▪️বিজেপিয়ে হিন্দুৰ কথা কয়, কিন্তু বিজেপি চৰকাৰৰ দিনত গৰুৰ ছিণ্ডিকেট চলে
▪️উজনিৰ পৰা নামনিলৈ আহিছে কংগ্ৰেছৰ ছুনামি, কংগ্ৰেছৰ নেতৃত্বত অসমত হ’ব পৰৱৰ্তী চৰকাৰ
▪️হিন্দুৰ জিন্না হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ভয়াতুৰ ৰাজনৈতিক নেতা
▪️অসমৰ ৰাইজে বিজেপিৰ ভ্ৰষ্টাচাৰ-ছিণ্ডিকেটৰাজৰ পৰা নিজকে মুক্ত কৰিব লাগিবঃ বন্ধু তিৰ্কী
গুৱাহাটী, ২৭ জানুৱাৰীঃ অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ভয়াতুৰ মানুহজনেই হ’ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ গৃহ বিভাগৰ জৰিয়তে আৰক্ষী প্ৰশাসনৰ সাহসত ৰাজনীতি কৰি আহিছে। সেইবাবে ক্ষমতাহীন হৈ পৰে বুলি হিমন্ত বিশ্ব শৰ্মা সদায় শংকিত হৈ থাকে। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মা বিজেপিত নাথাকিব। বঙাইগাঁৱৰ অভয়াপুৰীত মাণ্ডলিক অভিৱৰ্তন আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এইদৰে কয়। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া কাম-কাজক চোকা ভাষাৰে সমালোচনা কৰি গগৈয়ে কয় যে তেওঁ কেৱল নিজৰ স্বাৰ্থৰ বাবে ক্ষমতাৰ ৰাজনীতি কৰে। অভয়াপুৰীত আজি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই মাণ্ডলিক অভিৱৰ্তনখনত নিখিল ভাৰত কংগ্ৰেছৰ পৰ্যবেক্ষক বন্ধু তিৰ্কী, সম্পাদক পৃথ্বিৰাজ সাথে, সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ আব্দুল খালেক আৰু কেবাজনো বিধায়ক উপস্থিত থাকে।
নিজৰ উদাত্ত ভাষণত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ''আজিৰ সভাৰ পৰা এটাই বাৰ্তা যাব লাগে৷ সেই বাৰ্তাটো হৈছে কংগ্ৰেছৰ নেতৃত্বত অসমত পৰৱৰ্তী চৰকাৰ গঠন হ’ব৷ সভাৰ পৰা গৈ সকলোৱে এটাই কথা ক’ব যে কংগ্ৰেছৰ চৰকাৰ আহি আছে৷ হাওৰাঘাট, মৰাণ, বিহপুৰীয়া, ৰঙিয়ালৈ আমি গৈছো, য’ত শ-শ মানুহ গোট খালে৷ পাহাৰ, উত্তৰ অসম, নামনি অসমত যদি এনেদৰে মানুহ গোট খাইছে তেন্তে জানিব আমাৰ চৰকাৰ অহাটো নিশ্চিত৷ এই শক্তি দেখি বিজেপিয়ে কিছুমান আসন এৰি দিছে৷’’
বিজেপিয়ে ইতিমধ্যে উজনি অসম আৰু উত্তৰ অসম এৰি দিছে বুলিও কয় গগৈয়ে৷ তেওঁ কয়, ''যোৱা লোকসভা নিৰ্বাচনত গোটেই কেবিনেট, মুখ্যমন্ত্ৰী যোৰহাটলৈ বাৰাম্বাৰ আহিল, প্ৰধানমন্ত্ৰী মোদী আহিছে, যথেষ্ট টকা বিতৰণ কৰিলে, বৰ বৰ কথাৰে ভাষণ দিলে৷ ৩ লাখ ভোটৰ ব্যৱধানত জিকিব বুলি ক’লে৷ কিন্তু অসমৰ ৰাইজে স্বাভিমান, আবেগ দেখুৱাই আমাক জয়ী কৰি আনিলে৷ যোৰহাটৰ পিছতে, ডিব্ৰুগড়, কাজিৰঙা, কাৰ্বি আংলং, লখিমপুৰতো কংগ্ৰেছৰ ফলাফল ভাল হ’ব৷’’ গগৈয়ে কয় যে উজনি অসমৰ পৰা কংগ্ৰেছৰ ছুনামি আহিব, তেতিয়া নামনি অসমক পাৰ কৰি লৈ যাব৷ এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ’ব৷ আজি হিমন্ত বিশ্ব শৰ্মাই নিজকে কেনেকৈ সুৰক্ষা দিব তাক লৈ চিন্তিত৷ গুৱাহাটীত ৰাহুল গান্ধী ডাঙৰীয়া আহি কৈ থৈ গৈছে যে যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব৷ যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে৷ হিমন্ত বিশ্ব শৰ্মা দিনটোত হাজাৰটা মিছা কথা কোৱা মানুহ৷ কিন্তু মই ৰাহুল গান্ধী ডাঙৰীয়াক জানো তেওঁ কেতিয়াও মিছা কথা নকয়৷ ৰাহুল গান্ধী ডাঙৰীয়াই ৪ হাজাৰ কিলোীমিটাৰ খোজ কাঢ়িছে৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এটা বাৰ্তা লৈ গ’ল যে ‘নফৰত কী বাজাৰ মে মহব্বত কা দোকান খুলনা হে’৷ সেইজনে হ’ল আমাৰ দলৰ নেতা৷ যিয়ে কাকো ভয় নকৰে আৰু মিছা কথা নকয়৷ যিদিনাই ৰাহুল গান্ধী ডাঙৰীয়াই ক’লে যে কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব আৰু তেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ মুখখন ক’লা পৰি গৈছে আৰু চুলি আধা গুছি গ’ল৷ এদিন ৰাহুল গান্ধীয়ে সুধিলে যে কোৱাচোন সতীৰ্থসকল হিমন্ত বিশ্ব শৰ্মাক জেললৈ যাব বুলি কৈছো৷ তোমালোকে কোৱা তেওঁ কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ দললৈ আহিব বিচাৰিব৷ তেতিয়া তেওঁক ল’ব লাগিব নে নাই৷ তেতিয়া আমি কৈ দিছো ক্ষমা খুজিলেও হিমন্ত বিশ্ব শৰ্মাক আকৌ কংগ্ৰেছ দলত ল’ব নালাগে৷ যেতিয়া এই কথা হিমন্ত বিশ্বই গম পালে তেতিয়া আজমল ডাঙৰীয়াক ফোন কৰিলে আৰু ক’লে আপুনি অসমলৈ উভতি আহিক আৰু মোক বচাওক৷ হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰাৰ পিছতে আজমল অসমৰ ৰাজনীতিত সক্ৰিয় হৈছে৷ হিমন্ত বিশ্ব শৰ্মাৰ এটাই চিন্তা৷ কেনেকৈ এআইইউডিএফৰ গাড়ীত তেল ভৰাব পাৰে৷ ৰাতি ৰাতি হিমন্ত বিশ্বই এআইইউডিএফৰ বিধায়কক ফোন কৰে আৰু কয় তোমালোকক কি লাগে? যি লাগে সীমা নোহোৱাকৈ লৈ যোৱা৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাই গম পোৱা নাই যে যি এআইইউডিএফৰ গাড়ীত তেল ভৰাব বিচাৰিছে সেইখন গাড়ী যোৱা লোকসভা নিৰ্বাচনত পামছাৰ হৈছে৷ ৰকিবুল হুছেইনে সেই গাড়ী পামছাৰ কৰিছে৷ যদি বিজেপিয়ে সেই গাড়ীত উঠে তেন্তে সেই গাড়ী আগবাঢ়িব নোৱাৰে৷ সেইবাবে সম্প্ৰদায়িক ৰাজনীতিৰ সহায় লৈছে৷ অসমৰ ৰাইজ সহজ-সৰল, কিন্তু সচেতন হৈছে৷ আজমলৰ গাড়ী পামছাৰ হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই নিজকে হিন্দু নেতা হিচাপে পৰিচয় দিবলৈ ধৰিছে৷
সভাত উপস্থিত ৰাইজক উদ্দেশ্যি গৌৰৱ গগৈয়ে কয় যে ৰাইজ আপোনালোকে কওক যে ভাৰতবৰ্ষত আৰু অসমত এনেকুৱা হিন্দু নেতা দেখিছে নেকি যিজনে গৰু চিণ্ডিকেট চলাই আৰু তাৰ টকা খায়৷ হিন্দুৰ কথা কোৱা আৰু গৰু চিণ্ডিকেটৰ টকা খোৱা মন্ত্ৰীৰ হাতত চাবি গতাই দিছে৷ গৰুৰ ব্যৱসায়, কয়লা ব্যৱসায়, চুপাৰিৰ চিণ্ডিকেটত তোমালোক জড়িত হৈ আছে৷ অসমৰ ইতিহাসত আমি এনে হিন্দু নেতা দেখা নাই৷ গগৈয়ে কয় যে বিজেপি দলে যিদৰে মুছলিম লীগৰ লগত চৰকাৰ গঠন কৰিছিল আৰু আজি হিমন্ত বিশ্ব শৰ্মা আৰু মহম্মদ জিন্নাৰ আদৰ্শ একেই৷ হিমন্ত বিশ্ব শৰ্মা এজন হিন্দু জিন্না৷ ভাৰতত থকা মুছলমানে পাকিস্তানলৈ যাব নুখুজিলে৷ কিয়নো ভাৰতৰ মুছলমানসকলে সংবিধান মানি চলে, মহাত্মা গান্ধীক সন্মান কৰে, বাব চাহেব আম্বেদকাৰক সন্মান কৰে আৰু শান্তি আৰু সম্প্ৰীতিৰ মাজত থাকে৷ সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই হিন্দু নেতা হিচাপে প্ৰমাণ কৰিব পৰা নাই৷ গৰুৰ চিণ্ডিকেটৰ টকা খাই থাকিলে হিন্দু নেতা হৈ থাকিব নোৱাৰে৷ এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজকে শক্তিশালী বুলি দেখাব খোজে৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে ভয়াতুৰ ব্যক্তি অসমৰ ৰাজনৈতিক ইতিহাসত নাই৷ তেওঁ বিপদত পৰিলেই জাঁপ মাৰে৷ তেওঁ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিলে আছুৰ পৰা৷ আছুত বিপদত পৰি কংগ্ৰেছত জাঁপ দিলে৷ কংগ্ৰেছত চিণ্ডিকেটৰ সাম্ৰাজ্য গঢ়িলে৷ যেতিয়া বিজেপিয়ে চিণ্ডিকেট, লুইজ বাৰ্জাৰ, সাৰদা কেলেংকাৰীৰ কথাবোৰ ক’বলৈ আৰম্ভ কৰিলে তেতিয়া কংগ্ৰেছৰ পৰা তেওঁ বিজেপিলৈ জাঁপ মাৰিলে৷
গগৈয়ে কয় যে বিজেপিৰ চৰকাৰ গ’লে বিজেপি দল ত্যাগ কৰা প্ৰথম মানুহজনেই হ’ব হিমন্ত বিশ্ব শৰ্মা৷ যদি ইমানেই শক্তিশালী বিৰোধী দলত থাকি নিৰ্ভয়ে থাকিব নোৱাৰিলা কিয়৷ চিৰদিন কংগ্ৰেছত কিয় থাকিব নোৱাৰিলা৷ আজিও এবাৰো কোৱা নাই যে বিজেপিত চিৰদিন থাকিম৷ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই গগৈয়ে কয় যে তুমি মাত্ৰ কৈ দিয়া যে বিজেপি শাসনত থাকক বা নাথাকক মই চিৰদিন বিজেপিত থাকিম৷ গৌৰৱ গগৈয়ে লগতে সাংবাদিকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে যে মই কংগ্ৰেছৰ ভাল আৰু বেয়া দিনত কংগ্ৰেছতে থাকিম৷ হিমন্ত বিশ্ব শৰ্মাই কওক মই ভাল আৰু বেয়া দিনত বিজেপিতে থাকিম৷ এই প্ৰশ্ন সাংবাদিকে কৰিলে ফালৰি কাটি যাব৷ তেওঁ হিন্দু নেতাও নহয়, তেওঁ শক্তিশালী নেতাও নহয়। তেওঁ এটাই কাম কৰিছে আৰু সেয়া হৈছে নিজকে ধনী কৰিছে৷
গগৈয়ে কয়, ''মই এটা বাতৰি দেখিছো৷ অসমত সকলোতকৈ বেছি শক্তিশালী হিমন্ত বিশ্ব শৰ্মা আৰু আনগৰাকী শক্তিশালী হৈছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা৷ এনে এখন চৰকাৰ দেখিছে নেকি যিখন চৰকাৰত মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নীও সমানে শক্তিশালী৷ মোৰ পিতৃ ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল৷ মোৰ মাতৃক কিন্তু ৰাজহুৱা মঞ্চত থাকি ৰাজনৈতিক ভূমিকাত দেখা নাছিল৷ মোৰ প্ৰয়াত পিতৃয়ে মোৰ মাৰ নামত নিউজ চেনেল খোলা নাছিল, মাটি লোৱা নাছিল৷ তেওঁ নিজৰ স্বামীৰ যতন লৈছিল, ঘৰ চম্ভালিছিল, অসুস্থ সময়ত তেওঁ দৰৱ খাইছিল নে নাই সেয়া চাইছিল৷ কিন্তু আজি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ এনে এক চুক্তি চলিছে যে অসম চৰকাৰৰ টকা পত্নীৰ কোম্পানীক দি পত্নীক ধনী কৰিছে৷ মই নৱ প্ৰজন্মক সুধিব বিচাৰো যে এনে এখন চৰকাৰ থাকিলে তোমালোকে চাকৰি পাবা নে? এনে এখন চৰকাৰ থাকিলে থলুৱা উদ্যোগ কেনেকৈ হ’ব, স্থানীয় ঠিকাদাৰে ঠিকা কেনেকৈ পাব বুলিও গগৈয়ে প্ৰশ্ন কৰে৷ গগৈয়ে কয় যে তেওঁ চৰকাৰৰ টকা পত্নী আৰু পুত্ৰৰ ১৮টা কোম্পানীক বিতৰণ কৰিব৷ আজি চৰকাৰী স্কুল বন্ধ, সাধাৰণ নাগৰিকৰ নিৰাপত্তা নোহোৱা হৈছে, উচ্ছেদ-এছআৰৰ নামত প্ৰহাৰ কৰা হৈছে৷ মানুহক উপলুঙা কৰে৷ মুখ্যমন্ত্ৰীয়ে গাঁৱত কেৱল মদৰ দোকান খুলিছে৷
নিজে ৰাজনীতিলৈ অহা প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয়, ''মই যেতিয়া বিদেশত আছিলো, তেতিয়া মোৰ প্ৰয়াত পিতৃয়ে কৈছিল যে তুমি ৰাজনীতিলৈ আহা৷ তেতিয়া মই কৈছিলো মই নিজৰ এটা ৰাস্তা ল’ব খোজো৷ পিছত মই এটা উদ্দেশ্যতে ৰাজনীতিত ভৰি দিছো৷ মোৰ পিতৃয়ে কোৱাৰ দৰে ৰাজনীতি হ’ল ৰাইজক সেৱা কৰা কাম৷ সেই উদ্দেশ্য লৈয়ে মই ৰাজনীতিলৈ আহিছো৷ আমাৰ অহংকাৰ নাই৷’’ তেওঁ আৰু কয় যে যোৱা লোকসভা নিৰ্বাচনত কোচ-ৰাজবংশী ছাত্ৰই দাবী কৰিলে যে আমাক জনজাতিকৰণ লাগে৷ বঙাইগাঁৱত জনজাতিকৰণ বিচাৰি অহা লোকক মাৰ-পিট কৰালে৷ হিমন্ত বিশ্ব শৰ্মাৰ ইমানে অহংকাৰ যে তেওঁ কৈ দিলে যে বিধানসভাৰ নিৰ্বাচনৰ আগত ছাত্ৰ সংগঠনবোৰে জনজাতিকৰণ বিচৰা নাই৷ কোচ ৰাজবংশীক উজনি আৰু নামনি বুলি ভাগ কৰি এছটি-পি, এছটি ভি কৰি দিলে৷
অসম গণ পৰিষদ দলকো আক্ৰমণ কৰি গৌৰৱ গগৈয়ে কয় যে মই বহুত দলৰ বিষয়ে অধ্যয়ন কৰিছো৷ কিন্তু অসম গণ পৰিষদৰ দৰে দল দেখা নাই, যিয়ে ক্ষমতাত থকাৰ সময়তো দুৰ্বল হৈছে৷ ক্ষমতাত থকাৰ সময়ত দল শক্তিশালী, সবল আৰু পৰিসৰ বৃদ্ধি হয়৷ কিন্তু অসম গণ পৰিষদ দলে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিত্ৰতা কৰি দলটোৱে মাথো দুই-তিনিজন নেতাৰ কথা চিন্তা কৰি গোটেই দলটোক ধ্বংস কৰিলে৷ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে অগপ দল শক্তিশালী হৈ থাকিলহেঁতেন৷ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিত্ৰতা কৰি আঠুকাঢ়ি দিয়াৰ পিছত ক্ষমতাত থাকিও দুৰ্বল হৈছে৷ অগপ দলৰ নেতৃত্বক চাই দুখ লাগে৷ অসমৰ ৰাজনৈতিক ইতিহাসত অসমৰ ভূমিকা আছে, কিন্তু কিছু লোকে অসম চুক্তিক নস্যাৎ কৰা বিজেপি দলক সমৰ্থন দিছে৷ এয়া লজ্জাজনক৷
আনহাতে, নিজৰ ভাষণত নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয় যে এইবাৰৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিৰ ভ্ৰষ্টাচাৰ আৰু ছিণ্ডিকেটৰাজৰ পৰা নিজকে মুক্ত কৰিবলৈ সংকল্প গ্ৰহণ কৰিব লাগিব। তেওঁ কয়, ''ঝাৰখণ্ডত নিৰ্বাচনৰ পূৰ্বে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক বিজেপিয়ে ভুৱা গোচৰ জাপি দি জেললৈ পঠিয়াইছিল। তেতিয়াই ঝাৰখণ্ডবাসীয়ে ঠিৰাং কৰিছিল যে ঝাৰখণ্ডত কোনো কাৰণতে বিজেপিক খোপনি পুতিবলৈ দিয়া নহ’ব। আৰু নিৰ্বাচনত ঝাৰখণ্ডবাসীয়ে ঘৃণাৰ ৰাজনীতি কৰা বিজেপিক ভালকৈ এসেকা দিলে।’’ তিৰ্কীয়ে আৰু কয় যে নিৰ্বাচনৰ সময়ত বিজেপিয়ে ঝাৰখণ্ডৰ য’লৈকে যায় তাতেই অনুপ্ৰৱেশকাৰী দেখিছিল। এতিয়া নিৰ্বাচন নাই বাবে অনুপ্ৰৱেশকাৰীৰ কথা পাহৰি গ’ল। নিৰ্বাচন আহিলেই বিজেপিৰ অনুপ্ৰৱেশকাৰীলৈ মনত পৰে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। অসমত নিৰ্বাচন আহিছে বাবে অসমতো বিজেপিয়ে অনুপ্ৰৱেশকাৰীৰ কথা কৈ ফুৰিছে। যোৱা ১০ বছৰত নিজৰ চৰকাৰ থাকোতে আজিও কিয় অনুপ্ৰৱেশকাৰী খেদিম বুলি কৈ বিজেপিয়ে ভোট বিচাৰিবলগীয়া হ’ল বুলিও তিৰ্কীয়ে প্ৰশ্ন কৰে। বিজেপিৰ এনে আভুৱা ভৰা কথাত ৰাইজক ভোল নাযাবলৈকো আহ্বান জনায় বন্ধু তিৰ্কীয়ে।
আনহাতে, সাংসদ ৰকিবুল হুছেইনে কয় যে হামৰেণ, বিহপুৰীয়া, ৰঙিয়াৰ পিছত আজিৰ সভাখনতো হিলদল ভাঙি মানুহ অহা দেখি শংকিত হৈ পৰিছে। তেওঁ কয় যে বিজেপিৰ সভালৈ এনেকৈ মানুহ আনিবলৈ হ’লে আগতীয়াকৈ গাড়ী ঠিক কৰিবলগীয়া হয়, পইছা বিলাবলগীয়া হয়। কিন্তু কংগ্ৰেছৰ সভালৈ স্বতঃস্ফূৰ্তভাৱে সকলো ঠাইতে মানুহৰ সোঁত বৈছে। বিজেপিয়ে কংগ্ৰেছৰ সভালৈ আহিলে অৰুণোদয় নিদিব বুলি ভয়-ভাবুকি দিলেও মানুহে দৌৰি দৌৰি আহিছে। সেয়ে ৰাতি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নাইকিয়া হৈ পৰিছে বুলিও কয় ৰকিবুল হুছেইনে।
আজিৰ সভাত বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰদীপ সৰকাৰ, ৱাজেদ আলী চৌধুৰী, এ কে ৰশ্বিদ, আছিফ নজৰ, আফতাবুদ্দিন মোল্লা, আব্দুল বাতেন, ৰশ্বিদ মণ্ডলকে ধৰি কংগ্ৰেছৰ বহুসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0047
Press Release - English
▪️ APCC President Gaurav Gogoi’s Fiery Address at Congress Mandal Convention in Bongaigaon
▪️ BJP talks about Hindus, but cow-smuggling syndicates flourish under the BJP government
▪️ A Congress tsunami is rising from Upper to Lower Assam; the next government in Assam will be led by Congress
▪️ Himanta Biswa Sarma is the “Hindu Jinnah” and the most fearful political leader in Assam
▪️ The people of Assam must free themselves from BJP’s corruption-syndicate rule: Bandhu Tirkey
Guwahati, January 27: Assam Chief Minister Himanta Biswa Sarma is the most fearful political leader in the history of Assam and survives in politics by misusing the Home Department and the police administration, alleged Assam Pradesh Congress Committee (APCC) President Gaurav Gogoi. Addressing a Mandal Convention at Abhayapuri in Bongaigaon on Tuesday, Gogoi said Sarma is constantly haunted by the fear of losing power and added that the day BJP begins to decline, Himanta Biswa Sarma will no longer remain in the party.
Sharply criticising the recent actions of the Chief Minister, Gogoi said Sarma practises politics only for personal gain. The Mandal Convention, held in the presence of thousands of Congress workers and members of the public, was attended by AICC observer Bandhu Tirkey, AICC Secretary Prithviraj Sathe, MP Rakibul Hussain, Leader of Opposition Debabrata Saikia, former MP Abdul Khaleque and several MLAs.
In his impassioned address, Gogoi said, “One clear message must go out from today’s meeting — the next government in Assam will be formed under the leadership of the Congress. Wherever we have gone — Howraghat, Moran, Bihpuria and Rangiya — hundreds of people have gathered. From the hills to Upper Assam and Lower Assam, people are turning out in large numbers. This clearly shows that the Congress government is coming. Seeing this strength, BJP has already conceded several seats.”
Referring to the recent Lok Sabha elections, Gogoi said the BJP had deployed its entire Cabinet in Jorhat, the Prime Minister had visited repeatedly, huge amounts of money had been distributed and tall claims were made of winning by three lakh votes.
“Yet the people of Assam showed their self-respect and emotions and made us victorious. After Jorhat, Congress will also perform strongly in Dibrugarh, Kaziranga, Karbi Anglong and Lakhimpur,” he said.
Gogoi claimed a Congress tsunami would rise from Upper Assam and sweep through Lower Assam and that this time a Congress government was certain. He said Himanta Biswa Sarma is now worried about how to save himself. Recalling Rahul Gandhi’s statement in Guwahati, Gogoi said that when Congress forms the next government, Himanta Biswa Sarma will go to jail.
“That is why he is afraid. Himanta Biswa Sarma speaks a thousand lies every day, but Rahul Gandhi never lies. Rahul Gandhi walked 4,000 kilometres from Kashmir to Kanyakumari carrying a message of love in the marketplace of hatred. That is our leader — fearless and truthful,” Gogoi said.
He further alleged that after Congress made it clear that Sarma would never be taken back into the party even if he apologised, Sarma telephoned AIUDF chief Badruddin Ajmal and asked him to return to Assam politics and save him.
“Himanta Biswa Sarma has only one concern now — how to fuel the AIUDF vehicle. He phones AIUDF MLAs at night and asks them what they need and offers them unlimited resources. But he does not realise that the AIUDF vehicle was punctured in the last Lok Sabha election by Rakibul Hussain. If BJP boards that vehicle, it will not move forward,” Gogoi said, adding that Sarma has now taken shelter in communal politics.
Addressing the gathering, Gogoi asked, “Has anyone seen such a Hindu leader in India who runs cow-smuggling syndicates and eats the money from it? BJP talks about Hindus, but under BJP rule cow, coal and betel-nut syndicates are flourishing. You cannot be a Hindu leader while thriving on cow-smuggling money.”
Calling Sarma the “Hindu Jinnah”, Gogoi said his ideology is identical to that of Muhammad Ali Jinnah. “Indian Muslims did not go to Pakistan because they respect the Constitution, Mahatma Gandhi and Dr Ambedkar and believe in peace and harmony. Himanta Biswa Sarma has failed to prove himself as a Hindu leader,” he said.
Gogoi also accused Sarma of repeatedly switching political parties whenever he sensed danger — from AASU to Congress and then to BJP. “The first person to leave BJP when it loses power will be Himanta Biswa Sarma,” he said, challenging Sarma to publicly declare that he would remain in BJP whether it is in power or not.
Alleging massive nepotism, Gogoi said Sarma’s wife Riniki Bhuyan Sharma has become one of the most powerful individuals in Assam and that government funds are being routed to companies owned by his wife and son. “Such a government cannot provide jobs, cannot protect citizens and cannot promote local industry. Government schools are being shut down, liquor shops are being opened in villages, people are being harassed in the name of eviction and NRC-style drives, and common citizens are being humiliated,” he said.
Referring to his own political journey, Gogoi said he entered politics with the sole purpose of serving the people, as advised by his late father, former Chief Minister Tarun Gogoi. He also accused the BJP government of betraying the Koch-Rajbongshi community by dividing them into ST-P and ST-V categories and suppressing their agitation for Scheduled Tribe status.
Attacking the Asom Gana Parishad (AGP), Gogoi said he had never seen a party like AGP that became weaker even while remaining in power. “By aligning with Himanta Biswa Sarma, AGP destroyed itself. Had it remained allied with Congress, it would have remained strong. Supporting a party that betrayed the Assam Accord is shameful,” he said.
In his address, AICC observer Bandhu Tirkey said the people of Assam must resolve to free themselves from BJP’s corruption and syndicate rule. Drawing parallels with Jharkhand, he said BJP jailed Chief Minister Hemant Soren on false charges, but the people decisively defeated BJP’s politics of hatred in elections.
MP Rakibul Hussain said BJP is frightened seeing massive public turnout at Congress rallies. “People attend BJP rallies only after being paid, but people are coming voluntarily to Congress rallies. Even after threats of cancelling Arunodaya benefits, people are rushing to attend Congress meetings. That is why Himanta Biswa Sarma has lost his sleep,” he said.
The meeting was attended by MLAs Zakir Hussain Sikdar, Pradip Sarkar, Wazed Ali Choudhury, A.K. Rashid, Asif Nazar, Aftabuddin Molla, Abdul Baten, Rashid Mondal and several senior Congress leaders and workers.
▪️Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0047