগ্ৰেছ দলৰ দীৰ্ঘকালীন যাত্ৰাত জ্যেষ্ঠসকলে ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আমাৰ মাজত ঘাত-প্ৰতিঘাত থাকিব৷ এই ঘাত-প্ৰতিঘাত নেওচি আমি আগুৱাই যাব লাগিব৷’’
গগৈয়ে কয়, ''এইখন চৰকাৰে আমাৰ মুখপাত্ৰ ঋতম সিঙক ভুৱা গোচৰ লগাই এমাহ জে’লত ৰাখিছে৷ আগন্তুক দিনত আমিও জে’ল খাব লাগিব৷ কিন্তু আমি ভয় নকৰোঁ৷ গোচৰ দিব, মণ্ডল কংগ্ৰেছৰ মানুহক হেঁচা দিব৷ দোকান কৰা কংগ্ৰেছৰ দোকানীক, ব্যৱসায় কৰা কংগ্ৰেছীক হেঁচা দি ক’ব যদি ব্যৱসায় চলাই থাকিব খোজে তেন্তে বিজেপিক সমৰ্থন কৰক৷ কিন্তু আমি ভয় কৰিলে নহ’ব৷ বিহালীত নিৰ্বাচনৰ সময়ত কংগ্ৰেছ নেতাৰ দোকান ভাঙি পেলালে৷ সেই কংগ্ৰেছৰ দোকানীয়ে ক’লে আপোনালোকে মোৰ দোকান ভাঙি পেলাব পাৰে৷ কিন্তু মোৰ অন্তৰত থকা কংগ্ৰেছক ভাঙি পেলাব নোৱাৰে৷’’
বিজেপি চৰকাৰে জাপি দি অহা গোচৰ সন্দৰ্ভত সকলোকে সাহস দি গগৈয়ে আৰু কয়, ''মই এই সভাৰ পৰাই কৈছোঁ৷ বিজেপিয়ে যিমান গোচৰ দিয়ে দিয়ক, যিমান দাগ লগায় লগাওক৷ আমি অসমৰ ৰাইজৰ সৈতে লগ লাগি সেই দাগ মোহাৰি পেলাম৷ এই ক্ষেত্ৰত অসমৰ ৰাইজৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বিৰোধীৰ ভিতৰত আমি আটাইতকৈ ডাঙৰ দল৷ যোৰহাটত আমি জয়ী হৈছিলো যুৱ প্ৰজন্ম, মহিলা, ডেকাসকলৰ আশীৰ্বাদ লৈ৷ আমি কংগ্ৰেছ দলে অকলে একো কৰিব নোৱাৰিম৷ আমি এই মঞ্চৰ পৰাই অসমবাসীৰ মৰম, সহায়, আশীৰ্বাদ বিচাৰিছোঁ৷ খেতিয়কসকলে আমাক সহায় কৰক৷ বয়োজ্যেষ্ঠ, বুদ্ধিজীৱীসকলে আমাক পৰামৰ্শ দিয়ক৷ নৱপ্ৰজন্ম আমাৰ সৈতে ওলাই আহাক৷ মহিলাসকলে আমাক সহায় কৰক৷ বিভিন্ন জাতি, জনগোষ্ঠী, খিলঞ্জীয়া, ভূমিপুত্ৰৰ স্বাৰ্থত সকলোৱে ওলাই আহক৷ আমি সকলোৱে একত্ৰিত হৈ লোকতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এই বিজেপি চৰকাৰক বিদায় দিওঁ৷’’
কংগ্ৰেছ দলৰ নেতা-কৰ্মীক কাতৰ আহ্বান জনাই গগৈয়ে কয় যে আমি প্ৰথমে দল শক্তিশালী কৰিব লাগিব৷ বুথ, ব্লক, মণ্ডল শক্তিশালী কৰিব লাগিব৷ বিভিন্ন জাতি, বৰ্ণ, ধৰ্মৰ লোকক দলত স্থান দিব লাগিব৷ যুৱ প্ৰজন্মৰ ওচৰলৈ যাব লাগিব৷ জ্যেষ্ঠসকলে কনিষ্ঠসকলক কাম কৰিবলৈ এৰি দিব লাগিব৷ জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক৷ মই আজি কথা দি কওঁ যে যিসকলে কষ্ট কৰি আছে তেওঁলোকৰ কষ্ট ব্যৰ্থ নহয়৷ যিসকলে গাঁৱত বেছিকৈ কষ্ট কৰি আছে সেইসকলৰ কষ্ট এনেয়ে নাযায়৷ লগতে গৌৰৱ গগৈয়ে আন এটা কথা স্পষ্ট কৰি কয় যে যিসকলে আমাৰ দল এৰি গৈছে সেইসকলে আমাৰ দলৰ উত্থান দেখি আকৌ আহিব খোজে৷ বেয়া দিনত দল এৰি যোৱাসকলে মোক শুভেচ্ছা জনাবলৈ ফোন কৰিছে৷ তেওঁলোকে কংগ্ৰেছ দললৈ ঘূৰি আহিব খোজে৷ যদি তৃণমূলৰ কৰ্মীয়ে বিচাৰে তেন্তে সেইসকলক দলত লোৱা হ’ব৷ যদি নিবিচাৰে তেন্তে দলত লোৱা নহ’ব৷ তৃণমূলে গ্ৰীণ ছিগনেল দিলে দুৱাৰ খুলি দিম৷
নতুন সভাপতিগৰাকীয়ে আৰু কয়, ''কৰিবলৈ আমাৰ বহু কাম আছে। ৰাইজে বিচাৰে আমি বহু কাম কৰিব লাগিব৷ গুণ্ডাগিৰি, ভয়-ভাবুকি, হিংসা-ঘৃণা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমক মুক্ত কৰা৷’’ গগৈয়ে কয় যে এইখন অসম শংকৰদেৱৰ অসম, আজানপীৰৰ অসম, জ্যেতিপ্ৰসাদ আগৰৱালাৰ অসম, লাচিত বৰফুকনৰ অসম, শ্বহীদ কমাল মিৰিৰ অসম৷ আমি অসমত সমন্বয়, সম্প্ৰীতি বিচাৰোঁ৷ এইখন অসমত আমি জাতীয়তাবাদী চিন্তাধাৰা জীয়াই ৰাখিব বিচাৰোঁ৷ এই চিন্তাধাৰাৰ বাবে আমাক বিজেপিৰ পৰা চাৰ্টিফিকেট নালাগে৷ ৰাষ্ট্ৰভক্তি কি, দেশভক্তি কি তাৰ চাৰ্টিফিকেট বিজেপিৰ পৰা নালাগে৷ যি দেশত কোনো এটা দলে স্বাধীনতা আন্দোলনৰ বাবে যুঁজিছিল সেইটো আছিল কংগ্ৰেছ দল৷ দেশৰ বাবে যদি কোনোবাই ত্যাগ আৰু বলিদান কৰিছে সেইটো দল হৈছে কংগ্ৰেছ৷ কংগ্ৰেছ দলটোক কাৰোৰে পৰা চাৰ্টিফিকিটে নালাগে বুলিও স্পষ্ট কৰি দিয়ে গগৈয়ে৷
তেওঁ কয়, ''আমি উচ্চ শিক্ষাত গুৰুত্ব দিব লাগিব৷ শিক্ষা অৱস্থা ভাল নহয়৷ পলিটেকনিকৰ প্ৰবক্তাৰ কি অৱস্থা হৈছে৷ স্বাস্থ্য খণ্ডৰ অৱস্থা ভাল নহয়৷ আজি মেডিকেললৈ গ’লে ডাক্তৰে কয়- তুমি চেন্নাইলৈ যোৱা৷ আমি গ্ৰামোদ্যোগৰ ওপৰত গুৰুত্ব দিব লাগিব৷ আজি অসম চৰকাৰে মাথোঁ চাৰিজন ঠিকাদাৰক চিনি পায়৷ আগতে গাঁৱৰ ঠিকাদাৰে কংগ্ৰেছ চৰকাৰৰ দিনত ঠিকা পাইছিল, সেইসকল এতিয়া ধ্বংস হ’ল৷ আমি সফল হ’ব লাগিলে সকলো ভাতৃ সংগঠন, অ’বিচি চেল, ছ’চিয়েল মিডিয়া চেল, এছচি চেল, এছটি চেল, কিষাণ কংগ্ৰেছ আদিয়ে নিজৰ নিজৰ দায়িত্ব ল’ব লাগিব৷’’ এইদৰে সকলোকে ২০২৬ৰ নিৰ্বাচনত নতুন অসম গঢ়াৰ পণ লৈ এতিয়াৰ পৰা সাজু হ’বলৈ আহ্বান জনায় নতুন সভাপতিগৰাকীয়ে।
আজিৰ এই সভাত ভাষণ প্ৰদান কৰি নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ডাঙৰীয়াই কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰখনে অসমৰ ৰাইজক হাৰাশাস্তি কৰা বুলি উল্লেখ কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গৌৰৱ গগৈৰ নেতৃত্বত সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায়। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ সাথেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত দুৰ্নীতি-ভ্ৰষ্টাচাৰে চৰম সীমা অতিক্ৰম কৰিছে বুলি উল্লেখ কৰে। আনজন সাধাৰণ সম্পাদক মনোজ চৌহানে বিজেপি চৰকাৰৰ বিৰুদ্ধে গ্ৰাম্যঞ্চলৰ সকলো লোকক জাগ হ’বলৈ আহ্বান জনায়। বিশেষকৈ মহিলাসকলক এই চৰকাৰখনে হিতাধিকাৰী সজাই লুণ্ঠন চলোৱা বুলিও তেওঁ উল্লেখ কৰে। আনগৰাকী সম্পাদক বিকাশ উপাধ্যায়েও নিজৰ ভাষণত অসমৰ ৰাইজক তথা ভোটাৰক সজাগ হ’বলৈ আহ্বান জনায়।
ইফালে, মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত বিদায়ী সভাপতি ভূপেন বৰাই মননশীল বক্তৃতা আগবঢ়ায়। বৰাই কয় যে কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিবৰ বাবে বিগত চাৰি বছৰত তেওঁ যথেষ্টখিনি কষ্ট কৰিছে আৰু তাৰ সুফল আজিৰ সময়ত সু-সংগঠিত কংগ্ৰেছ দল বুলি উল্লেখ কৰে। বৰাই কয় যে বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলৰ বিশেষকৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ভাঙি পৰা মনোবল গঢ়াৰ ক্ষেত্ৰত তেওঁ যথেষ্ট কষ্ট কৰিছিল আৰু সকলোৱে তেওঁক সহায়-সহযোগিতা কৰিছিল। কৰ্মীসকলক উদ্দেশ্যি বৰাই কয় যে মোৰ বুথ মোৰ দায়িত্ব এই শ্ল’গান লৈ কাম কৰিলে হিমন্ত বিশ্ব শৰ্মাক ২০২৬ত পৰাভূত কৰিব পৰা যাব। সাংসদ ৰকিবুল হুছেইনে নিজৰ ভাষণত প্ৰয়াত মানৱেন্দ্ৰ শৰ্মাৰ ত্যাগ আৰু দলৰ প্ৰতি থকা নিষ্ঠাৰ কথা কৰ্মীসকলক সোঁৱৰাই দিয়ে। গৌৰৱ গগৈৰ নেতৃত্বত যি যুঁজ হ’ব সেই যুঁজত হিমন্ত বিশ্বক পৰাভূত কৰিবৰ বাবে সকলোকে শক্তি আহৰণ কৰাৰ বাবে আহ্বান জনায়। সাংসদ ৰকিবুল হুছেইনৰ পূৰ্বে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক উদ্দেশ্যি এক নতুন প্ৰত্যাহ্বানৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।
মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলিনা তিৰ্কী, প্ৰদীপ সৰকাৰ আদিৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদ, সেৱা দলৰ অধ্যক্ষ দীপ বায়নেও নিজৰ বক্তৃতা প্ৰদান কৰে। উক্ত সভাতে বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে গৌৰৱ গগৈক বিপুল সম্বৰ্ধনা জনায়। অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও নতুন সভাপতিগৰাকীক পৃথকে পৃথকে সম্বৰ্ধনা আগবঢ়োৱা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, এনএছইউআই, সাংস্কৃতিক বিভাগ, মিডিয়া বিভাগকে আদি কৰি প্ৰতিটো বিভাগে নতুন সভাপতিগৰাকীক ফুলৰ তোৰা, গামোচা, জাপি আদিৰে সম্বৰ্ধনা জনায়।
ইয়াৰ পূৰ্বে দলৰ নতুন সভাপতি গৌৰৱ গগৈয়ে পুৱা কামাখ্যা মন্দিৰলৈ যায় আৰু মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰি ৰাজীৱ ভৱনলৈ আহে। ৰাজীৱ ভৱনত দলৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ পৰা তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে। সেই অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়ৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ তথা ২০২৬ৰ নিৰ্বাচনৰ প্ৰচাৰ বিভাগৰ অধ্যক্ষ ৰকিবুল হুছেইন আৰু নতুনকৈ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব লাভ কৰা জাকিৰ হুছেইন শিকদাৰ, ৰ’জলিনা তিৰ্কী, প্ৰদীপ সৰকাৰো উপস্থিত থাকে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সভাপতি ভূপেন বৰাই ২০২৬ত সন্মিলিতভাৱে গৌৰৱ গগৈৰ নেতৃত্বত দলে এক নতুন শক্তি লৈ যুঁজিব বুলি আশা কৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰক পৰাজিত কৰি দিছপুৰত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে। সভাপতিৰ দায়িত্ব লৈয়ে গৌৰৱ গগৈয়ে দলৰ সকলো নেতা-কৰ্মীৰ পৰা সহায়-সহযোগিতা বিচৰাৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত আলোচনা কৰি সকলো সিদ্ধান্ত সমূহীয়াভাৱে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।
▪️বেদব্ৰত বৰা
অধ্যক্ষ, এপিচিচিৰ মিডিয়া বিভাগ
*********
(প্ৰেছ বিবৃতি নংঃ APCCM-03062025-DIGW-111)
Press Release - English
▪️MP Gaurav Gogoi officially assumes charge as President of Assam Pradesh Congress Committee
▪️Vows to work selflessly for the people after taking charge
▪️Expresses gratitude to former president Bhupen Bora and grassroots workers for their wholehearted support
Guwahati, June 3: The much-anticipated new president of the Assam Pradesh Congress Committee, Gaurav Gogoi, assumed charge today and, shortly after, participated in a party meeting where he urged everyone to gear up for the battle of 2026. Addressing over a thousand Congress workers at the Manabendra Sharma Complex, Gogoi, the Deputy Leader of Opposition in the Lok Sabha, thanked everyone present and said, “I can’t do anything alone. I need your support.”
Stating that Congress is not just about any position or individual, Gogoi emphasized that the party belongs to everyone — irrespective of caste, creed, or religion. He added, “We will need support from every level — from booth to mandal to block. From MPs and MLAs, as well as former representatives. I am not here for personal gain. I am here to strengthen the Congress. I am here for the grassroots Congress workers who continue to strive in areas where we don’t have elected representatives — like Karbi Anglong, Dima Hasao, BTR, Tinsukia, Biswanath, and Sonitpur. We must reach the booth level ourselves and strengthen our own booths.”
Citing the recent by-election in Behali constituency, Gogoi said that a former minister and district president worked at the booth level, and as a result, “We saw the difference in just a month and a half. We had earlier lost by 30–40 thousand votes; this time, the margin was just 9,000. We lost due to lack of time. And time is of the essence now too — we have only 10 months left. From today, we must consider that elections have begun.”
Amid slogans, Gogoi declared: “Remember, this time it's going to be a battle, and victory will be ours. We haven’t reached this stage suddenly — it took a lot of sacrifices and hard work. We can never forget those who brought us here.” Referring to Bhupen Borah, Gogoi added, “We cannot forget the Bharat Jodo Yatra he began from Dhubri to Sadiya. We paid tributes to two great personalities in Jorhat — former Chief Ministers Hiteswar Saikia and Tarun Gogoi — who held the Congress together in difficult times. The seniors in our party have faced many ups and downs, and we will continue to face them. But we must push forward despite all obstacles.”
Speaking on the arrest of Congress spokesperson Ritom Singh, Gogoi said, “This government jailed him for a month on false charges. In the coming days, many of us may have to go to jail. But we are not afraid. They will file cases, harass mandal-level workers, threaten businesspeople. They’ll tell shopkeepers who support Congress to back BJP or lose their businesses. But fear is not an option. In Behali, when a Congress leader’s shop was vandalized, the shopkeeper said, ‘You can destroy my shop, but not the Congress inside me.’”
Addressing the slew of legal actions being initiated under the BJP regime, Gogoi declared: “From this very stage I say — let the BJP file as many cases or defame us as they want. We will erase that defamation with the support of Assam's people. We are the largest opposition party. In Jorhat, we won with the blessings of youth, women, and the new generation. Congress alone cannot win — we need the love, support, and blessings of all Assamese. Let the farmers support us, let the elderly and intellectuals advise us, let the youth come forward, let women support us. All ethnic groups, indigenous people must come together to safeguard democracy and oust the BJP government.”
Gogoi earnestly appealed to party workers: “First, we must strengthen the party — booths, blocks, mandals. We must welcome people of all castes, religions, and communities into the party. We must approach the youth. Seniors should make space for younger workers and guide them. I give you my word — those who work hard will not have their efforts wasted. Those toiling in villages — their hard work will not go in vain.” He also made it clear: “Those who left the party are now calling me, seeing our revival. They want to return. If grassroots workers of Trinamool want to return, they will be welcomed. But if not, they won’t be accepted. If TMC gives a green signal, we’ll open our doors.”
Gogoi further said, “We have a lot of work to do. People expect a lot. We must free Assam from goondaism, threats, hatred, and communal politics.” He emphasized, “This is the Assam of Sankardev, Ajan Fakir, Jyotiprasad Agarwala, Lachit Borphukan, and Shaheed Kamal Miri. We want harmony and unity in Assam. We aim to uphold nationalist values — and we don’t need BJP’s certificate for patriotism. The party that fought for India’s freedom is Congress. The sacrifices made for the country were by the Congress. We don’t need any certificate from BJP for that.”
On policy matters, he said, “We must focus on higher education. Education is in poor shape. Polytechnic instructors are in bad condition. The healthcare sector is also in a bad state. Today, if you go to a hospital, doctors tell you to go to Chennai. We must emphasize rural industries. Today the Assam government knows only four contractors, while earlier, Congress allowed village-level contractors to thrive. If we want success, every frontal organization — OBC cell, social media cell, SC cell, ST cell, Kisan Congress — must take up responsibility.”
Thus, the new president urged everyone to be prepared from now on to build a new Assam through the 2026 elections.
During today’s event, AICC General Secretary Jitendra Singh accused the BJP governments at the Centre and state of harassing the people of Assam and urged everyone to unite under Gogoi’s leadership for relief. AICC General Secretary Prithviraj Sathe alleged rampant corruption under Himanta Biswa Sarma's government. General Secretary Manoj Chauhan urged rural populations, especially women, to rise up against the exploitation of welfare beneficiaries. General Secretary Vikas Upadhyay also appealed to voters to remain alert.
Outgoing president Bhupen Borah delivered a thoughtful speech, saying he had worked tirelessly for four years to strengthen the Congress organization, and today's well-organized party is the result. He said he especially worked to rebuild the morale of grassroots workers and thanked everyone for their cooperation. Urging workers, he said: “If we work with the slogan ‘My booth, my responsibility’, we can defeat Himanta Biswa Sarma in 2026.”
MP Rakibul Hussain invoked the dedication of late Manabendra Sharma and urged everyone to gather strength for the battle under Gogoi’s leadership. Leader of Opposition Debabrata Saikia, speaking before Hussain, called upon all Congress workers to be ready for a new challenge.
Women Congress President Mira Barthakur, Working President Zakir Hussain Sikdar, Rozelina Tirkey, Pradeep Sarkar, MLA Rekibuddin Ahmed, Seva Dal President Deep Bayan, and others also spoke. Thousands of Congress workers from across the state offered grand felicitations to Gaurav Gogoi, with separate honors presented by various Congress wings including Women’s Congress, Youth Congress, NSUI, Seva Dal, cultural and media wings — through floral bouquets, gamosas, and traditional japis.
Earlier in the day, Gogoi visited the Kamakhya Temple, sought blessings, and then arrived at Rajiv Bhawan, where he formally took charge from former president Bhupen Borah in the presence of AICC General Secretaries Jitendra Singh, Prithviraj, Manoj Chauhan, Vikas Upadhyay, Leader of Opposition Debabrata Saikia, MP and 2026 Campaign Committee Head Rakibul Hussain, and newly appointed Working Presidents Zakir Hussain Sikdar, Rozelina Tirkey, and Pradeep Sarkar. In response to media queries, Bhupen Borah expressed hope that under Gogoi’s leadership, Congress will fight with renewed strength and form the next government in Dispur in 2026.
Gaurav Gogoi, upon taking charge, appealed for support from all party leaders and workers, and announced that all decisions will be made in consultation with grassroots workers.
▪️Bedabrata Bora
Chairman, APCC Media Department
(Press Release No.: APCCM-03062025-DIGW-111)
