ড্ৰয়িং ৰুমত বহি নহয়, জনতাৰ মতামতৰ ভিত্তিতহে ইস্তাহাৰ প্ৰস্তুত কৰা হ’বঃ প্ৰদ্যুৎ বৰদলৈ

Published on
Mon, 01/05/2026 - 18:23

▪️ইস্তাহাৰ প্ৰস্তুতৰ বাবে ৰাজ্যজুৰি তীব্ৰতৰ 'ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযান
▪️চৰাইদেউত ভিন্ন দল-সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

গুৱাহাটী, ৫ জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত সমগ্ৰ অসম জুৰি 'ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ যোগেদি ২০২৬চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ ইস্তাহাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া তীব্ৰতৰ হৈছে। সভাপতি গৌৰৱ গগৈয়ে আজি চৰাইদেউ জিলাত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানৰ অংশ হিচাপে বহু দল-সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। পৰৱৰ্তী সময়ত দলীয় নেতা-কৰ্মীৰে সাংগঠনিক মত-বিনিময়ো কৰে। ইফালে, সাংসদ ৰকিবুল হুছেইনে বঙাইগাঁও জিলাত ইস্তাহাৰৰ বাবে ৰাইজৰ মতামত সংগ্ৰহ কৰে। সাংসদ হুছেইনৰ লগত বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক শৰ্মা আদি উপস্থিত থাকে। প্ৰাক্তন সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা দল কাইলৈ বাক্সা জিলালৈ যাব। আনহাতে, আজি এই সন্দৰ্ভত এক সংবাদমেলত ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে অসমৰ প্ৰতিখন জিলাৰ ৰাইজৰ মতামতৰ ভিত্তিত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা হ'ব। ইয়াৰ বাবে জিলাই জিলাই কংগ্ৰেছৰ প্ৰতিনিধি দলে 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' যাত্ৰাৰ জৰিয়তে ৰাইজৰ মতামত গ্ৰহণ কৰিছে। এই যাত্ৰাত ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলিও কয় নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ''আমি ৰাজীৱ ভৱনত বহি অমুক কৰিম, তমুক কৰিম বুলি কৈ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব বিচৰা নাই। সেয়ে আমি ৰাইজৰ মাজলৈ গৈছো। আমি ৰাইজৰ সমুখত ভাষণ দিবলৈ যোৱা নাই। ৰাইজৰ মনৰ কথা শুনিবলৈহে গৈছো।’’-এইদৰে কয় প্ৰদ্যুৎ বৰদলৈয়ে। ৬ ডিচেম্বৰৰ পৰা কেবাটাও পৰ্যায়ত আৰম্ভ হোৱা 'ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক অভিযানৰ সামৰণি পৰ্ব অহা ১০ আৰু ১১ জানুৱাৰীত গুৱাহাটীত সম্পন্ন কৰা হ’ব বুলিও সংবাদমেলত বৰদলৈয়ে জানিবলৈ দিয়ে। বৰদলৈয়ে কয় যে এই অভিযানকালত অসমৰ বিভিন্ন দল-সংগঠনৰ ১০০০ৰো অধিক প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰা হৈছে। ''আমাৰ ইস্তাহাৰ দিল্লীৰ পৰা জাঁপি দিয়া ইস্তাহাৰ নহয়। আমি দিল্লীত বহি বা ড্ৰয়িং ৰুমত বহি ইস্তাহাৰ প্ৰস্তুত কৰাৰ কথা ভাবিবই নোৱাৰো। অসমে কি বিচাৰে সেইটো যাতে ইস্তাহাৰত প্ৰতিফলিত হয় তাৰ বাবে ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ আমি মতামত লৈছো। সেই মতামতৰ ভিত্তিত আমি জনতাৰ বাবে জনতাৰ ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ ওলাইছো।’’-বৰদলৈয়ে কয়। একেদৰে নগাঁও জিলাতো আজি প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ নেতৃত্বত এটা দলে 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' অভিযানত অংশগ্ৰহণ কৰি ইস্তাহাৰৰ বাবে ৰাইজৰ মতামত গ্ৰহণ কৰে। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিন লগত বাৰ্তালাপ কৰা এই দলটোত বিধায়ক নুৰুল হুদা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, এতোৱা মুণ্ডা আৰু জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি প্ৰতিনিধিসকল উপস্থিত থাকে। 

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0008

▪️ ‘Raijor Padulit Raijor Congress’ campaign intensified across Assam for preparation of the manifesto
▪️ APCC President Gaurav Gogoi meets representatives of various organisations in Charaideo
▪️ The manifesto will be prepared based on public opinion, not by sitting in drawing rooms: Pradyut Bordoloi

Guwahati, January 5: Under the leadership of Assam Pradesh Congress Committee (APCC) President Gaurav Gogoi, the process of preparing a people-centric manifesto for the 2026 Assembly elections has intensified across Assam through the campaign titled ‘Raijor Padulit Raijor Congress’.

As part of the campaign, APCC President Gaurav Gogoi today met representatives of various political parties and organisations in Charaideo district. He also held organisational interactions with party leaders and workers thereafter. Meanwhile, Member of Parliament Rakibul Hussain collected public feedback for the manifesto in Bongaigaon district. MLA Abdul Batin Khandakar and senior Congress leader Ashok Sharma were present along with him. A separate team led by former APCC President Bhupen Bora will visit Baksa district tomorrow.

Addressing a press conference on the issue, Chairman of the Election Manifesto Committee and Member of Parliament Pradyut Bordoloi stated that the Congress manifesto would be prepared on the basis of opinions gathered from the people of every district in Assam. He said that Congress teams are visiting districts under the ‘Raijor Padulit Raijor Congress’ yatra to directly engage with citizens and collect their views.

Bordoloi further said that the campaign has received an unprecedented response from the public. “We do not want to prepare a manifesto by sitting at Rajiv Bhavan and making hollow promises. That is why we have gone to the people. We are not going to deliver speeches before them; we are going to listen to what is in their minds,” he said.

He informed that the concluding phase of the campaign, which began in several phases from December 6, will be held in Guwahati on January 10 and 11. During the course of the campaign, interactions have been held with representatives of more than 1,000 organisations across Assam.

“Our manifesto will not be one imposed from Delhi. We cannot even think of preparing a manifesto by sitting in Delhi or in drawing rooms. To ensure that what Assam truly wants is reflected in the manifesto, we have gone from door to door to collect public opinion. Based on those views, we are committed to preparing a manifesto of the people and for the people,” Bordoloi added.

Similarly, in Nagaon district, a team led by former MP Ripun Bora participated in the ‘Raijor Padulit Raijor Congress’ campaign today and collected public feedback for the manifesto. The team interacted with representatives of various organisations and included MLA Nurul Huda, Mahila Congress President Mira Borthakur, Etowa Munda, the district Congress president, and other representatives.

▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0008