▪️প্ৰতিখন জিলা সদৰতে জিলা কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বৰ সংবাদমেল
গুৱাহাটী, ১০ জানুৱাৰীঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ নামেৰে থকা এমজিএনৰেগা আইনখন সংশোধন কৰি মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে ভিবি-জি ৰাম জি নামেৰে নতুন আইন প্ৰণয়ন কৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা কংগ্ৰেছ দলে ''মনৰেগা বচাও আন্দোলন’’ আৰম্ভ কৰিছে। আন্দোলনৰ অংশস্বৰূপে আজি প্ৰথম দিনা কামৰূপ মহানগৰ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, দৰং, হাইলাকান্দি, বাক্সাসহ অসমৰ প্ৰতিখন জিলা সদৰত সংবাদমেলৰ জৰিয়তে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিসমূহ কংগ্ৰেছ নেতৃত্বই উদঙাই দিয়ে। এই সংবাদমেলত জিলা সভাপতিসকলৰ লগতে শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলাৰ সদৰ গুৱাহাটীত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি স্বপন দাসৰ হৈ সংবাদ মেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কুশল শৰ্মা, ৰূপক দাস আৰু মুখপাত্ৰ অনিতা দেৱীয়ে। আনহাতে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মীয়ে জিলা সদৰ তেজপুৰত আয়োজন কৰা সংবাদমেলত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। প্ৰতিখন সদৰতে আয়োজিত সংবাদমেলত কংগ্ৰেছ নেতাসকলে এই আইনখনৰ জৰিয়তে বিজেপি চৰকাৰে কিদৰে শ্ৰমিকসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ পৰিৱৰ্তে হিতাধিকাৰী সজাবলৈহে উঠি-পৰি লাগিছে সেয়া সৰল ভাষাৰে বৰ্ণনা কৰে। এমজিএনৰেগা আইনৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱা কাৰ্যৰ জৰিয়তে নাথুৰাম গডছেৰ পিছত জাতিৰ পিতা মহাত্মা গান্ধীক বিজেপি চৰকাৰখনে যে পুনৰ দ্বিতীয়বাৰৰ বাবে হত্যা কৰিবলৈ ওলাইছে সেয়াও সংবাদমেলত উল্লেখ কৰে কংগ্ৰেছ নেতাসকলে। সংবাদমেলত কংগ্ৰেছ নেতৃবৃন্দই সদৰী কৰা অনুসৰি ভিবি-জি ৰাম জি প্ৰত্যাহাৰ কৰি পুনৰ এমজিএনৰেগা বলৱৎ নকৰা পৰ্যন্ত সমগ্ৰ দেশতে কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব। উল্লেখ্য যে সমগ্ৰ দেশত ২ অক্টোবৰ পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। অসমতো এমজি-এনৰেগা আইন পুনৰ বলৱৎ কৰাৰ বাবে সংবাদমেলৰ যোগেদি প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে৷ সেই অনুসৰি অহা ১২ জানুৱাৰীত উন্নয়ন খণ্ডসমূহৰ কাৰ্যালয়ত ধৰ্ণা, ১৭ জানুৱাৰীত পঞ্চায়তে পঞ্চায়তে ৰাইজক সজাগ কৰাৰ লগতে প্ৰচাৰ পত্ৰ আৰু পোষ্টাৰ বিতৰণ কাৰ্যসূচী আৰু অহা ৩০ জানুৱাৰীত শ্বহীদ দিৱস অৰ্থাৎ মহাত্মা গান্ধীৰ ময়াপ্ৰয়াণৰ দিনটোত সমগ্ৰ অসমতে দিনযোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0017
Press Release - English
▪️ “Save MGNREGA Movement” launched by the Pradesh Congress in Assam as well
▪️ Press conferences held by top leadership of District Congress Committees at all district headquarters
Guwahati, January 10: Opposing the move of the Modi-led NDA government to amend the MGNREGA Act—named after the Father of the Nation, Mahatma Gandhi—and introduce a new law in the name of “VB-G RAM G”, the Congress party has launched the “Save MGNREGA Movement” across the country, including Assam, starting today.
As part of the movement, on the very first day, Congress leaders exposed the anti-labour policies of the BJP government through press conferences held at district headquarters across Assam, including Kamrup Metropolitan, Sonitpur, Lakhimpur, Dhemaji, Tinsukia, Dibrugarh, Charaideu, Hailakandi, Darrang, Baksa and others. District Congress Committee presidents along with senior leaders participated in these press conferences.
At the Kamrup Metropolitan district headquarters in Guwahati, a press conference was addressed at the Manavendra Sharma Complex on behalf of the Guwahati Metropolitan District Congress Committee president Swapan Das by senior Pradesh Congress spokespersons Kushal Sharma and Rupak Das, and spokesperson Anita Devi. Meanwhile, at the press conference organised at Tezpur, the district headquarters of Sonitpur, Assam Pradesh Congress Committee Chairman of the Media and Communication Department, Bedabrat Bora, participated along with Sonitpur District Congress Committee president Kartik Kurmi.
At the press conferences held at all district headquarters, Congress leaders explained in simple terms how, through this new law, the BJP government is more focused on turning workers into beneficiaries rather than empowering them to become self-reliant. The leaders also stated that by removing Mahatma Gandhi’s name from the MGNREGA Act, the BJP government is attempting to “kill the Father of the Nation for the second time”, after Nathuram Godse.
Congress leaders further announced that the party will continue its protest across the country until the VB-G RAM G Act is withdrawn and the MGNREGA Act is reinstated. Notably, this protest programme will continue nationwide till October 2.
In Assam too, the Pradesh Congress leadership announced a series of agitation programmes through press conferences to demand the reinstatement of the MGNREGA Act. As per the programme, dharnas will be held at development block offices on January 12; awareness campaigns will be conducted at the panchayat level along with distribution of pamphlets and posters on January 17; and on January 30, Martyrs’ Day—the day of Mahatma Gandhi’s martyrdom—a day-long statewide dharna will be organised across Assam.
▪️ Media and Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0017