▪️ভোট চুৰিক লৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ প্ৰদান ৭টা বিৰোধী দলৰ, সংবাদমেল সম্বোধন

Published on
Sun, 01/25/2026 - 19:36

▪️বিজেপি চৰকাৰে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি এছআৰৰ জৰিয়তে ঘৃণাৰ ৰাজনীতি কৰিছেঃ দেৱব্ৰত শইকীয়া
▪️ভোট চুৰিৰে বিজেপি দলে গোটেই নিৰ্বাচন নিজৰ আয়ত্বলৈ আনিছেঃ অখিল গগৈ
▪️জনতাই ভোট নিদিয়ে বুলি গম পাই বিজেপিয়ে ভোট চুৰি কৰিবলৈ উঠি-পৰি লাগিছেঃ লুৰীণজ্যোতি গগৈ
▪️সংবিধানৰ শপত লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৃণনীয় চৰিত্ৰ উদঙাই দিছেঃ মনোৰঞ্জন তালুকদাৰ

গুৱাহাটী, ২৫ জানুৱাৰীঃ ৰাজ্যজুৰি বিশেষ ভোটাৰ তালিকা সংশোধনীৰ নামত বিজেপি দল আৰু চৰকাৰে কৰা অনিয়মত দেশৰ নিৰ্বাচন আয়োগে হস্তক্ষেপ নকৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি আজি অসমৰ ৭টা বিৰোধী দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে কৰে। স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ যোৱা বিৰোধী দলকেইটাৰ প্ৰতিনিধি দলটোত আছিল অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিআই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ আৰু চিপিআইএমএলৰ পংকজ দাস। ইয়াৰ পূৰ্বে বিৰোধী দলকেইটাৰ কেবাগৰাকী শীৰ্ষ নেতাই এখন সংবাদমেলো অনুষ্ঠিত কৰে। সংবাদমেলত উপস্থিত থকা  অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ঘৃণাৰ ৰাজনীতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগকো ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ এছআৰৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কাম চলাই গৈছে। মুখ্যমন্ত্ৰীয়ে এতিয়া ঘৃণাৰ ৰাজনীতিৰে নাগৰিকসকলক ভাগ ভাগ কৰিবলৈ উঠি-পৰি লাগিছে। বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগে মিলি এছআৰৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ তথা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বাবে চলোৱা প্ৰচেষ্টাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি শইকীয়াই কয়, ''নিৰ্বাচন আয়োগৰ দায়িত্ব হ’ল এখন শুদ্ধ ভোটাৰ তালিকা ভাৰতীয় নাগৰিকৰ বাবে প্ৰস্তুত কৰা৷ এই ব্যৱস্থাত ৰাজনীতিকৰণ কৰি নাগৰিকৰ মাজত ব্যৱধান আনিব খুজিছে৷’’ তেওঁ কয় যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দিল্লীত সংবাদমেলযোগে ভোট চুৰিৰ কথা অতি স্পষ্টকৈ উল্লেখ কৰিছিল৷ লাখ লাখ ভাৰতীয় নাগৰিকৰ নাম ধৰ্মৰ ভিত্তিত কৰ্তন আৰু অচিনাকি আৰু ৰাজ্যৰ বাহিৰৰ মানুহৰ নাম অন্তৰ্ভুক্তি কৰা হৈছে৷ বিগত সময়ত তেনেদৰে বিজেপিয়ে বিভিন্ন ৰাজ্যত জয়ী হৈ গণতন্ত্ৰক মষিমূৰ কৰিছে৷ যি সমষ্টিত জয়ৰ ব্যৱধান ১০ হাজাৰ হয় তাত ৩০ হাজাৰ নতুন নাম অন্তৰ্ভুক্ত কৰিছে৷ যদি এটি বিধানসভা সমষ্টিত আঢ়ৈ লাখ ভোটাৰ আছিল সেইটো সমষ্টিত ৬ মাহ আগত চাৰি তিনিলাখ ভোটাৰ কৰা হয়৷ এনে বহু ভোটাৰ আছে যে একেজন লোকে বহু ভোট কেন্দ্ৰত ভোট দিয়ে৷ এনেদৰে নতুন ভোটাৰ জন্ম দিয়াৰ ব্যৱস্থা কৰিছে৷ বৰ্তমান সময়ত অসমত একে পন্থাৰে ভোট চুৰি কৰা হৈছে৷ ভোট চুৰি মানে বাহিৰৰ মানুহৰ নাম অন্তৰ্ভুক্তি সেয়া নুবুজায়৷ মানুহৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই কাম অসমৰ সংখ্যালঘূ ভোটাৰৰ ক্ষেত্ৰত কৰা হৈছে৷ গগৈয়ে আৰু কয়, ''নাজিৰা সমষ্টিত যোৱা সময়ছোৱাত এজনো সন্দেহজনক ভোটাৰৰ নাম তালিকাত নাছিল৷ মই ২০১১ চনৰ পৰা বিধায়ক হৈছো৷ তেতিয়াৰ পৰাই ভোটাৰ তালিকাত এজনো ডি-ভোটাৰ নাই৷ শিৱসগাৰত আজানপীৰৰ দৰগাহ আছে৷ আজান পীৰৰ পৰিয়ালৰ মানুহ, বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহ আৰু তেওঁলোকৰ উপাধি দেখা পাব যে হাজৰিকা, বৰা, বৰুৱা আছে৷ এই উপাধিবোৰ ৰজদিনীয়া উপাধি৷ ৰজাই ধৰ্মৰ ভিত্তিত নহয়, কামৰ ভিত্তিত উপাধি দিছিল৷ যিসকলে আহোম ৰাজত্বৰ পৰা তাত আছে৷ দেশ স্বাধীন হোৱাৰ আগৰে পৰা বসবাস কৰি আছে৷ সেই মানুহক ধৰ্ম চাই নিৰ্বাচন আয়োগৰ যি এপ আছে তাৰ যোগেৰে নাম কৰ্তনৰ অভিযোগ দিছে৷ নাজিৰা সমষ্টিত পঞ্চায়তলৈ নিৰ্বাচিত সদস্য, টাউন সমিতিলৈ নিৰ্বাচিত চেয়াৰমেন, ৱাৰ্ড মেম্বাৰে গণতন্ত্ৰ ৰক্ষাৰ শপত খাইছে৷ তেওঁলোকে অভিযোগ দাখিল কৰিছে৷’’ বকো সম-জিলা কাৰ্যালয়ত বিজেপিৰ নেতাই তেনে কৰি ধৰা পৰাৰ কথাও তেওঁ উল্লেখ কৰে। বিৰোধী দলপতিগৰাকীয়ে কয় যে অসমত সন্দেহজনক লোকতকৈ বেছি মানুহৰ নাম কৰ্তন কৰা হৈছে৷ স্থায়ীভাৱে স্থানান্তিৰত হোৱা বুলি, মৃত বুলি কৈ নাম কৰ্তন কৰিছে৷ কিন্তু সেয়া মিছা৷ নিৰ্বাচন আয়োগৰ নিয়ম মতে, যদি এনে আপত্তি দিয়া হয়৷ তেন্তে ২১ দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে৷ শুনানিৰ অন্তিম দিন দিছে ২ ফেব্ৰুৱাৰী৷ আপত্তি দিয়া আৰু শুনানিৰ মাজত মাথো ১০ বা ১২ দিন দিছে৷ শুনানিৰ অন্তত ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ হ’ব৷ কিছুমান ঠাইত ২০ হাজাৰৰ পৰা ৪০ হাজাৰ পৰ্যন্ত অভিযোগ দাখিল কৰা হৈছে৷ যদি অভিযোগবোৰ নিষ্পত্তি নকৰে তেন্তে আগন্তুক যি নিৰ্বাচন হ’ব সেই নিৰ্বাচনত বহু ভোটাৰে ভোট দিবলৈ নাপাব৷ অন্যায় কৰি ভোট চুৰিৰ দ্বাৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ’ব৷ এনে কৰিলে সেয়া আৰু গণতন্ত্ৰ হৈ নাথাকে বুলি উল্লেখ কৰি সকলোকে আৰু অধিক সতৰ্ক হ’বলৈ শইকীয়াই আহ্বান জনায়। 

সংবাদমেলত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে আগন্তুক নিৰ্বাচন প্ৰহসনত পৰিণত হৈছে৷ গগৈয়ে কয় যে বিজেপিয়ে গোটেই নিৰ্বাচন নিজৰ আয়ত্বলৈ আনিছে৷ ৪ জানুৱাৰীত বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভিডিঅ’ কনফাৰেন্সত অশোক সিংঘলক ৬০টা বিধানসভা সমষ্টিত ৬ লাখ ভোটাৰৰ নাম কৰ্তনৰ দায়িত্ব দিছিল৷ দিলীপ শইকীয়াই লগতে বিধায়ক, জিলা সভাপতি আৰু মণ্ডল সভাপতিক নিৰ্দেশ দি কৈছিল যে ১২ জানুৱাৰীৰ ভিতৰত যিবোৰ বুথত মানুহে বিজেপিক ভোট নিদিয়ে তাৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিছিল৷ বিজেপিয়ে সমস্ত নিৰ্বাচনী ব্যৱস্থা নিজৰ হিচাপত পৰিচালনা কৰি বাহিৰৰ পৰা অবৈধ ভোটাৰ আনি তালিকাত ভৰোৱা, বিজেপি বিৰোধী বৈধ ভোটাৰৰ নাম কৰ্তন কৰি নিৰ্বাচন খেলিব খুজিছে। বিধায়ক গগৈয়ে কয়, ''২২ জানুৱাৰীৰ নিশা বকো সম-জিলা কাৰ্যালয়ত অভিযোগ দাখিলৰ সময় পাৰ হোৱাৰ পিছত বিজেপিৰ ৫ নেতাই চৰকাৰী কাৰ্যালয়টোত প্ৰৱেশ কৰি নিৰ্বাচন আয়োগৰ পৰ্টেলত অভিযোগ দাখিল কৰিছিল সেয়া আমি দেখিলো৷ সম-জিলাৰ প্ৰিয়ংশু ভৰদ্বাজ আৰু কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ এই কাণ্ডত জড়িত৷ দেৱ কুমাৰ মিশ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী আৰু হিমন্ত বিশ্ব শৰ্মা গেঙৰ প্ৰধান মানুহ৷ দেৱ কুমাৰ মিশ্ৰৰ অনুমতি নোহোৱাকৈ এটা সম-জিলাৰ কাৰ্যালয় খুলি কেতিয়াও এনে কাম কৰিব নোৱাৰে৷’’ শিৱসাগৰ জিলাত ৭০ হাজাৰৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে যিসকলে অভিযোগ দিছে আটাইবিলাক বিজেপি দলৰ আৰু অভিযোগ দি কৈছে যে নাম কৰ্তন কৰিব লাগে৷ শিৱসাগৰত সন্দেহজনক মানুহ নায়েই৷ শিৱসাগৰ জিলাত যিবিলাক মানুহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে সেইবোৰ গৰিয়া আৰু মৰিয়া মানুহ৷ তেওঁলোকে আহোম যুগৰ পৰা বসবাস কৰি থকা মানুহ৷ যিসকলক হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ চাৰ্টিফিকেট দি থৈছে৷ মৃত্যু নোহোৱা মানুহক মৃত্যু হোৱা বুলি দেখুৱাইছে৷ মানুহে চিঞৰ-বাখৰ লগাইছে যে আমাৰ কেতিয়া মৃত্যু হ’ল৷ বিছনাত মৃত্যুৰ সৈতে যুঁজি থকা মানুহৰ নামত অভিযোগ দাখিল কৰিছে৷ যি মানুহে অভিযোগ কি বস্তু নাজানে৷ মানুহক শুনানিত অংশ ল’বলৈ সময় দিয়া হোৱা নাই৷ বহু মানুহে বাহিৰত কাম কৰি আছে তেওঁলোকে কম সময়ৰ ভিতৰত শুনানিত অংশ ল’বলৈ আহিব নোৱাৰে৷ বহুতক শুনানিৰ বাবে জাননী দিয়া নাই৷ কিন্তু ৱেবছাইটত আপত্তি আছে৷ ইয়াৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ, লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰা হ’ব৷ এই অভিসন্ধি বন্ধ কৰিবলৈ আয়োগৰ ওচৰত দাবী উত্থাপন কৰে গগৈয়ে। যদি এই দাবী মানি নলয় তেন্তে এই নিৰ্বাচন খেলি লাভ নাই বুলিও কয় গগৈয়ে। এই প্ৰক্ৰিয়া বন্ধ নকিৰলে ৰাইজে প্ৰবল আন্দোলন গঢ়ি তুলিব৷ সকলো বিৰোধী দলে সকলো কাম বাদ দি নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বহি এই প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব, নহয় নিৰ্বাচন বৰ্জন কৰিব লাগিব বুলিও গগৈয়ে মত প্ৰকাশ কৰে।

সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ সংস্থা এটাৰ চকুৰ সমুখতে কেনেকৈ ভোট চুৰিৰ দৰে কাৰ্য সংঘটিত হ’বলৈ পালে বুলিও প্ৰশ্ন কৰে। লুৰীণজ্যোতি গগৈয়ে কয় যে ২০২৬ৰ নিৰ্বাচনত জয়ী হ’বলৈ বিজেপিৰ ওচৰত এতিয়া এটাই বিকল্প আছে। সেইটো হৈছে ভোট চুৰি কৰা। সেয়ে বিজেপিয়ে অসমীয়া মানুহৰ সাংবিধানিক অধিকাৰ চুৰি কৰিবলৈ উঠি-পৰি লাগিছে। তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণো নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈকে কৰিছিল। সকলো কৰাৰ পিছতো বিজেপিয়ে দেখা পাইছে যে জনসাধাৰণ তেওঁলোকৰ পক্ষত নাই। উপায়হীন হৈ এতিয়া শাসকীয় দলে ভোট চুৰিৰ দৰে নিকৃষ্ট পন্থা হাতত লৈছে বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তেওঁ কয়, ''ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমত প্ৰথমে বিজেপিয়ে কেনেকৈ এই চক্ৰান্ত ৰচিছে সেয়া পোহৰলৈ আনিছিল। মোলৈ এখন ৩১টা সমষ্টিৰ তালিকা আহিছিল। তাত ১০ হাজাৰ মানুহৰ নাম কটাৰ কথা আছিল। সেই তালিকাখন কেৱল নিজৰ মাজতে নহয় বিষয়াসকলো দিছিল বিজেপিয়ে। তাৰ পিছত তেওঁলোকে আৰু ২৯ টা সমষ্টি চিনাক্ত কৰিছিল। ভোট চুৰি কৰিবলৈ তেওঁলোকে এনেকৈ মুঠ ৬০টা সমষ্টি বাছি লৈছিল।’’ পিছৰ সমষ্টিবোৰত বিজেপিক বিগত সময়ছোৱাত ভোট নিদিয়া লোকসকলক চিনাক্ত কৰি ৫-৬ হাজাৰকৈ ভোট কৰ্তন কৰাৰ লক্ষ্য লৈছিল বুলিও কয় গগৈয়ে। বকো সমজিলাৰ কাৰ্যালয়টোক বিজেপিৰ কাৰ্যালয়ৰ দৰে ব্যৱহাৰ কৰা কাৰ্যকো নেতাগৰাকীয়ে তীব্ৰ গৰিহণা দিয়ে। ভোট চুৰিত হিমন্ত চৰকাৰে চৰকাৰী বিষয়াসকলকো ব্যৱহাৰ কৰিছে বুলিও অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে। ভুৱা অভিযোগ দাখিল কৰা প্ৰতিজনৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণৰো দাবী জনাই অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে। যিসকল বিষয়াই নিৰ্বাচনী আয়োগৰ নিয়ম ভৰিৰে মোহাৰি বিজেপি দলক ভোট চুৰিত সহায় কৰিছে তেনে বিষয়াসকলৰ বিৰুদ্ধে স্বতন্ত্ৰ সংস্থা হিচাপে আয়োগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাই গগৈয়ে। নহ’লে সমাগত বিধানসভা নিৰ্বাচন চূড়ান্ত প্ৰহসনৰ বাদে আন একো নহ’ব বুলিও কয় বিৰোধী নেতাগৰাকীয়ে।

আনহাতে সৰভোগ সমষ্টিৰ বিধায়ক তথা চিপিআইএম নেতা মনোৰঞ্জন তালুকদাৰেও হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাত আশ্বৰ্য প্ৰকাশ কৰে। তেওঁ কয় যে সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ক হাৰাশাস্তি কৰিম বুলি ৰাজহুৱাকৈ কোৱা কথাটোৱে তেওঁৰ ঘৃণনীয় চৰিত্ৰ উদঙাই দিছে। এছআৰত যি কাণ্ড-কাৰখানা হৈ আছে সেই সকলো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে হৈ আছে বুলিও বিধায়কগৰাকীয়ে অভিযোগ কৰে। বজালী জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত জিলা আয়ুক্তই ভোট চুৰিৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও কয় তালুকদাৰে। সৰভোগ সমষ্টিত বিএলঅ’ এগৰাকীৰ নামতে বিএলঅ’ৰ অজ্ঞাতে অভিযোগ দাখিল কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ কথাও সংবাদমেলযোগে সদৰী কৰে বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, অসমত চলি থকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম, বেআইনী হস্তক্ষেপ আৰু ভুৱা 'বাল্ক’ আপত্তিৰ অভিযোগ উত্থাপন কৰি বিৰোধী ৰাজনৈতিক দলসমূহে মুখ্য নিৰ্বাচনী বিষয়াক প্ৰদান কৰা স্মাৰক পত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। স্মাৰক পত্ৰত বিৰোধী দলসমূহে বাল্ক আৰু বেআইনী আপত্তিসমূহ কোনো ধৰণৰ শুনানি নকৰাকৈ তৎক্ষণাৎ খাৰিজ কৰিবলৈ দাবী জনাইছে। ইয়াৰ লগতে ভুৱা আৰু অবৈধ আপত্তি দাখিল কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰা হৈছে। বিৰোধী দলসমূহে কয় যে যিকোনো যুক্তিসংগত আপত্তিৰ ক্ষেত্ৰত সংশ্লিষ্ট ভোটাৰক হাজিৰ হ’বলৈ যুক্তিসংগত সময় দিয়াটো বাধ্যতামূলক আৰু কোনো ভোটাৰৰ নাম নিজে নিজে কাটি পেলাব নোৱাৰিব বুলি নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব। স্মাৰক পত্ৰত উচ্ছেদৰ চিকাৰ হোৱা প্ৰকৃত ভোটাৰসকলক বাসস্থান সলনি কৰাৰ বাবে ফৰ্ম–৮ দাখিলৰ সুযোগ দিয়াৰ দাবী জনোৱা হৈছে, যাতে তেওঁলোক চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বাদ নপৰে। ইয়াৰ উপৰিও বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত অনধিকৃত ব্যক্তি তথা ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকলৰ হস্তক্ষেপ বন্ধ কৰিবলৈ আৰু এই প্ৰক্ৰিয়াত নিযুক্ত বিষয়াসকলক কোনো ধৰণে প্ৰভাৱিত নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ দাবী জনোৱা হৈছে। চৰকাৰী পক্ষৰ হেঁচাত অনৈতিক কাম কৰা যিকোনো বিষয়াৰ বিৰুদ্ধে উপযুক্ত প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তোলা হৈছে। বিৰোধী দলসমূহে অভিযোগ কৰে যে বহু ক্ষেত্ৰত বিএলঅ’সকলক নীতিৰ বাহিৰলৈ গৈ ভোটাৰৰ নাম কাটিবলৈ হেঁচা দিয়া হৈছে। সেয়ে বিএলঅ’সকলক এইধৰণৰ হেঁচা প্ৰয়োগ নকৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈও দাবী জনোৱা হৈছে। স্মাৰক পত্ৰত দক্ষিণ কামৰূপ জিলাত বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ অভিযোগত বিজেপিৰ তিনিজন নেতাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত এফআইআৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰে। স্মাৰক পত্ৰখনত বিৰোধী দলসমূহে বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰীসহ বিজেপিৰ কোনো নেতা-মন্ত্ৰী আৰু কৰ্মীয়ে যাতে হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈকো মুখ্য নিৰ্বাচনী বিষয়াক দাবী জনাইছে।

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0045

Opposition Alleges Vote Theft: Seven Parties Hold Press Conference, Submit Memorandum to Assam CEO

Guwahati, January 25: Expressing serious concern over large-scale irregularities allegedly committed by the BJP and the Assam government in the name of Special Revision (SR) of electoral rolls across the state, and the Election Commission’s failure to intervene, senior leaders of seven opposition parties on Saturday submitted a memorandum to the State Chief Electoral Officer (CEO), Assam.

The delegation included Leader of the Opposition in the Assam Assembly Debabrata Saikia, MP Rakibul Hussain, CPI(M) MLA Manoranjan Talukdar, Raijor Dal MLA Akhil Gogoi, Assam Jatiya Parishad president Lurinjyoti Gogoi, CPI state secretary Kanak Gogoi and CPI(ML) leader Pankaj Das. Prior to submitting the memorandum, the opposition leaders held a joint press conference in Guwahati.

Addressing the media, Debabrata Saikia alleged that Chief Minister Himanta Biswa Sarma has not hesitated to use even the Election Commission to cross the electoral hurdle through politics of hatred. He said the SR exercise was being misused to polarise citizens and divide society along communal lines.

“The duty of the Election Commission is to prepare a correct electoral roll for Indian citizens. Instead, the process is being politicised to create divisions among people,” Saikia said. He added that Leader of the Opposition in the Lok Sabha Rahul Gandhi had earlier warned about vote theft, pointing out that names of lakhs of genuine voters were being deleted on religious grounds while names of unknown and outside persons were being added.

Saikia alleged that the BJP had earlier won elections in several states through similar methods, thereby weakening democracy. “In constituencies where the winning margin was around 10,000 votes, 30,000 new names were added. Constituencies with about 2.5 lakh voters were inflated to over 3 lakh within six months. Now in Assam, instead of adding voters, names of genuine voters—especially minorities—are being deleted by branding them as dead or permanently shifted,” he said.

Raijor Dal president and Sivasagar MLA Akhil Gogoi said the upcoming election had turned into a farce. He alleged that the BJP had taken complete control of the entire electoral machinery. Gogoi claimed that on January 4, BJP president Dilip Saikia had instructed minister Ashok Singhal through a video conference to delete six lakh voters across 60 Assembly constituencies.

“He also directed party leaders to identify booths where people do not vote for BJP and submit lists by January 12,” Gogoi said. He further alleged that on the night of January 22, after the deadline for filing objections had expired, five BJP leaders entered the Boko sub-divisional office and filed objections on the Election Commission’s portal.

Gogoi claimed that the sub-divisional officer Priyanshu Bhardwaj and Kamrup district commissioner Dev Kumar Mishra were involved in the incident. “Without the permission of the district commissioner, no one can open a sub-divisional office and do such things,” he said, alleging that the district commissioner was close to the Chief Minister.

He also claimed that in Sivasagar district, objections had been filed against nearly 70,000 voters, all allegedly by BJP workers. “There are no doubtful voters in Sivasagar. Those against whom objections have been filed are Goriya and Moria people who have been living here since the Ahom period. Even people who are alive have been shown as dead. Families are asking, ‘When did we die?’ Objections have even been filed against bedridden patients fighting for their lives,” Gogoi said.

Assam Jatiya Parishad president Lurinjyoti Gogoi questioned how vote theft could take place in full view of an independent institution like the Election Commission. He said the BJP now had only one option to win the 2026 election—stealing votes.

“After doing everything, including delimitation, the BJP realised that the people are not with them. Now, out of desperation, they have adopted the most despicable method of vote theft,” he said. He alleged that BJP had identified 60 constituencies and planned to delete 5,000–6,000 voters in each.

He also strongly condemned the use of the Boko sub-divisional office like a BJP office and accused the Himanta government of using government officials to facilitate vote theft. He demanded criminal cases against all those who filed fake objections and strict action against officials who violated Election Commission rules to help the BJP.

CPI(M) MLA Manoranjan Talukdar said Chief Minister Himanta Biswa Sarma’s public statement about harassing a particular community during SR had exposed his “hateful character”. He alleged that everything happening in the SR exercise was being done at the Chief Minister’s instructions.

Talukdar also accused officials in Bajali district of being involved in a vote-theft conspiracy in the presence of minister Ranjit Kumar Das. He said there had even been instances where objections were filed in the name of a Booth Level Officer (BLO) without the BLO’s knowledge.

The opposition leaders said the memorandum submitted to the Chief Electoral Officer raised several key demands, including:

  • Immediate rejection of bulk and illegal objections without hearings;

  • Strict legal action against those who filed fake and unlawful objections;

  • Reasonable time for voters to appear in genuine objection cases;

  • No suo moto deletion of voters’ names;

  • Allowing eviction-affected voters to submit Form-8 for change of residence;

  • Stopping interference by unauthorised persons and political functionaries;

  • Administrative action against officials acting under external pressure;

  • Preventing coercion of Booth Level Officers to illegally delete voters’ names;

  • Registering FIRs against three BJP leaders of South Kamrup for alleged interference in the SR process; and

  • Issuing strict directions so that the Chief Minister, BJP leaders and party workers do not interfere with the Special Revision exercise.

The opposition leaders warned that if the Election Commission failed to stop the ongoing process, lakhs of voters would be deprived of their voting rights in the forthcoming elections. They said that if their demands were not accepted, all opposition parties would be forced to launch a mass movement and even consider boycotting the elections.

▪️ Media and Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0045