বিহপুৰীয়াত বৰ অসমৰ সংকল্প লৈ কংগ্ৰেছৰ বিশাল জনসভা

Published on
Sat, 01/24/2026 - 20:27

▪️সকলো জঘন্য কাণ্ডত হিমন্ত বিশ্ব শৰ্মাৰ নাম আছেঃ গৌৰৱ গগৈ
▪️শ্যামকানুক হিমন্তৰ মানুহে লগ কৰাৰ পিছতে বাতিল কৰিছে জামিন আবেদন 
▪️ধাৰ মাৰিবলৈ চাৰিওফালে মদৰ দোকান-টোলগেট বহুৱাইছে হিমন্ত বিশ্ব শৰ্মাই
▪️হিমন্ত বিশ্ব যদি ডাঙৰ ৰাজনীতিবিদ তেন্তে এবাৰ বিৰোধীত থাকি চাওক
▪️আমি মাজুলীত মামীয়ে কিনা মাটি চাবলৈ যাম
▪️অসমৰ সকলোতকৈ ডাঙৰ মাটিৰ দালাল দিছপুৰত বহি আছে

গুৱাহাটী, ২৩ জানুৱাৰীঃ আজি লখিমপুৰৰ বিহপুৰীয়াৰ পথালিপথাৰত বৰ অসমৰ সংকল্প লৈ অসম প্ৰদেশ কংগ্ৰেছে বিশাল জনসভা অনুষ্ঠিত কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত জনসভা জনসমুদ্ৰত পৰিণত হয়৷ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰে৷ গৌৰৱ গগৈয়ে জনসভাৰ মঞ্চৰ পৰা মই ৰাইজৰ সৈতে ঘৰুৱাভাবে কথা পাতিব বিচাৰিছো বুলি উল্লেখ কৰি কয় যে এইবাৰ অসমত যুঁজ এখন হ’ব৷ মানুহ আজি সভাবোৰত ডেৰ ঘণ্টা নহয় তিনি ঘণ্টা ৰৈ থাকিব পাৰো বুলি কোৱাৰ প্ৰসংগ উল্লেখ কৰি কয় যে মানুহে কৈছে যে কংগ্ৰেছ লাগে৷ আমি য’তে গৈছো মানুহে আমাক আদৰিছে, যুৱসকলে আদৰিছে, মহিলাসকলে আস্থাৰে আমালৈ বাট চাই থাকে, বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ভাবে কেৱল তেওঁৰ ওচৰতহে ক্ষমতা আছে৷ তেওঁ কয় ‘মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো সকলো মোৰ মতে হ’ব লাগিব৷’ ইমান অহংকৰ, ইমান সাহস৷ এইবাৰ অসমৰ জনসাধৰণে দেখুৱাই দিব তেওঁ কোনো ফেক্টৰ নহয়৷ বিজেপিৰ চৰকাৰে ডেৰ লাখ কোটি টকাৰ ঋণ লোৱাত প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে এইখন চৰকাৰ ধৰুৱা হৈ গৈছে৷ ধাৰ মাৰিবলৈ টকা নাই৷ ধাৰ মাৰিবলৈ অসমৰ চাৰিওফালে মদৰ দোকান খুলিছে, চাৰিওফালে টোলগেট বহুৱাইছে৷ বসুন্ধৰাৰ যোগেদি মাটিৰ প্ৰিমিয়াম বঢ়াই দিছে৷ বঢ়াই দিয়াৰ কাৰণ ধাৰ মাৰিব লাগে৷ ট্ৰেফিকৰ জৰিমনা বঢ়াইছে ধাৰ মাৰিবলৈ৷ চৰকাৰী স্কুল বন্ধ কৰাৰ কাৰণ হৈছে শিক্ষকক দৰমহা দিবলৈ টকা নাই৷ যিজন মানুহ ইমান অহংকাৰী আৰু ক্ষমতাশালী বুলি ভাবে আজি মই সেইজনক কৈছো ‘হু ইজ হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা কোন হয়?’ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা চাওক বুলি কটুক্তি কৰি গৌৰৱ গগৈয়ে কয় যে প্ৰথমে আছু কৰিলে৷ তাৰ পিছত নিজক বচাবলৈ কংগ্ৰেছলৈ গ’ল৷ আকৌ এবাৰ নিজক বচাবলৈ গ’ল বিজেপিলৈ৷ কালি যেতিয়া বিজেপি ক্ষমতাৰ পৰা আতৰি যাব তেতিয়া তেওঁ বিজেপিৰ পৰা জাঁপ মাৰি দিব৷ আকৌ কংগ্ৰেছলৈ আহিব খুজিব৷ কিন্তু ৰাইজ আপোনালোকে কওক তেওঁক আকৌ ল’ব লাগে নেকি? আপোনালোকে ল’ব নালাগে বুলি কৈছে যিহেতু আৰু তেওঁক নলও৷ তেওঁ সদাই সোঁতৰ সৈতে গৈ থাকে৷ য’তে ক্ষমতা তেওঁ তাতেই থাকিব৷ যদি তেওঁ ইমানে ডাঙৰ ৰাজনীতিবিদ তেন্তে তেওঁ এবাৰ বিৰোধীত থাকি চাওক কিমান সাহস আছে৷ একে ছেকেণ্ডত সাহস নাইকীয়া হৈ যাব৷ ক্ষমতাত থকা দলৰ সৈতে আছে বাবে ডাঙৰ ডাঙৰ কথা৷ নহ’লে নিজক বচাবলৈ জাঁপ মাৰে৷ যিদিনা বিজেপি যাব সিদিনা আকৌ জাঁপ মাৰিব৷ কিন্তু ৰাইজ আপোনালোকে যিহেতু কৈছে সেইকাৰণে আমি দৰ্জা বন্ধ কৰি ৰাখিম৷ মোৰ এটা কথা মনত পৰিছে৷ যি কথা আমাৰ দলৰ জ্যেষ্ঠনেতাসকলে, দিল্লীৰ নেতাসকলে মোক কয়৷ তুমি যে হিমন্ত বিশ্ব শৰ্মাই ইমানকৈ কৈ থাকা৷ কিন্তু তুমি জানা নে তোমাৰ প্ৰয়াত পিতৃয়ে হিমন্ত বিশ্ব শৰ্মাক কিমান ৰক্ষণা-বেক্ষণ দিলে? মই কও যে সেই কথা মই জানো আৰু মোৰ পিতৃয়েও জানিছিল৷ যাৰ বাবে শেষত তৰুণ গগৈ দেৱে আপছোছ কৰিছিল৷ তেওঁক জ্যেষ্ঠসকলে কৈছিল যে তুমি সাৱধানে থাকিবা৷ হিমন্ত বিশ্ব শৰ্মাই এদিন বিশ্বাসঘাতকতা কৰিব৷ এজন পিতৃয়ে কৰাৰ দৰে হিমন্ত বিশ্ব শৰ্মাক তেখেতে মৰম কৰিলে৷ বিভিন্ন দিশৰ পৰা বচাই ৰাখিলে৷ সেইজন হিমন্ত বিশ্ব শৰ্মাই পিঠিত ডেগাৰ মাৰিলে৷ প্ৰয়াত তৰুণ গগৈয়ে দেৱে কৈছিল যে মই কেনেকৈ গম পাম, মই সহজ-সৰল আৰু সাধাৰণ মানুহ৷ মই কেৱল অসমখনত শান্তি আনিব বিচাৰো৷ অসমত কাম হোৱাটো বিচাৰিছিলো৷ বিশ্বাস কৰিছিল সেইজনক৷ খুলিবলৈ দিলো চেনেল৷ মই কেনেকৈ গম পাম যে এদিন তেৱেই মোৰ পিঠিত ডেগাৰ মাৰিব৷ তেওঁ শেষত আন এটা কথাও কৈছিলে যে মোক তেওঁ ডেগাৰ মাৰিলেই, সৰ্বানন্দ সোণোৱালকো ডেগাৰ মাৰিব৷ সেয়া হৈছে৷ ২০২১ চনত সেই কথা প্ৰমাণিত হ’ল৷ অসমৰ মানুহে সৰ্বানন্দ সোণোৱালক ভোট দিলে, মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালাক বুকুত ডেগাৰ মাৰি নিজেই মুখ্যমন্ত্ৰী হ’ল৷ গগৈয়ে লগতে অসমত বহু মুখ্যমন্ত্ৰী দেখা বুলি উল্লেখ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান মিছলীয়া মুখ্যমন্ত্ৰী মই কেতিয়াও দেখা নাই৷ মোক তেওঁ পাকিস্তানৰ সৈতে সম্পৰ্ক কৰিব বিচাৰে৷ এবছৰ হৈ গ’ল প্ৰমাণ দিব পাৰিলে৷ ১০ ছেপ্টেম্বৰত কিবা হ’ল নেকি? কিন্তু আমি কথা দি কথা ৰাখিলো৷ প্ৰতিমাহে ১০ তাৰিখত বিজেপিৰ মানুহ আমি কংগ্ৰেছ দলত যোগদান কৰি আহিছো৷ বহু মুখ্যমন্ত্ৰী দেখিলো৷ ইমান কেলেংকাৰীৰ সৈতে সম্পৰ্ক থকা মুখ্যমন্ত্ৰী দেখা নাই৷ গীৰ গাই চুৰি হৈছে৷ ধেমাজিত চাউল চোৰ ওলাইছে৷ ধেমাজি এফচিআইৰ পৰা চাউলচোৰ ওলাইছে৷ লখিমপুৰৰ মানুহে কয় দাদা জলজীৱন আঁচনিত ‘নল আছে জল নাই’৷ ৰঙানদী সমষ্টিত মানুহে ক’বলৈ আৰম্ভ কৰিছে যে দাদা বিজেপি অহাৰ পিছত আমাৰ গৰুবোৰ সুৰক্ষিত নহয়৷ গোহালিৰ পৰা গৰুবোৰ লৈ যায়৷ মেঘালয়ত ৩০-৪০ হাজাৰ টকাত বিক্ৰী কৰে৷ ৰঙানদীৰ মানুহ গৰুক লৈ চিন্তিত৷ তোমালোকে হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰা৷ আকৌ গৰু চিণ্ডিকেটৰ সৈতে জৰিত লোকক টিকট দিব বিচৰা৷ এয়া হৈছে হিন্দু ধৰ্মৰ প্ৰতি দায়বদ্ধতা৷ আজি মাজুলীৰ মানুহ মিটিঙলৈ আহিছে৷ আমি বহু মুখ্যমন্ত্ৰী দেখিছো৷ কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাজুলীত মাটি কিনা দেখা নাই৷ মই কালি মৰাণৰ সভাত সুধিছিলো যে মামীয়ে তিনিচুকীয়াত বাগান কিনিছে নেকি? ৰাইজে কৈছে কিনিছে? আজি ৰাইজে কৈছে মাজুলীত মাটি কিনিছে৷ আমি মাজুলীত মামীয়ে কিনা চাব যাম৷ ক্ষমতা ওচৰৰ পৰা দেখা বুলি কৈ প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে মোৰ প্ৰয়াত পিতৃ তিনিবাৰৰ মুখ্যমন্ত্ৰী৷ কেতিয়াও নিজৰ ল’ৰাৰ নামত কোম্পানী কিনা নাছিল, পৰিবাৰৰ নামত চেনেল খোলা নাছিল, বাগান লোৱা নাছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ ল’ৰাৰ নামত ১৭টা কোম্পানী আছে৷ অসমৰ যুৱক হতাশ, চাকৰি নাই৷ হাজিৰা কৰিবলৈ অৰুণাচল, তামিলনাডু, কেৰালালৈ যাব লাগে৷ আৰু তেওঁ নিজৰ ল’ৰাৰ নামত ১৭টা কোম্পানী খুলিছে৷ চাৰিওফালে মদ আৰু চিণ্ডিকেট৷ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুল বন্ধ কৰিছে৷ তেওঁ নিজৰ প্ৰাইভেট স্কুল খোলাত ব্যস্ত হৈ পৰিছে৷ লুই বাৰ্জাৰ, সাৰদা, গীৰ গাই কেলেংকাৰী, টাডাৰ গোচৰ, মানৱেন্দ্ৰ শৰ্মা হত্যাৰ কথাকে কওক৷ এনে এটা জঘন্য কাণ্ড নাই য’ত হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই৷ আজি বসুন্ধৰাত মানুহে মাটি পোৱা নাই৷ মই টিভিৰ নিউজত দেখিছো যে বিজেপিয় কিছু মাটিৰ দালালক ধৰিছে৷ আমি আপত্তি কৰা নাই৷ কিন্তু অসমৰ ভিতৰত সকলোতকৈ বেছি ডাঙৰ মাটিৰ দালাল দিছপুৰতে বহি আছে৷ এতিয়া অসমৰ জনজাতিৰ ৪০ হাজাৰ বিঘা মাটি আদানি-আম্বানি, পতঞ্জলিক দি দিব৷ যিখন অসমক তৰুণ গগৈ দেৱে একতাৰে বান্ধি ৰাখিছিল৷ উন্নয়ন আৰু প্ৰগতিৰ পথেৰে আগুৱাই নিছিল৷ আজি সেই অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি, ভয়-ভাবুকিৰ ৰাজনীতি চলিছে৷ সেইকাৰণে আমি নতুন বৰ অসম গঢ়াৰ সংকল্প লৈছো৷ যিখন বৰ অসমত অসমীয়া মানুহ প্ৰগতিশীল, উৎপাদনশীল হ’ব৷ অসমৰ উদ্যোগ এটা এটাকৈ বন্ধ হৈ গৈছে৷ চাহ উদ্যোগ, পাট-মুগাৰ উদ্যোগ বন্ধ কৰিছে৷ সৰু ঠিকাদাৰৰ কাম নাই৷ গোটেই কাম দিছপুৰৰ পৰা চলিছে৷ ৰাইজৰ বিশ্বাস লৈ আমি আগবাঢ়ি যাব লাগিব৷ বিজেপিয়ে ভয় কৰি ভোট কৰ্তন কৰিব খোজাৰ অভিযোগ উত্থাপন কৰি গগৈয়ে কয় যে আমাৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব খুজিছে৷ মই এই মঞ্চৰ পৰা সকলোকে আহ্বান জনাইছো৷ সকলোৱে নিৰ্বাচন আয়োগৰ ৱেবছাইটত যাওক৷ কাৰ নাম কাটিছে, কাক মৰা বুলি দেখাইছে, স্থানান্তৰিত হোৱা বুলি দেখাইছে সেই তথ্য উলিয়াওক৷ তালিকা ডাউনলোড কৰি মণ্ডলে মণ্ডলে গৈ পুনৰীক্ষণ কৰক৷ বহু ঠাইত জীৱিত মানুহক মৰা বুলি দেখাইছে৷ চৰকাৰী বিএলঅ’ক মৃত বুলি দেখাইছে৷ এই সময়ত আজি নিজে দায়িত্ব ল’ব লাগিব৷ আমি মানুহক সহায় কৰিব লাগিব৷ নিৰ্বাচন আহিব, নিৰ্বাচন যাব৷ কেতিয়াবা কংগ্ৰেছ জয়ী হ’ব, কেতিয়াবা হাৰিব৷ এতিয়া দেখিছো বিজেপি দল ক্ষমতাৰ বাবে ইমান লোভীয়া যে নিৰ্বাচনকো নিজৰ মতে ব্যৱহাৰ কৰিব বিচাৰিছে৷ বকোত নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত বিজেপিৰ মানুহ বহি আছে৷ ভিডিঅ’ কনফাৰেন্সত ভোট কাটিবলৈ নিৰ্দেশ দিছিল৷ এজাহাৰ দিয়া হ’ল৷ কিন্তু ব্যৱস্থা নল’লে৷ ফোন, লেপটপ জব্দ নহ’ল৷ ৰাইজ বিভ্ৰান্ত নহৈ একত্ৰিত হ’লে যিকোনা পৰ্যায়ত বিজেপিক হৰুৱাই কংগ্ৰেছৰ চৰকাৰ গঠন কৰিম৷ জুবিন গাৰ্গে ন্যায় লাভ নকৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে তীব্ৰ আক্ৰমণ কৰি কয় যে শ্যামকানু মহন্তৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ সম্পৰ্ক সেই কথা আমি নাজানো নেকি? আমি সকলো খবৰ ৰাখিছো৷ হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে যে আমি খবৰ ৰখা নাই৷ ৰাতি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ হৈ শ্যামকানু মহন্তক কোনে ল’গ পাবলৈ যায়৷ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া মতে কৰিবলৈ দিয়াৰ খবৰ আমি পাই আছো৷ জামিন আবেদন কৰি জামিনৰ আবেদন বাতিল কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ এজন মানুহ শ্যামকানুৰ ওচৰলৈ যোৱাৰ পিছতে জামিন আবেদন বাতিল কৰিলে৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থকা পৰ্যন্ত জুবিন গাৰ্গে ন্যায় নাপায়৷ আমি জুবিনদাৰ দৰে ন্যায়ৰ পক্ষত কাঞ্চনজংঘাৰ দৰে থিয় দিব লাগিব- কয় গৌৰৱ গগৈয়ে৷ সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা উপস্থিত থাকি বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে৷ ২০১৬ চনত বিজেপিয়ে ভিজন ডকুমেণ্টত কি কি প্ৰতিশ্ৰুতি দিছিল সেই কথা মনত পেলাই কয় যে বিজেপিয়ে জাটি, মাটি, ভেটি ৰক্ষা কৰাৰ লগতে বানমুক্ত, গৰাখহনীয়া মুক্ত, নিবনুৱা মুক্ত, কৃষকৰ উপাৰ্জন বৃদ্ধি হ’ব, শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি হ’ব বুলি সপোন দেখুৱাইছিল৷ শৰাইঘাটৰ শেষ ৰণ হ’ব বুলি কৈছিল৷ কিন্তু সেয়া একোকে নহ’ল৷ সেইকাৰণে আজি কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ এই বিফলতাক ৰাইজৰ মাজলৈ নিবলৈ সাজু হ’ব লাগিব৷ বিশাল সভাত দলীয় কৰ্মীক সম্বোধন কৰি নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহঃ তত্ত্বাৱধায়ক মনোজ চৌহানে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কোনোৱেও ৰক্ষা কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰি কয় যে অসমৰ মানুহে কংগ্ৰেছক ভোট প্ৰদান কৰিবলৈ সাজু হৈছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে ভাষণ প্ৰদান কৰি কয় যে অসমৰ জনগণ সহজ-সৰল৷ মৰমেৰে জীয়াই থাকিবলৈ জানে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈয়ে এইখন ৰাজ্যত চম্ভালিছিল৷ অসমৰ জনগণে স্বাভিমানৰ সৈতে জীয়াই থাকে৷ স্বাভিমানত আঘাত কৰিলে বহি নাথাকে অসমৰ জনগন৷ অসমৰ জনগণে আগন্তুক নিৰ্বাচনত বৃহৎ পৰিৱৰ্তন কৰিবলৈ আগবাঢ়িছে বুলিও কয় তিৰ্কীয়ে৷ বিশাল সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ভাষণ প্ৰদান কৰি সকলো কংগ্ৰেছ কৰ্মীক আগন্তুক নিৰ্বাচনত মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়৷ সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ, প্ৰাক্তন সাংসদ আৰ.পি শৰ্মা, কাৰ্যকৰী সভাপতি ৰজ’লীনা তিৰ্কী, ছত্তিশগড়ৰ বিনোদ বৰ্মা, উপ-সভাপতি ঘন বুঢ়াগোহাঁই, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সাধাৰণ সম্পাদক প্ৰেমলাল গুঞ্জু, শৈলেন সোণোৱালকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ 

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0042

▪️ Massive Congress public rally at Bihpuria with the resolve to build a “Greater Assam”
▪️ Himanta Biswa Sarma’s name is linked with every heinous act: Gaurav Gogoi
▪️ Bail plea withdrawn after Himanta’s aide met Shyamkanu
▪️ Liquor shops and toll gates set up everywhere to raise loans: Himanta Biswa Sarma
▪️ If Himanta Biswa is a big politician, let him try sitting in the opposition once
▪️ We will go to Majuli to see the land bought by ‘Mami’
▪️ Assam’s biggest land broker is sitting in Dispur

Guwahati, January 23:

With the resolve to build a “Greater Assam,” the Assam Pradesh Congress Committee (APCC) today organised a massive public rally at Pathalipathar in Bihpuria, Lakhimpur district. The rally, held in the presence of APCC President Gaurav Gogoi, turned into a sea of people. Addressing thousands, Gogoi launched a sharp attack on Chief Minister Himanta Biswa Sarma.

Speaking from the stage, Gogoi said he wanted to speak informally with the people and asserted that Assam is headed for a decisive battle this time. Referring to people saying they are ready to wait not just one-and-a-half hours but even three hours, he said the message from the ground is clear—people want the Congress. “Wherever we go, people welcome us—youth, women look to us with trust, and elders bless us,” he said.

Gogoi alleged that Himanta Biswa Sarma believes power rests only with him and that everything must happen according to his wishes as long as he remains Chief Minister. “Such arrogance, such audacity,” he said, adding that the people of Assam will show he is not a decisive factor.

Raising questions over the BJP government taking loans worth ₹1.5 lakh crore, Gogoi said the government has become debt-ridden and has no money to borrow. “To raise money, liquor shops have been opened across Assam and toll gates set up everywhere. Land premiums have been increased through Basundhara for the same reason. Traffic fines have been raised to generate revenue. Government schools are being shut because there is no money to pay teachers’ salaries,” he alleged.

Calling Sarma’s political journey opportunistic, Gogoi said he began with AASU, then moved to the Congress to save himself, and later jumped to the BJP again for self-preservation. “The day the BJP loses power, he will jump again and want to return to Congress. But should we take him back? The people say no—and so will we,” Gogoi said. “If he is such a big politician, let him sit in the opposition once. His courage will vanish in a second.”
Recalling conversations with senior leaders, Gogoi referred to the late former Chief Minister Tarun Gogoi’s relationship with Himanta Biswa Sarma. He said Tarun Gogoi treated Sarma like a son, protected and supported him, but was ultimately betrayed. “Tarun Gogoi later regretted it,” he said, adding that Sarma would also betray Sarbananda Sonowal—something that was proven in 2021 when Sonowal was sidelined despite winning the mandate.

Gogoi said he has seen many Chief Ministers but never one as misleading as Himanta Biswa Sarma. “He tries to link me with Pakistan—has he been able to produce proof in a year? Did anything happen on September 10?” he asked, adding that the Congress keeps its word, noting that BJP members are joining the Congress every month on the 10th.

Alleging multiple scandals, Gogoi said Assam has never seen a Chief Minister associated with so many controversies—Gir cow theft, rice theft from FCI in Dhemaji, failures of the Jal Jeevan Mission with ‘pipes but no water’ in Lakhimpur, cattle thefts reported from Rangandi, and alleged cow syndicates even as the BJP claims to practice politics in the name of Hinduism.

He also alleged that the Chief Minister’s wife has purchased land in Majuli. “We will go to Majuli to see the land bought by ‘Mami’,” he said. Contrasting this with his own family, Gogoi said his late father, a three-time Chief Minister, never bought companies in his son’s name, opened channels in the family’s name, or acquired tea gardens. “But Himanta Biswa Sarma has 17 companies in his son’s name,” he alleged, while youths remain unemployed and migrate to Arunachal Pradesh, Tamil Nadu, and Kerala for daily wages.

Gogoi further accused the government of promoting liquor and syndicates, shutting government schools while being busy opening private schools, and linked Sarma’s name to cases such as Louis Berger, Saradha, Gir cow scam, TADA cases, and the Manavendra Sarma murder. “There is no heinous act where his name does not figure,” he alleged.

On land issues, Gogoi said people are not getting land under Basundhara and alleged that while some land brokers are being arrested, the biggest land broker is sitting in Dispur. He warned that 40,000 bighas of tribal land are being handed over to Adani-Ambani and Patanjali.

Calling for a new “Greater Assam,” Gogoi said Tarun Gogoi had kept Assam united and on the path of development, but today the state is witnessing uncivil, arrogant, and fear-driven politics. “In the Greater Assam we envision, Assamese people will be progressive and productive,” he said, lamenting the closure of tea, jute, and silk industries and the plight of small contractors.

Accusing the BJP of attempting voter deletions, Gogoi urged people to check the Election Commission website, download voter lists, and verify deletions, deaths, or transfers. He alleged that living people are shown as dead and even government BLOs are marked deceased. “Elections will come and go, Congress may win or lose, but the BJP’s greed for power is such that it wants to misuse the election process,” he said, alleging BJP presence in election offices and inaction despite FIRs.

On the issue of justice for Jubin Garg, Gogoi alleged close links between Himanta Biswa Sarma and Shyamkanu Mahanta, claiming that after an aide of Sarma met Shyamkanu, the bail plea was withdrawn. “As long as Himanta Biswa Sarma remains Chief Minister, Zubeen Garg will not get justice,” he said, calling for standing firm like Kanchenjunga in the fight for justice.

Senior Congress leader Bhupen Bora also addressed the rally, recalling the BJP’s 2016 vision document promises—protecting land and identity, flood and erosion control, employment, farmers’ income, workers’ wages, and the ‘last battle of Saraighat’—and said none were fulfilled. He urged party workers to take the BJP’s failures to the people.
AICC Secretary and APCC Co-incharge Manoj Chauhan said no one can save Himanta Biswa Sarma’s government this time, asserting that the people of Assam are ready to vote for Congress. APCC observer Bandhu Tirkey said Assamese people are simple and self-respecting, recalling former CMs Hiteswar Saikia and Tarun Gogoi, and predicted a major change in the upcoming elections. Former Union Minister Pawan Singh Ghatowar called on party workers to stand united and fight the elections decisively.

Former Union Minister Rani Narah, former MP R.P. Sharma, Working President Rojelina Tirkey, Chhattisgarh leader Vinod Verma, Vice President Ghan Burhagohain, APCC Media Department Chair Bedabrata Bora, General Secretary Premlal Gunju, Shailen Sonowal, and several other senior leaders were present.

▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0042