▪️বিজেপিৰ দিনত আঁচনি পাবলৈ বিধায়কৰ ওচৰলৈ যাব লাগে
▪️হিমন্ত বিশ্ব পুনৰ মুখ্যমন্ত্ৰী হ’লে তেওঁৰ ঘৰৰ পৰা চিণ্ডিকেট নিয়ন্ত্ৰণ হৈয়ে থাকিব
▪️নিজৰ পৰিয়ালৰ নামত ৰিজৰ্ট-বাগান খোলাত ব্যস্ত মুখ্যমন্ত্ৰী
গুৱাহাটীঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে লখিমপুৰ জিলাৰ ঢকুৱাখানাত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰা ‘জাতি বচাওঁক, মাটি বচাওঁক’ শীৰ্ষক পদযাত্ৰাত অংশগ্ৰহণ কৰে৷ অসমৰ ভৱিষ্যত ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰা পদযাত্ৰাত উপস্থিত থাকি গৌৰৱ গগৈয়ে বিজেপি দলক তীব্ৰভাষাৰে আক্ৰমণ কৰে৷ অসমৰ জনসাধাৰণৰ ভূমিৰ অধিকাৰ, সৰ্বসাধাৰণৰ সাংবিধানিক মূল্যবোধ আৰু জনজাতীয় ভাইসকলৰ সাংবিধানিক অধিকাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই যাত্ৰা আৰু সংগ্ৰাম অব্যাহত থাকিব বুলি কয়৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই পদযাত্ৰাই বিশেষ সহাৰি লাভ কৰিছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে এটা কথা নিশ্চিত যে ৰাইজে ১০টা বছৰে দিলে এইখন চৰকাৰক৷ কিন্তু এইখন চৰকাৰৰ অপশাসন-অহংকাৰ-অত্যাচাৰ আৰু চিণ্ডিকেটৰ প্ৰতি লোভ বৃদ্ধি হৈছে৷ ধনৰ আৰু মাটিৰ প্ৰতি লোভ বৃদ্ধি পাইছে৷ তেওঁলোকৰ কথা ৰাইজে গম পাইছে যে এইখন চৰকাৰ থাকিলে অসমীয়া মানুহ সুৰক্ষিত হৈ নাথাকে৷ কোনো অসমীয়া মানুহে সুৰক্ষিত হৈ নাথাকে৷ সকলোৰে আজি এটাই আকাংক্ষা কেনেদৰে বিজেপিক আঁতৰাই আগতে যেনেদৰে প্ৰয়াত তৰুণ গগৈৰ ডাঙৰীয়াৰ দিনত প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো জাতিয়ে আত্মসন্মানসহ জীয়াই থাকিব পাৰিছিল সেই একেই সন্মানসহকাৰে জীয়াই থাকিব বিচাৰে৷ এইবাৰ কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত৷ ৰাইজে ১০টা বছৰ বিজেপিক দিলে৷ কিন্তু ৰাইজে দেখা পালে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘৰৰ পৰা চিণ্ডিকেট নিয়ন্ত্ৰণ হৈ থাকিব৷ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভূমিপুত্ৰক মাটি দিয়াতকৈ ভূমিপুত্ৰৰ মাটি পুঁজিপতিক দিলে বুলি আক্ষেপ কৰি প্ৰদেশ কংগ্ৰছেৰ সভাপতিগৰাকীয়ে কয় যে আমি আগন্তুক দিনত বিবেক ভোট প্ৰদান কৰিব লাগিব৷ আঁচনি আগতেওঁ আছিল এতিয়াও আছে আৰু পৰৱৰ্তী সময়তো আঁচনি থাকিব৷ দুখীয়া ৰাইজে আঁচনি পৰৱৰ্তী সময়তো পাই থাকিব৷ কিন্তু আজি এইখন চৰকাৰে আঁচনি দিয়ে, কিন্তু চৰকাৰী স্কুল বন্ধ কৰে৷ আঁচনি দি মদৰ দোকান খুলি দিছে৷ আঁচনি দি জংঘলৰ পৰা মানুহ উচ্ছেদ কৰে৷ আঁচনি দিয়ে আৰু আদানীক মাটি বিক্ৰী কৰে৷ আঁচনি দিয়ে আৰু নিজৰ পৰিয়ালৰ নামত ৰিজৰ্ট আৰু বাগান খোলে৷ আঁচনি আমাৰ দিনটো থাকিব৷ কংগ্ৰেছ চৰকাৰ গঠন হ’লে আঁচনি দিয়াৰ লগতে চৰকাৰী স্কুল খুলিম বুলি প্ৰতিশ্ৰুতি দি গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে যিবোৰ আঁচনি দি আছে তাত যথেষ্ট কেলেংকাৰী হৈছে৷ যিসকলে পাব লাগে, তেওঁলোকে আঁচনি নাই পোৱা৷ আঁচনি পাবলৈ বিধায়কৰ ওচৰলৈ যাব লাগে৷ আমাৰ চৰকাৰ আহিলে আঁচনি পাবলৈ বিধায়কৰ ওচৰলৈ যাবলগীয়া হোৱা প্ৰক্ৰিয়া বন্ধ কৰিম৷ দুখীয়াসকলেহে আঁচনি পাব৷ বিজেপিয়ে আঁচনি দিয়াৰ বাহিৰে একো কৰা নাই বুলি তীব্ৰ আক্ৰমণ কৰি গগৈয়ে আৰু কয় যে আজি চৰকাৰী স্কুল বিলাক বন্ধ কৰা হ’ল৷ আজি অসম চৰকাৰে কিমান ঋণৰ বোজা লৈছে৷ এই কথা সকলোৱে জানে৷ যুৱকসকলে আজি মদ্যপান কৰিবলৈ আৰম্ভ কৰিছে৷ ড্ৰাগছৰ কৱলত পৰিছে৷ তেওঁলোকক আমি উদ্ধাৰ কৰিম৷ আজি ঠিকাৰ কাম সকলো ডাঙৰ ঠিকাদাৰে পায়৷ সৰু ঠিকাদাৰে ঠিকা নাপায়৷ ক্ষুদ্ৰ উদ্যোগবোৰ বন্ধ হৈছে৷ আজি পুঁজিপতিক এটকাত এবিঘা মাটি দিয়া হৈছে৷ আজি থলুৱা উদ্যোগৰ বাবে মাটি নাই৷ আমি অসমৰ বাস্তৱিক সমস্যা সমাধান কৰিম৷ অসমে আগতে যেনেদৰে ভাৰতৰ অৰ্থনৈতিক অৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব৷
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0005