▪️সমষ্টিত ৫ৰ পৰা ১০ হাজাৰ বহিঃৰাজ্যৰ ভোট অন্তৰ্ভুক্তিৰ নিৰ্দেশ
▪️অসমত এছআৰৰ নামত বিজেপিৰ গাদী দখলৰ অপচেষ্টা
গুৱাহাটীঃ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অসম চুক্তিৰ আধাৰত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ভোটাৰ তালিকাৰ ‘এছআৰ’ বা বিশেষ সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে অসমৰ জনগাঁথনি সলনি কৰি দিয়াৰ এক কৌশল বুলি দাবী কৰিছে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই৷ বহিঃৰাজ্যৰ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বিস্ফোৰক প্ৰমাণ পোহৰলৈ অহাৰ পিছতে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আজি সাংবাদিকৰ সন্মুখত ভোটাৰ বৃদ্ধিৰ বাবে শাসকীয় দলৰ ফালৰ পৰা গোপন নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰে৷ একেবাৰে অন্তিম মুহূৰ্তত ৫ৰ পৰা ১০ হাজাৰকৈ অচিনাকী মানুহৰ নাম প্ৰতিটো বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ’ব লাগে বুলি নিৰ্দেশ দিয়াৰ অভিযোগ আনি শইকীয়াই কয় যে যাতে ভাড়াতীয়া বা অনা-অসমীয়া ভোটাৰৰ যোগেদি অসম চুক্তিক নস্যাৎ কৰি বিজেপিৰ সম্ৰাজ্যবাদী-ফেচিবাদী চৰকাৰখন আৰু ৫ বছৰলৈ আনিবলৈ পাৰে৷ গুৱাহাটীৰ মাজ-মজিয়াত অসম চুক্তিক আঘাত হনাৰ প্ৰমাণ পোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষতে তৈয়বুল্লা পথৰ ঘৰত বিহাৰ-উত্তৰ প্ৰদেশৰ মানুহক ভোটাৰ কৰা হৈছে৷ ৪৪ নং ঘৰ আৰু ২নং ঘৰত ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ ৪৪ নং ঘৰত চাৰিজন লোকৰ সৈতে অতিৰিক্ত চাৰিজন বিহাৰী আৰু হিন্দীভাষী মানুহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে৷ ২নং ঘৰত কাজি নেকিব থাকে৷ তেওঁৰ ঘৰৰ সদস্য দুজন৷ তাৰ ঠাইত অতিৰিক্ত ৩ জন লোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ আমি বিধানসভাত বিহাৰ, উত্তৰ প্ৰদেশৰ মানুহ যদি অসমৰ ভোটাৰ তালিকাত নাম সোমাই তেতিয়া কি হ’ব বুলি আমি প্ৰশ্ন কৰিছিলো৷ অসম চুক্তি কেনেকৈ ৰক্ষণা-বেক্ষণ হ’ব, অসমৰ ৰাজনীতি-অৰ্থনীতি কেনেকৈ মুক্ত হৈ থাকিব, অসম চুক্তিৰ ছয় নং দফাৰ অস্তিত্ব কেনেকৈ ৰক্ষা কৰিব বুলি প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে তাৰ উত্তৰ দিব নোৱাৰিলে৷ এতিয়া স্পষ্ট প্ৰমাণ পোৱা গৈছে বিজেপি দলে এতিয়া অচিনাকী ভোটাৰ আনি অসমৰ ৰাজনীতিত প্ৰভাৱ চলাব বিচাৰিছে৷ আমাৰ ৰাজ্যৰ জনগাঁথনি সলনি কৰি মূল হিন্দীবলয়ৰ আধিপত্য বিস্তাৰ কৰিবলৈ খুব বেয়া প্ৰচেষ্টা লৈছে৷ হিন্দী সকলোৱে বুজি পায়৷ অসম নাগালেণ্ড, অৰুণাচলতো বুজি পায়৷ হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়৷ আমাৰ নিজৰ নিজৰ আত্ম গৌৰৱ আছে৷ কিন্তু বিজেপিয়ে হিন্দুত্ববাদী, হিন্দী, এক দেশ এক ধৰ্মৰ আধিপত্য বিস্তাৰ কৰিবলৈ খুব বেয়া প্ৰচেষ্টা লৈছে৷ ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ আমি কৰিব লাগিব৷ আমি প্ৰতিবাদ কৰিম৷ কৰ্ণাটক, হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰ আদি ৰাজ্যৰ প্ৰসংগ উল্লেখ কৰি দেৱব্ৰত শইকীয়াই কয় যে আমি অসমত গৰু চোৰ, গৰু চোৰ বুলি উৎপাত লগাই আছিলো৷ আমাৰ নেতা ৰাহুল গান্ধীয়ে কৰ্ণাটক, হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰ আদি ৰাজ্যত এটা এটা সৰু কোঠালিত ৮০ জনলৈ মানুহৰ থকাৰ তথ্য দেখুৱাই ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ কথা কৈছিল৷ যিটো কোঠালিত চাৰিজন মানুহ থাকিব নোৱাৰে৷ ঘৰৰ নাম নোহোৱা, শূন্য ঘৰৰ নম্বৰটো ভোটাৰক অন্তৰ্ভুক্ত কৰি বিজেপিয়ে কিছুমান অচিনাকী মানুহক ভোট দিয়াৰ ব্যৱস্থা কৰিছিল৷ আনকি ব্ৰাজিলিয়ান মডেলৰ নাম হাৰিয়ানাৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল৷ সেই কথা আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰমাণ সহকাৰে উদঙাই দিছিল৷ আমি অসমত কৈ আছিলো যে অসমত এছআৰ, এছআইআৰ নালাগে৷ আমাক এনআৰচিখন চূড়ান্ত কৰি দিয়ক৷ এনআৰচিত বহুতৰ নাম আহিছে৷ বিভিন্ন কাৰণত বহুতৰ নাম অহা নাই৷ যিসকলৰ নাম অহা নাই তেখেতসকলক এটা সুযোগ দিয়ক৷ কিবা যদি কাগজ-পত্ৰ আছে তাক দিবলৈ সুযোগ দিয়ক৷ অসম চুক্তিত অসমখন বিদেশীমুক্ত হ’ব লাগে বুলি উল্লেখ থকাৰ কথা উল্লেখ কৰি শইকীয়াই লগতে কয় যে এনআৰচিখন হ’লে বিদেশি আছে নেকি সেই কথাটো গম পাম৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আইএমডিটি এক্ট বাতিল কৰি জাতীয় নায়কৰ খিতাপ ল’বলৈ সক্ষম হৈছিল৷ কিন্তু তেওঁলোকে আজি এনআৰচি কৰিবলৈ সাহস কৰা নাই৷ কিন্তু কংগ্ৰেছে একমাত্ৰ দল যিটো দলে কৈ আছো যে এনআৰচিখন সম্পূৰ্ণ কৰক আৰু বিদেশীমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰক আৰু বিদেশী বহিস্কাৰ কৰক৷ আমি এই স্থিতিত অটল হৈ আছো৷ এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন বক্তব্য দিয়ে৷ কেতিয়াবা শৰাইঘাটৰ শেষ ৰণ, কেতিয়াবা কয় মোগলৰ আক্ৰমণ, বিদেশীৰ আক্ৰমণৰ কথা কয়৷ শেহতীয়াকৈ তেওঁ কৈ আছে ‘অচিনাকী’ লোকৰ কথা৷ যোৱা ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে৷ খচৰাখন প্ৰকাশ কৰাৰ আগতে প্ৰতিটো বুথতে বিএলঅ’সকলে নাম অন্তৰ্ভুক্তিৰ কাৰণে সক্ৰিয় হৈছিল৷ এই কাম কৰিবলৈ ইমানে হেঁচা দিছিল যে ৩০ জন বিএলঅ’ৰ প্ৰাণ গৈছে৷ তেওঁলোকক কাম কৰিবলৈ শ্ব’কজ কৰা হয়৷ গাফিলতি নকৰিবলৈ ভাবুকি দিয় হয়৷ শুদ্ধ ভোটাৰ তালিকা লাগে বুলি চৰকাৰৰ হেঁচা দিয়া হয়৷ কিন্তু প্ৰকৃততে বিজেপিয়ে গোপনে নিৰ্দেশ দি ৫ৰ পৰা ১০ হাজাৰ ভোট অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছে৷
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0006
Press Release - English
▪️ Serious allegations by Leader of the Opposition Debabrata Saikia at a press conference
▪️ Instructions issued to include 10,000 out-of-state voters in each constituency
▪️ BJP attempting to impose Hindi-belt dominance in Assam
Guwahati, January 4:
Senior Congress leader and Leader of the Opposition, Debabrata Saikia, has alleged that instead of completing the updating of the National Register of Citizens (NRC) based on the Assam Accord to safeguard the existence of Assam’s indigenous people, the BJP government is engaged in a dangerous conspiracy through the “SR” or Special Revision process. He claimed that this process is, in reality, a strategy to alter Assam’s demography.
Addressing a press conference today after explosive evidence surfaced regarding the inclusion of people from other states in the voter list, Saikia alleged that secret instructions had been issued by the ruling party. He said directions were given at the last moment to include 5,000 to 10,000 unfamiliar names in each Assembly constituency so that, through hired or non-Assamese voters, the Assam Accord could be undermined and the BJP’s imperialistic and fascist government could be brought back to power for another five years.
Saikia stated that clear evidence of an attack on the Assam Accord has emerged from the heart of Guwahati itself. He pointed out that people from Bihar and Uttar Pradesh have been enrolled as voters at houses on Tayebulla Road near the Gauhati High Court. He cited House No. 44 and House No. 2 as examples. At House No. 44, in addition to four legitimate residents, the names of four additional Bihari and Hindi-speaking individuals have been included. At House No. 2, where only Kazi Nekib and two family members reside, the names of three extra persons have been added.
He said that questions had earlier been raised in the Assembly about what would happen if people from Bihar and Uttar Pradesh were enrolled as voters in Assam, how the Assam Accord would be protected, how Assam’s politics and economy would remain free, and how Clause 6 of the Assam Accord would survive. However, the concerned minister failed to respond. Saikia asserted that it is now clear the BJP is trying to influence Assam’s politics by bringing in unknown voters and is making a dangerous attempt to change the state’s demographic structure to establish dominance of the Hindi belt.
He said people across the country, including in Assam, Nagaland and Arunachal Pradesh, understand that Hindi is not a national language and that every region has its own identity and self-respect. He accused the BJP of pushing an agenda of Hindutva, Hindi, and “one nation, one religion,” and said this must be strongly opposed and protested against.
Referring to states such as Karnataka, Haryana, Maharashtra and Bihar, Saikia said that while there was much noise in Assam about cattle theft, Congress leader Rahul Gandhi had exposed how, in states like Karnataka, Haryana, Maharashtra and Bihar, up to 80 people were shown as residing in a single small room for inclusion in voter lists—rooms that could not even accommodate four people. He said the BJP facilitated voting by enrolling unknown individuals using unnamed or vacant house numbers. He further alleged that even a “Brazilian model” name had appeared in Haryana’s voter list, which Rahul Gandhi had exposed with evidence.
Saikia said the Congress has consistently maintained that Assam does not need SR or SIR, but requires the NRC to be finalised. Many names have appeared in the NRC, while many have been excluded for various reasons. He said those excluded should be given an opportunity to submit documents, as the Assam Accord clearly states that Assam must be made free of foreigners. A completed NRC would reveal whether foreigners are present or not.
He added that Chief Minister Himanta Biswa Sarma and former Chief Minister Sarbananda Sonowal earned acclaim as national heroes after the IMDT Act was scrapped, but today they lack the courage to complete the NRC. He said the Congress is the only party that has consistently demanded completion of the NRC, preparation of a foreigner-free voter list, and deportation of foreigners, and that the party remains firm on this stand.
Saikia criticised the Chief Minister for making contradictory statements at different times—sometimes invoking the Battle of Saraighat, sometimes talking about Mughal invasions, foreign attacks, and more recently, “unknown people.” He noted that the draft voter list was published on December 27, and prior to its publication, Booth Level Officers (BLOs) were under intense pressure to include names at every booth. He alleged that the pressure was so severe that 30 BLOs lost their lives. They were issued show-cause notices, threatened against negligence, and pressured in the name of preparing an accurate voter list. However, in reality, the BJP had secretly instructed the inclusion of 5,000 to 10,000 additional voters.
▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0006