ভোট চুৰিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল প্ৰতিবাদ

Published on
Tue, 01/06/2026 - 18:18

▪️সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে উত্তাল গুৱাহাটী

গুৱাহাটী, ৬ জানুৱাৰীঃ গুৱাহাটী মহানগৰৰ কেবাঠাইতো খছৰা ভোটাৰ তালিকাত ৰাজ্যৰ বাহিৰৰ লোকৰ নাম স্থানীয় পৰিয়ালৰ 'এপিক’ নম্বৰত অন্তৰ্ভুক্ত হোৱা বিষয়টোক কেন্দ্ৰ কৰি বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আজি গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ দীঘলীপুখুৰীৰ তৈয়াবুল্লা পথত গৃহস্থই গম নোপোৱাকৈ তেওঁলোকৰ পৰিয়ালৰ ভোটাৰ তালিকাত বহিঃৰাজ্যৰ লোক তালিকাভুক্ত হোৱাৰ লগতে ২২ নং ৱাৰ্ডত ৫৯৫ নং গৃহত অস্তিত্বহীনভাৱে ৩০ জনৰো অধিক লোক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বিষয়টোক কেন্দ্ৰ কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ধৰ্ণা কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা আৰু শান্তনু বৰাৰ লগতে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মীসকলে নিৰ্বাচন আয়োগ হায় হায়, ভোট চোৰে গাদী এৰক, ভোট চুৰি কৰি হিমন্ত বিশ্বই পুনৰ শাসনলৈ আহিব বিচৰাক ধিক্কাৰ দি দিনৰ ১১.৩০ বজাৰ পৰা দিছপুৰৰ লাষ্টগেট উত্তাল কৰি তোলে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, মহানগৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি বিপুল চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক ৰূপক দাস, ৰিমঝিম বৰা, মুখপাত্ৰ বিদিশা নেওগ, পলাক্ষী দাস, মহানগৰ জিলা কংগ্ৰেছৰ নেতা প্ৰাঞ্জল বুঢ়াগোহাঁইকে ধৰি শ শ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে আজি দীঘলীয়া সময় ধৰি প্ৰতিবাদ অব্যাহত ৰাখে। আৰক্ষীয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স বেৰিকেড দি ঘেৰাও কৰি ৰাখে যদিও এটা সময়ত প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই আহে। ধৰ্ণা কাৰ্যসূচীৰ পিছত মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ সঞ্চালনাত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় আৰু ভোট চুৰিৰ বিৰুদ্ধে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰি সাধাৰণ সম্পাদক শান্তনু বৰাই কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ আশংকা কৰিয়েই ভোট চুৰি কৰি পুনৰ গাদী দখলৰ সপোন দেখা হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিয়ে। বৰাই কয় যে গৌৰৱ গগৈৰ নেতৃত্বত অসমত পুনৰ কংগ্ৰেছৰ চৰকাৰ হ’বলৈ গৈ আছে আৰু ইয়াতে শংকিত হৈ বিজেপি দলে গণতান্ত্ৰিক প্ৰমূল্যবোধক নস্যাৎ কৰি ভোট চুৰি আৰম্ভ কৰিছে। মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ১০ ফেব্ৰুৱাৰীত প্ৰকাশ হ’বলগীয়া চূড়ান্ত ভোটাৰ তালিকা সকলো কংগ্ৰেছ কৰ্মীকে পৰ্যালোচনা কৰি বহিঃৰাজ্যৰ ভোটাৰ অতিৰিক্তভাৱে তালিকাভুক্ত হ’লেই নিৰ্বাচনী বিষয়াক অভিযোগ দিয়াৰ লগতে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমক তথ্যসহ অৱগত কৰিবলৈ আহ্বান জনায়। বৰাই গুৱাহাটীত হোৱা প্ৰতিবাদ সমগ্ৰ অসমতে হ’ব লাগে বুলি উল্লেখ কৰি কয় যে অসমৰ মানুহৰ ভোটাধিকাৰ কাঢ়ি অসমত অনা-অসমীয়া ভোটাৰৰ দ্বাৰা চৰকাৰ গঠন কৰিব বিচৰা অগণতান্ত্ৰিক কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব। বৰাই কয় যে প্ৰয়োজন হ’লে তেজ দিম, কিন্তু সাংবিধানিক অধিকাৰ খৰ্ব হ’বলৈ দিয়া নহ’ব। 

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0010

▪️ Massive Congress protest against Vote Chori
▪️ Guwahati erupts in protest against the erosion of constitutional rights

Guwahati, 6 January: The Assam Pradesh Congress Committee (APCC) today staged a massive protest in Guwahati against the BJP government and the Election Commission over serious irregularities found in the draft electoral rolls at several locations in the Guwahati metropolitan area. The protest was triggered by reports that names of persons from outside the state were included under the ‘EPIC’ numbers of local families without their knowledge.

Allegations include the inclusion of outsiders in the voter lists of residents on Taiyabulla Road near Dighalipukhuri, and the enrolment of more than 30 non-existent voters at House No. 595 in Ward No. 22. In protest against these irregularities, the Guwahati Metropolitan District Committee of the APCC organised a sit-in demonstration at Manavendra Sharma Complex.

Led by APCC General Secretaries Pradyut Bhuyan and Shantanu Bora, and Guwahati Metropolitan District Congress President Swapan Das, Congress leaders and workers raised slogans such as “Down with the Election Commission,” “Vote thieves must step down from power,” and condemned Chief Minister Himanta Biswa Sarma for allegedly attempting to return to power through vote theft. From 11:30 a.m., the protest intensified near Last Gate, Dispur.

Among those present were Mahila Congress President Meera Borthakur, Media Department Chairman Bedabrata Bora, former Mayor Kushal Sharma, Metropolitan District Congress Vice-President Bipul Chakravarty, General Secretaries Rupak Das, Rimjhim Bora, party spokespersons Bidisha Neog and Palakshi Das, along with Metropolitan District Congress leader Pranjal Burhagohain and hundreds of Congress workers, who continued the protest for an extended period. Although police barricaded and cordoned off the Manavendra Sharma Complex, protesters eventually broke through the barricades and came out onto the road.

Following the sit-in, a protest meeting was held under the chairmanship of Metropolitan District Congress President Swapan Das, who urged everyone to remain vigilant against vote theft. Addressing the gathering, General Secretary Shantanu Bora strongly criticised Chief Minister Himanta Biswa Sarma, alleging that the BJP, fearing the Congress forming the next government, had resorted to vote theft to retain power. He asserted that under the leadership of Gaurav Gogoi, a Congress government is set to return to Assam, and it is this fear that has prompted the BJP to undermine democratic values.

Media Department Chairman Bedabrata Bora called upon all Congress workers to thoroughly examine the final electoral roll scheduled to be published on 10 February. He urged them to lodge complaints with election officials if any excess inclusion of out-of-state voters is found, and to inform social media and news outlets with proper evidence. Stating that the Guwahati protest should be replicated across Assam, Bora warned that any undemocratic attempt to snatch away the voting rights of the people of Assam and form a government using non-Assamese voters would never be tolerated. He further declared that the Congress would even shed blood if necessary, but would not allow constitutional rights to be violated.

▪️ Media and Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0010