ধেমাজি জিলাৰ চিচিবৰগাঁও, নাহৰবাউলিত কংগ্ৰেছৰ 'চাঙে চাঙে’ অভিযান

Published on
Sun, 10/15/2023 - 18:38

গুৱাহাটী, ১৫ অক্টোবৰঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আজি ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ বিভিন্ন এলেকাত চাঙে চাঙে কাৰ্যসূচী অনুষ্ঠিত হয়। মিচিং জনগোষ্ঠীৰ লোকৰ লগতে দেউৰী জনগোষ্ঠীৰ লোকৰ মাজতো আজি কংগ্ৰেছে জনজাগৰণ সভা অনুষ্ঠিত কৰে। সভাপতি ভূপেন বৰাৰ লগতে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, জিলা সভাপতি মহেন্দ্ৰ গোঁহাই আদি লোকসকলে অংশগ্ৰহণ কৰে। ধেমাজিৰ নাহৰবাউলিতো কংগ্ৰেছে আজি 'চাঙে চাঙে’ অনুষ্ঠান অনুষ্ঠিত কৰে। অহা ১৯ অক্টোবৰত পূব নাৰায়ণপুৰত বৃহৎ ৰাজহুৱা সভাৰে প্ৰথম পৰ্যায়ৰ চাঙে চাঙে অনুষ্ঠানৰ সামৰণি পৰিব। ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সকলো জনগোষ্ঠীৰ লোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। 

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগ

chaange1
chaange2
chaange3