বিধায়কৰ আৱাসস্থলীত গুলী ফুটাইছিল কোনে? সদন কমিটিৰ দ্বাৰা তদন্তৰ দাবী কংগ্ৰেছৰ

Published on
Mon, 11/13/2023 - 17:43

গুৱাহাটী, ১৩ নৱেম্বৰঃ অসম বিধানসভাৰ বিধায়ক আৱাসত ৰহস্যজনক গুলীবৰ্ষণৰ ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। যিটো আৱাসস্থলীত গুলীচালনা সংঘটিত হৈছে সেই আৱাসত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু উপ-দলপতি ৰকিবুল হুছেইন ডাঙৰীয়াও থাকে। বিৰোধী দলৰ নেতা থকা আৱাসস্থলীত কেনেকৈ গুলীচালনাৰ দৰে ঘটনা ঘটিবলৈ পালে সেয়া এক বিচাৰ্যৰ বিষয় বুলি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপ-সভাপতি বেদব্ৰত বৰাই উল্লেখ কৰে আৰু সমগ্ৰ বিষয়টো বিধানসভাৰ অধ্যক্ষক সদন কমিটিৰ দ্বাৰা তদন্ত কৰাবলৈ দাবী জনায়। বৰাই বিবৃতিত কয় যে বিৰোধী দলৰ নেতাক মুখ বন্ধ কৰিবৰ বাবে এইধৰণৰে গুলী ফুটাই ভাবুকি প্ৰদৰ্শন কৰা হৈছে বুলি ভবাৰো থল আছে। বিজেপিৰ বিধায়ক মৃণাল শইকীয়া, ৰূপজ্যোতি কুৰ্মী, এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামো থকা এই আৱাসত ফুটুওৱা গুলী নিজৰ চৰকাৰী অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ নে অবৈধ মাৰণাস্ত্ৰ সেই বিষয়েও তদন্ত কৰাৰ প্ৰয়োজন আছে বুলিও বৰাই কয়। যদি মাৰণাস্ত্ৰৰ দ্বাৰা সঁচাকৈয়ে গুলী ফুটোৱা হৈছিলেই তেন্তে তাৰ অন্তৰ্নিহিত উদ্দেশ্য কি সেয়াও তদন্তৰ আওতালৈ আনিবল লাগে। যাৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে সেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাই বৰাই। ইফালে যুগশংখ নামৰ সংবাদপত্ৰখনত প্ৰকাশ পোৱা তথ্য অনুসৰি এআইইউডিএফৰ নেতা বদৰুদ্দিন আজমলে সাংবাদিকক দেখিলেই পিটিব লাগে বুলি কৰা মন্তব্যকো তীব্ৰভাষাৰে নিন্দা কৰি বৰাই কয় যে আজমলৰ দৰে সাম্প্ৰদায়িক নেতাৰ বিৰুদ্ধে চৰকাৰখনে ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। শিলচৰ প্ৰেছ ক্লাৱে আজমলক গ্ৰেপ্তাৰৰ দাবী জনাইছে যদিও আৰক্ষীয়ে বিষয়টো এতিয়াও গুৰুত্ব সহকাৰে নোলোৱাতো বিজেপি চৰকাৰ আৰু আজমলৰ মাজত থকা গোপন যোগসূত্ৰকেই প্ৰমাণ কৰে বুলি বৰাই বিবৃতিটোত উল্লেখ কৰে।