বিধানসভা নিৰ্বাচনৰ বাবে ৰাজীৱ ভৱনত তৎপৰতা 

Published on
Mon, 01/05/2026 - 17:35

▪️১০০টা সমষ্টিৰ বাবে ৫০০জনে সংগ্ৰহ কৰিলে আবেদন পত্ৰ, ৫জনে দাখিল কৰিলে আবেদন

গুৱাহাটী, ৫ জানুৱাৰীঃ ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰাজীৱ ভৱনত আজিৰে পৰা আৰম্ভ হৈছে। ইতিমধ্যে মুকলি কৰি দিয়া আবেদনপত্ৰ www.apcc.assam.org ৱেবছাইটযোগে প্ৰায় ৫ শতাধিক প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে সংগ্ৰহ কৰিছে আৰু আজি ৫জন আবেদনকাৰীয়ে ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্ৰাৰ্থীসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ সাহায্য হিচাপে ডিমাণ্ড ড্ৰাফটযোগে ৫০,০০০কৈ টকাও জমা দিছে। এই প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ বাবে আবেদন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে। ডিগবৈ সমষ্টিৰ বাবে আবেদন কৰিছে গুণকান্ত গগৈয়ে। জোনাই বিধানসভা সমষ্টিৰ বাবে ৰঞ্জিতা পেগু, ধুবুৰী বিধানসভা সমষ্টিৰ বাবে আবু তাহেৰ আলী বেপাৰী আৰু গোৱালপাৰা পূৱ সমষ্টিৰ বাবে আমানুল ইছলামে আবেদন পত্ৰ জমা দিছে। আবেদন পত্ৰ জমা দিয়াৰ প্ৰথম দিন হিচাপে ৫খন আবেদন ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ হেমহৰি পেগুৱে প্ৰাপ্তি স্বীকাৰ কৰিছে। অহা ২০ জানুৱাৰীলৈকে আবেদন পত্ৰ জমা দিব পাৰিব।

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0007

▪️ Heightened activity at Rajiv Bhavan ahead of the Assembly elections
▪️ 500 application forms collected for 100 constituencies; 5 applications submitted

Guwahati, January 5: The process for the 2026 Assembly elections formally commenced today at Rajiv Bhavan. Following the release of application forms, nearly 500 aspiring candidates have already collected the forms through the website www.apcc.assam.org
. On the first day, five applicants officially submitted their nomination applications at Rajiv Bhavan.

Each applicant has also deposited ₹50,000 via demand draft as a contribution to the Assam Pradesh Congress Committee (APCC).

Among the applicants, Bipul Gogoi, General Secretary (Organisation) of the APCC, has applied for the Tinkhong constituency. Gunakanta Gogoi has submitted his application for the Digboi constituency. Ranjita Pegu has applied for the Jonai Assembly constituency, Abu Taher Ali Bepari for the Dhubri Assembly constituency, and Amanul Islam for the Goalpara East constituency.

As it was the first day of submission, the five applications were formally received and acknowledged by APCC Treasurer Hemhari Pegu. Applications may be submitted until January 20.

▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0007