চিএম ভিজিলেন্সৰ যদি সাহস আছে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰকঃ কমলাক্ষ দে’ পুৰকায়স্থ

Published on
Thu, 10/12/2023 - 17:44

গুৱাহাটী, ১২ অক্টোবৰঃ মুখ্যমন্ত্ৰীয়ে চিএম ভিজিলেন্সৰ অপব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই। আজি এক সংবাদমেলত কংগ্ৰেছ নেতাজনে কয় 'মোৰ পৰিয়াল আৰু বন্ধুবৰ্গই মিলি এখন চাহ বাগানৰ শ্বেয়াৰ কিনিছো। সেইটো কি আমাৰ অপৰাধ হ’ল? চিএম ভিজিলেন্সৰ যদি সাহস আছে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰক। আৰবিএছ কেলেংকাৰীৰ তদন্ত কৰক। মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি কেলেংকাৰিৰ তদন্ত কৰক। কিন্তু চৰকাৰৰ খেনোক দেখি ৰান্ধে-বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে নীতি কিয়?’ কংগ্ৰেছ নেতাজনে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে অভিলেখ গঢ়া বুলি অভিযোগ কৰে। এজন মন্ত্ৰীয়ে ৮০ লাখ টকাৰ ঘড়ী পিন্ধে, কোটিটকীয়া গাড়ী চলায়। ক’ত পইছা পাই চিএম ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰিবলৈ সাহস হ’বনে মুখ্যমন্ত্ৰীৰ? মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ঘনিষ্ঠ লোকৰ দ্বাৰা পৰিচালিত লিলি এণ্টাৰপ্ৰাইজক ২১ কোটি ২০ লাখ টকাৰ ১০ শতাংশৰো অধিক হাৰত ঠিকা দিয়াৰ কথাটো তদন্তৰ আওতালৈ আহিবনে? মন্ত্ৰী পীয়ুষ হাজৰিকাই বৰাকত অৰুণোদয় আঁচনি ঘোষণা কৰিবলৈ গৈ যিমান টকা খৰছ কৰিলে তাত কিন্তু এবাৰো কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ কথা নক’লে। ২৯ লাখ মানুহৰ আধাৰ কাৰ্ড নাই, বহু মানুহৰ এনআৰচিত নাম নাই, এইবোৰ কাম চৰকাৰে নকৰে। নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ কথা পীয়ুষ হাজৰিকাই নকয়। কিন্তু তাৰ বিপৰীতে বিশাল সা-সম্পত্তি আহৰণ কৰে মন্ত্ৰীগৰাকীয়ে। কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে মানহানি গোচৰ তৰা পীয়ুষ হাজৰিকাক আদালতত প্ৰত্যুত্তৰ দিব বুলিও উল্লেখ কৰি কংগ্ৰেছ নেতাজনে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ মানুহক মূৰ্খ সজোৱা হৈছে। ১২০০ টকাৰে মানুহে কি কাম কৰিব বুলি উল্লেখ কৰি পুৰকায়স্থই কয় যে এটা গেছৰ চিলিণ্ডাৰ কিনিবলৈ মানুহক ১২০০ টকা লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ যোগেদি ভোট কিনিবলৈ বিচৰা কথাতো অত্যন্ত অগণতান্ত্ৰিক বুলি উল্লেখ কৰি তেওঁ কয় যে সামাজিক মাধ্যমত এতিয়া মুখ্যমন্ত্ৰী আৰু পীয়ুষ হাজৰিকাৰ ফটো প্ৰকাশ হ’লে ৰাইজে তেওঁলোকৰ বিৰুদ্ধে কি মতামত দিয়ে সেয়া দেখি, বুজি এতিয়া আঁচনিৰ ওপৰত আঁচনি ঘোষণা কৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে। ৬ মহলীয়া বাজপেয়ী ভৱনতকৈ ৰাজীৱ ভৱন সকলোৰে বাবে সুৰক্ষিত আৰু আদৰণীয় বুলি উল্লেখ কৰি পুৰকায়স্থই কয় যে নিশা ৭ বজাৰ পিছত পঞ্চতাৰকাযুক্ত হোটেল সদৃশ বাজপেয়ী ভৱনলৈ মানুহ যোৱাতো বন্ধ কৰা হৈছে কিয়? পুৰকায়স্থই সংবাদমেলত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই বিগত সময়ছোৱাত অগাধ সা-সম্পত্তিৰ মালিক হোৱা বুলি অভিযোগ কৰে। 

press meet kamalaksha