ভৱেশ কলিতাক ওভতি ধৰিলে ববিতা শৰ্মাই, মিচিঙৰ চাঙক অপমান কৰা ভৱেশ কলিতাক ক্ষমা খোজাৰ দাবী কংগ্ৰেছৰ

Published on
Mon, 10/16/2023 - 18:05

গুৱাহাটী, ১৬ অক্টোবৰঃ মিচিং জনজাতিৰ লোকক অপমান কৰা বাবে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ক্ষমা খোজক। কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচীক উপলুঙা কৰি ভৱেশ কলিতাই শিপাহীন কংগ্ৰেছে এতিয়া য’তে-ত’তে বগাই ফুৰিছে বুলি কৈ সমগ্ৰ মিচিং জনগোষ্ঠীৰ প্ৰতি অসন্মানসূচক মন্তব্য কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ববিতা শৰ্মাই আজি এক সংবাদমেলত এইদৰে কয়। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে চাঙত থকা মিচিং সম্প্ৰদায়ৰ লোকসকলক অপদস্থ কৰিবলৈ বিজেপিয়ে সাহস ক’ত পালে? মিচিং লোকসকল অসমৰ মানুহ নহয় নেকি? য’তে-ত’তে যে বগাই ফুৰিছে বুলি কৈছে তাৰ অৰ্থ কি ভৱেশ কলিতাই জনাওক বুলিও ববিতা শৰ্মাই উল্লেখ কৰে। নদীৰ দাঁতিকাষৰীয়া অঞ্চলত থকা বাবে মিচিং জনগোষ্ঠীৰ লোকসকলে বানপানীৰ লগত সহবাস কৰি চাঙত থাকে আৰু এয়া তেওঁলোকৰ এক কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ অংগস্বৰূপ। অসমৰ সকলো ৰাইজে জানে অসমৰ ভূমিপুত্ৰ মিচিংসকল চাঙত থাকে। ভৱেশ কলিতা ডাঙৰীয়াই য’তে-ত’তে বগাই ফুৰা ক’ত দেখিলে? কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে এই বক্তব্যৰ দ্বাৰা বিজেপি নেতা কলিতাই নিজৰ সংকীৰ্ণ মনৰ পৰিচয় দিছে। জনজাতীয় লোকসকলক কি দৃষ্টিভংগীৰে বিজেপি দলে চাই ইয়াৰ পৰাই কথাটো প্ৰমাণিত হৈছে। দীৰ্ঘদিন ধৰি এই দলটোৰ নেতাই জনজাতিৰ লোকসকলক তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ লগতে তেওঁলোকৰ সমস্যা সমাধান নকৰাকৈ পেলাই থলে। মিচিং স্বায়ত্ত শাসিত পৰিষদত কোনো উন্নয়নমূলক কাম নোহোৱাৰ অভিযোগ উত্থাপন কৰি ববিতা শৰ্মাই বিজেপি চৰকাৰে মিচিং স্বায়ত্ত শাসিত পৰিষদত কি কি কাম কৰিছে তাৰ তালিকা দাখিল কৰিবলৈ প্ৰত্যাহ্বান জনায়। কংগ্ৰেছ দলে চাঙে চাঙে গৈ মিচিং জনগোষ্ঠীৰ লোকসকলৰ মনৰ দুখ-দুৰ্দশা বুজ লোৱাত বিজেপিৰ সান্দহ খোৱা বালি তল পৰাৰ উপক্ৰম হোৱা বুলি অভিযোগ কৰি শৰ্মাই কয় মিচিং জনজাতিৰ নেতাসকলে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা বাবেই এতিয়া বিজেপিৰ সভাপতিয়ে থৰকাছুটি হেৰাইছে। ইফালে ৰিবি গাছেং সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে ৰিবি গাছেং এখন মহিলাই গাত লোৱা ছাদৰ। এই ছাদৰখন মহিলাসকলৰ লগতে কেতিয়াৱা উৎসৱত পুৰুষসকলে পিন্ধে আৰু বহিবও পাৰে। সন্মানীয় বস্ত্ৰ বুলি ক’লে মিচিংসকলে টঙালি দোমেৰ নামৰ গামোছাখনহে ব্যৱহাৰ কৰে। এই গামোছাখন সন্মানৰ প্ৰতীক হিচাপে মূৰত মাৰে। ইফালে, সংবাদমেলত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই কয় যে মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰণোজ পেগুৱে মন্ত্ৰী হৈ নিজৰ জনগোষ্ঠীৰ বাবে কি গঠনমূলক আঁচনি গ্ৰহণ কৰিছে সেই কথা ৰাজহুৱা কৰক। ২০০৯ চনৰ সকলোৰে বাবে শিক্ষা আইন আৰু নতুন শিক্ষা নীতি অনুযায়ী জনগোষ্ঠীয় লোকসকলে নিজৰ মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে লৈ অধ্যয়নৰ সুবিধা লাভ কৰিব লাগে। মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ সাহস ৰণোজ পেগুৱে কিয় কৰিব পৰা নাই বুলিও বৰাই প্ৰশ্ন কৰে। প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী কমলা মিৰি, শিক্ষাবিদ টাবুৰাম টাইডকে ধৰি শ শ মিচিং জনগোষ্ঠীৰ লোকে এই চাঙৰ পৰা নামিয়েই অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ ধ্বজা বহন কৰি আহিছে বুলিও বৰাই মন্তব্য কৰে। চাঙে চাঙে কাৰ্যসূচীক উপলুঙা নকৰিবৰ বাবে বৰাই বিজেপি নেতাসকলক সকীয়াই দিয়ে। সংবাদমেলত মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক গোপাল শৰ্মা আৰু নেত্ৰৰঞ্জন চৌধুৰী উপস্থিত থাকে।

babita Sarma