▪️হাজো-শুৱালকুছি সমষ্টিত গৌৰৱ গগৈ-ভূপেন বৰাৰ প্ৰাক-নিৰ্বাচনী প্ৰচাৰ
▪️১০ বছৰত এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বিজেপিয়েঃ ভূপেন বৰা
▪️শিঙিমাৰী বজাৰৰ পৰা আলু-বিলাহী, তিতাকেৰেলা কিনি কৃষকৰে বাৰ্তালাপ গৌৰৱ গগৈৰ
গুৱাহাটী, ১৮ জানুৱাৰীঃ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ লগত কংগ্ৰেছ দলে কোনোধৰণৰ নিৰ্বাচনী মিত্ৰতা নকৰে। আজি এই কথা পুনৰবাৰ ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলে যোৱা লোকসভা নিৰ্বাচনত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ পিছত ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যি ৰাজনৈতিক অংক কৰিছে সেই অংকত সম্পূৰ্ণ আউল লগাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি হাজো-শুৱালকুছি সমষ্টিৰ সাংগঠনিক সভাত এই কথা স্পষ্ট কৰি দিয়ে। নলবাৰী বিধানসভা সমষ্টিৰ পিছত গৌৰৱ গগৈয়ে আজিৰ দিনটো হাজো-শুৱালকুছি সমষ্টিত প্ৰাক-নিৰ্বাচনী প্ৰচাৰ চলায়। বাইক ৰেলী, চাইকেল ৰেলী আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু পৱিত্ৰ স্থানসমূহত আশীষ লৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি কৰা এই যাত্ৰাৰ অংশ হিচাপে কাইলৈ গোৱালপাৰা জিলাৰ বিভিন্ন স্থানৰ সভা-সমিতিত অংশগ্ৰহণ কৰিব।
আজিৰ সভাসমূহত সভাপতি গৌৰৱ গগৈৰ লগতে প্ৰাক্তন সভাপতি ভূপেন বৰাইয়ো অংশগ্ৰহণ কৰে। নিজৰ ভাষণত আজি গৌৰৱ গগৈয়ে 'হাতে হাত ধৰো নতুন বৰ অসম গঢ়ো’ ধ্বনিৰে হাজো-শুৱালকুছিৰ আকাশ-বতাহ কঁপাই তোলে। হিমন্ত বিশ্ব শৰ্মাক অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দি গগৈয়ে কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ মিছা কথা ক’লে৷ মোৰ পাকিস্তানৰ সম্পৰ্কক লৈ মিছা কথা ক’লে৷ অংগনবাড়ী কৰ্মী, এনএইচএমৰ কৰ্মীসকলক সহায় কৰিম বুলি মিছা কথা ক’লে৷ ''হিমন্ত বিশ্ব শৰ্মাই ২০টা বছৰে ৰাইজক সেৱা নকৰিলে৷ কেৱল নিজৰ ল’ৰাৰ নামত, পত্নীৰ নামত ধন-সম্পত্তি গঢ়িলে৷ আজি মই কথা দিছো আমাৰ চৰকাৰ আহিলে য’ত য’ত হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে সম্পত্তি গঢ়িছে, বাগান গঢ়িছে সেইবোৰ কাঢ়ি দুখীয়া মানুহৰ মাজত বিতৰণ কৰি দিম৷ থলুৱা উদ্যোগ পুনৰ গঢ়ি তুলিম৷ য’ত স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে, আমি মদৰ দোকান বন্ধ কৰি স্কুল খুলিম৷ আমি সংকল্প লৈছো অসমত বিজেপিৰ চৰকাৰ ওফৰাই কংগ্ৰেছৰ চৰকাৰ স্থাপন কৰিম৷ আমাৰ মাজত আমি শান্তি-সম্প্ৰীতি গঢ়ি তুলিম৷ যেনেকৈ তৰুণ গগৈয়ে দুখীয়া মানুহক সহায় কৰিছিল আমিও তেনেকৈ সহায় কৰিম৷’’-গগৈয়ে কয়। তেওঁ আৰু কয় যে মানুহৰ মনত এটাই ক্ষোভ, এটাই কথা৷ মানুহে কৈছে যেতিয়া অসমত তৰুণ গগৈ চৰকাৰ আছিল তেতিয়া আমি সুৰক্ষিত আছিলো৷ বিজেপি চৰকাৰ অহাৰ পিছত আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমি শান্তিত জীয়াই থাকিব পৰা নাই৷ যি কথা বড়োসকলে কয়, ৰাভাসকলে কয়, গোৰ্খাসকলে কয়, বঙালীসকলে কয়, মিচিংসকলে আৰু ভোজপুৰী সমাজে কয়৷ মানুহে মোক কয় তৰুণ গগৈৰ দিনত আমাৰ নিৰাপত্তা আছিল, সন্মান পাইছিলো৷ কিন্তু আজি সমাজখন তচনচ কৰি সমাজত সন্ত্ৰাস সৃষ্টি কৰিছে৷ কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা ভাষাৰ নামত, কেতিয়াবা জনগোষ্ঠীৰ নামত, জনজাতিৰ নামত, কেতিয়াবা উজনি-নামনিৰ মাজত, কেতিয়াবা বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে৷ তেনেদৰে বিভাজন কৰা মানুহে সমাজৰ উন্নয়ন নিবিচাৰে, কেৱল নিজৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিব বিচাৰে৷ আজি সেয়াই হৈছে৷ গগৈয়ে আৰু কয় যে ৰাইজে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীক ২০-২২ বছৰ লক্ষ্য কৰি আছে৷ কংগ্ৰেছত থাকি ৰাজনৈতিক যাত্ৰা কৰিলে৷ কংগ্ৰেছত থাকি চিণ্ডিকেটৰ সাম্ৰাজ্য গঢ়িলে৷ মিডিয়া চেনেল, ভাল ঘৰ, ভাল মাটি ল’বলৈ আৰম্ভ কৰিলে৷ কয়লা, ব্ৰইলাৰ, কণী চিণ্ডিকেট চলালে৷ সাৰদা কেলেংকাৰী কৰিলে, লুইজ বাৰ্জাৰ কেলেংকাৰী৷ কংগ্ৰেছৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ কেলেংকাৰী আৰু ব্যক্তিগত স্বাৰ্থ৷ যাৰ বাবে অসমৰ জনসাধৰাণে কংগ্ৰেছ দলক বেয়া পালে৷ ২০১৬ চনত নিজৰ বেয়া কৰ্মৰ যোগেদি কংগ্ৰেছক পৰাজিত কৰি বিজেপিক শাসনলৈ মাতি আনিলে৷ আজি অসমৰ মানুহে দেখা পালে যে যিসকলে কংগ্ৰেছ দলত থাকি অসমৰ ৰাইজক লুটিলে, চৰকাৰী বিভাগ ধ্বংস কৰিলে সেইসকলে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে বহি আছে৷ তেওঁলোকে বিজেপিত একেইখিনি কাম কৰিছে৷ তেওঁলোকে ব্যক্তিগত ধন সম্পত্তি বৃদ্ধি কৰিছে৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ভাৰতবৰ্ষৰ কোটি পতি মুখ্যমন্ত্ৰীৰ তালিকাত আছে৷ কিন্তু অসমৰ জনসাধৰণক যেনেদৰে আগুৱাই নিব লাগে তেনেদৰে নিব পৰা নাই৷ তেওঁলোকে আঁচনি দিছে সকলোৱে পোৱা নাই৷ সকলোৱে চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই৷ দুখীয়া মহিলাই আঁচনিৰ সুবিধা নাপায়৷ যিসকলে বিজেপিৰ বিধায়ক-মুখ্যমন্ত্ৰীৰ ওচৰত গৈ কমিছন দি আহে তেওঁলোকক আঁচনিৰ সুবিধা দিয়ে৷ যিসকলে বিজেপিৰ সৈতে থাকি চাকৰি পাইছে তেওঁলোকৰ ঘৰত চাৰি-পাঁচটাকৈ আঁচনি লাভ কৰিছে৷ সমগ্ৰ অলমৰ মানুহে এটাই কথা যে আমি দুখীয়া কিন্তু ঘৰ পোৱা নাই৷ আঁচনিৰ লাখ লাখ, কোটি কোটি টকা গ’ল কলৈ? লাখ লাখ কোটি টকা বিজেপি দলে তেওঁলোকৰ কৰ্মীৰ মাজত খাই পেলাইছে৷ খেতিয়কৰ বাবে আঁচনি ওলাই৷ কিন্তু প্ৰকৃত খেতিয়কে সুবিধা নাপায়৷ পিএম কিষাণত বৃহৎ কেলেংকাৰী দেখা পাইছো৷ যিসকল বিজেপি কৰ্মীৰ দোকান আছে কিন্তু বিজেপিৰ কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ বাবে পিএম কিষাণৰ ধন পাইছে৷ আমি আজি ৰাইজৰ মাজত কথা দিছো যে আঁচনি আগতেও আছিল, আজিও আছে আৰু পৰৱৰ্তী সময়তো থাকিব৷ অসমত আগন্তুক সময়ত কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া বিধায়ক-মন্ত্ৰীৰ ওচৰত যাব নালাগে৷ যিসকল দুখীয়া তেওঁলোকে আঁচনি পাব৷ বিধায়ক আৰু মন্ত্ৰীৰ চহী নালাগে৷ চৰকাৰৰ কাম হৈছে সেৱা কৰা৷ আজি মানুহে হাস্পতালত গ’লে চিকিৎসা নাপায়৷ আজি হাস্পতালত ডাক্তৰ নাথাকে, দৰৱ নাপায়, স্কুলত কিতাপ নাপায়, ছাত্ৰৰ বহিবলৈ টেবুল নাই৷ কাৰণ হৈছে মুখ্যমন্ত্ৰী কেৱল নিজৰ ব্যৱসায়ক লৈ ব্যস্ত৷ তেওঁ চৰকাৰী স্কুল বন্ধ কৰি নিজৰ স্কুল খুলিছে৷ তেওঁ বিচাৰে ল’ৰা-ছোৱালীবোৰে পত্নীৰ স্কুলত পঢ়ক৷ আজি শিক্ষিত ল’ৰা-ছোৱালীক চাকৰি দিব পৰা নাই৷ কিন্তু নিজৰ ল’ৰাৰ নামত ১৮টা কোম্পানী খুলিছে৷ থলুৱা ক্ষুদ্ৰ উদ্যোগ বন্ধ কৰা হৈছে৷ গগৈয়ে কয়, ''মই নিজেই শুৱালকুছিৰ পৰা আহিলো৷ শুৱালকুছিত এৰী, মুগা, পাটৰ থলুৱা উদ্যোগ ধ্বংস হৈ গ’ল৷ এই উদ্যোগবোৰ নিজৰ ঘৰৰ পৰা চলাব বিচাৰিছে৷ ইয়াৰ আগৰ মুখ্যমন্ত্ৰীবোৰে থলুৱা উদ্যোগক আগুৱাই লৈ যায়৷ কিন্তু এইবাৰ এজন ব্যতিক্ৰম মুখ্যমন্ত্ৰী দেখিলো যে গোটেই উদ্যোগ বন্ধ কৰি সকলো নিজৰ ঘৰৰ পৰা চলাব বিচাৰিছে৷ শুৱালকুছিৰ উদ্যোগ, চাহ উদ্যোগ বন্ধ৷ কিন্তু নিজৰ পত্নীৰ নামত বন্ধু, ভাই-ককাইৰ নামত বাগান কিনি গৈছে, বাগানৰ সংখ্যা বাঢ়ি গৈছে৷ চাহ উদ্যোগ ধৰি ৰাখিব নোৱাৰিলে, সমবায় উদ্যোগবোৰ ধৰি ৰাখিব নোৱাৰিলে৷ বিশ্বাসঘাটক আৰু মিছাৰ ৰাজনীতি আৰু নচলিব৷ আমাক এনে ৰাজনীতিৰ পৰা পৰিত্ৰাণ লাগে৷ আমাক লাগে শান্তি, সন্মান৷'' গগৈয়ে কয় যে আমি এতিয়া নতুন বৰ অসমৰ সপোন দেখিছো৷ যিখন বৰ অসম মাত্ৰ এজনৰ নহয়৷ এজন মানুহৰ ঘৰৰ উন্নয়নৰ বাবে নহয়৷ কেৱল এজন মানুহে অহংকাৰ কৰিবলৈ নহয়৷ যিখন বৰ অসম হ’ব তাৰ সকলোৱে অংশীদাৰ হ’ব৷ য’ত আমি স্বাভিমানেৰে জীয়াই থাকিব পাৰিম৷’’ হাজো মানে সমন্বয় আৰু শুৱালকুছি মানে থলুৱা উদ্যোগ বুলি কৈ গগৈয়ে কয় যে আজি মানুহবোৰ এক হৈছে বাবে বিজেপি দল শংকিত হৈছে৷ তেওঁ কয়, ''হিমন্ত বিশ্ব শৰ্মা এতিয়া উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে৷ প্ৰতিখন জিলাত কংগ্ৰেছৰ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰিছে৷ তুমি যদি ইমানে জনপ্ৰিয়, শক্তিশালী, সাহসী তেন্তে ইমান ভয় কিহৰ৷ ইমানে যদি ভাল কাম কৰিছে তেন্তে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মানুহ নাম ভোটাৰ তালিকাত কিয় সোমাইছে? আমাৰ অসমৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কিয় কাটিছে?’’
আজিৰ এই সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাইয়ো অংশগ্ৰহণ কৰে। নিজৰ ভাষণত বৰাই কয় যে বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে৷ ২০১৬ চনত শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিল৷ অসমখনক বিদেশী শত্ৰুৰ পৰা অসমক ৰক্ষা কৰিবলৈ শৰাইঘাটৰ ৰণ হৈছিল৷ মহাবীৰ লাচিত বৰফুকনে কাষত বাঘ হাজৰিকাক লগত লৈ মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত অৱতীৰ্ণ হৈছিল৷ বিজেপিয়ে কৈছিল ২০১৬ চনৰ নিৰ্বাচন শৰাইঘাটৰ শেষ যুদ্ধ৷ কিন্তু অসমবাসীয়ে কি দেখিলে? ‘কা’ জাপি দি ৫ জন যুৱকক গুলীয়াই মাৰিলে৷’’ বৰাই আৰু কয় যে ২০২১ চনৰ নিৰ্বাচনত বিজেপিয়ে কৈছিল জাতি, মাটি ভেটি ৰক্ষা কৰিব লাগিব৷ জাতি, মাটি, ভেটি বচাম বুলি কৈছিল৷ আজি মাটি কোনে পাইছে বুলিও তেওঁ প্ৰশ্ন কৰে। তেওঁ কয়, ''মাটি পাইছে আদানিয়ে৷ তেওঁলোকে আৰু কৈছিল অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া মানুহক যদি মাটিৰ কাগজ দিব নোৱাৰো তেন্তে আমি ভোট বিচাৰি নাহো৷ তিনিচুকীয়াত সোণোৱালসকলৰ খবৰ লওক৷ ধেমাজিৰ মিচিংসকলৰ খবৰ লওক৷ কাৰ্বি আংলঙৰ কাৰ্বিসকলৰ খবৰ লওক৷ কোন খিলঞ্জীয়াই বিজেপিৰ দিনত কিমান মাটি পালে তাৰ হিচাপ কৰিব লাগিব৷ কিন্তু এটা হিচাপ অসমৰ মানুহে জানে যে য’তে খালী মাটি আছে তাতেই ৰামদেৱ, আদানি, আম্বানিক চমজাই দিয়া হৈছে৷ এয়া হৈছে তেওঁলোকৰ জাতি, মাটিৰ কথা৷’’ বৰাই হাগ্ৰামা মহিলাৰী সম্পৰ্কেও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, ''কালি গুৱাহাটীত এটা ডাঙৰ দৃশ্য দেখিলো৷ অসমৰ বড়ো জীয়ৰী-গাভৰুসকলে বাগৰুম্বা প্ৰদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীৰ সন্মুখত৷ আমাৰ অসমৰ সৌন্দৰ্য, গৌৰৱ বাগৰুম্বা চাবলৈ টিভিৰ আগত বহি আছিলো৷ কালি কোকৰৰাঝাৰৰ আত্মা, বিটিআৰৰ আত্মাই সাৰ পালে৷ প্ৰধানমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত হাগ্ৰামা মহিলাৰীয়ে বুকি ডাঠ কৰি, ৰাজহাড় পোন কৰি প্ৰধানমন্ত্ৰীৰ চকুত চকু থৈ কৈ দিলে আপুনি বাগৰুম্বা চাবলৈ আহিছে ভাল হৈছে, কিন্তু আমাৰ বিটিআৰৰ দুখন চুক্তি সেই চুক্তি আজিলৈকে কাৰ্যকৰী হোৱা নাই৷ হাগ্ৰামা মহিলাৰীয়ে বড়ো চুক্তিৰ কথা কৈ নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰোতে বড়ো গাভৰুসকলৰ যিটো হাত তালি, সেই হাত তালিয়ে প্ৰমাণ কৰিছে বিটিচিৰ পৰা বিজেপি উৎখাত হ’ব৷’’ আনহাতে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যদি ন্যায় নাপায়, চূড়ান্ত শাস্তি যদি দিব নোৱাৰে, দৃষ্টান্তমূলক শাস্তি দিব নোৱাৰে তেন্তে বিহুৰ সময়ত অসমৰ ৰাইজে বিজেপিক অসমৰ পৰা পুলিয়ে-পোখাই উঘালি ব্ৰহ্মপুত্ৰত উটুৱাই দিব বুলিও কয় বৰাই।
উল্লেখ্য যে, সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে বিধায়ক নন্দিতা দাস, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, উদিত ভানু দাস, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাণজিৎ চৌধুৰীও উপস্থিত থাকে। সভাপতি গৌৰৱ গগৈয়ে আজি শিঙিমাৰী বজাৰৰ পৰা স্থানীয় লোকে উৎপাদন কৰা বেঙেনা, আলু, ফুলকবি, তিতাকেৰেলা, বিলাহী ক্ৰয় কৰে আৰু বিক্ৰেতা তথা কৃষকসকলৰ লগত মত-বিনিময় কৰে।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0032
Press Release - English
▪️ Pre-election campaign by Gaurav Gogoi and Bhupen Bora in the Hajo–Sualkuchi constituency
▪️ Himanta Biswa Sarma is the most dishonest and liar Chief Minister in Assam’s history: Gaurav Gogoi
▪️ BJP failed to fulfil even a single promise in 10 years: Bhupen Bora
▪️ Gaurav Gogoi interacts with farmers after purchasing potatoes, tomatoes and bitter gourd from Singimari market
Guwahati, 18 January: The Congress party will not enter into any electoral alliance with the AIUDF led by Badruddin Ajmal. This was reiterated today by Assam Pradesh Congress Committee (APCC) President Gaurav Gogoi. He made it clear that after the AIUDF’s complete failure in the last Lok Sabha elections, its political calculation of crossing the electoral hurdle in the 2026 Assembly elections by aligning with the Congress is entirely misplaced. Gogoi clarified this position during an organisational meeting in the Hajo–Sualkuchi constituency today.
After the Nalbari Assembly constituency, Gaurav Gogoi continued his pre-election campaign today in the Hajo–Sualkuchi constituency. As part of this outreach, he undertook bike rallies and cycle rallies, visited various religious events and sacred places to seek blessings, and appealed for public support. As a continuation of this campaign, he will participate tomorrow in meetings and gatherings at various places in Goalpara district.
Former APCC President Bhupen Kumar Bora also participated in today’s meetings along with Gaurav Gogoi. Addressing the gatherings, Gaurav Gogoi raised the slogan “Join hands, build a new greater Assam,” energising the atmosphere across Hajo–Sualkuchi. Describing Himanta Biswa Sarma as the most dishonest Chief Minister in Assam’s history, Gogoi alleged that Sarma had repeatedly lied—about granting Scheduled Tribe status to six communities, about Gogoi’s alleged links with Pakistan, and about supporting Anganwadi and NHM workers.
He further said that Himanta Biswa Sarma had not served the people for the last 20 years, but instead amassed wealth in the names of his son and wife. Gogoi asserted that once the Congress comes to power, all illegally acquired properties and plantations will be confiscated and distributed among the poor. He promised revival of indigenous industries, reopening of schools where liquor shops were opened, and the establishment of a Congress government by overthrowing the BJP regime. He said the Congress would rebuild peace and harmony, and serve the poor in the same way as former Chief Minister Tarun Gogoi had done.
Gogoi said people across communities—Bodos, Rabhas, Gorkhas, Bengalis, Misings and Bhojpuri-speaking communities—share the same sentiment: they felt secure and respected during Tarun Gogoi’s tenure, but after the BJP government came to power and Himanta Biswa Sarma became Chief Minister, peace has been disturbed. He accused the BJP of creating divisions in society in the name of religion, language, ethnicity, tribes, regions and river valleys, asserting that such divisive politics serves only personal interests, not development.
He alleged that Himanta Biswa Sarma and his associates built syndicates, accumulated wealth, and were involved in various scams while in the Congress, which led to public resentment against the party and its defeat in 2016. He said the same people are now sitting with the BJP’s top leadership and continuing the same practices, enriching themselves while failing to deliver welfare benefits to the common people. Gogoi claimed that although large sums are allocated for welfare schemes, benefits do not reach the poor, farmers or women, and that massive irregularities have occurred in schemes like PM-Kisan.
He promised that under a future Congress government, the poor would receive scheme benefits directly without having to approach MLAs or ministers. He criticised the state of public hospitals and schools, alleging lack of doctors, medicines, textbooks and basic infrastructure, and accused the Chief Minister of prioritising personal business interests over governance.
Referring to Sualkuchi, Gogoi said that traditional industries like eri, muga and pat silk have been destroyed, while tea and cooperative industries are declining, even as plantations are allegedly being acquired in the names of the Chief Minister’s family members. He said politics based on betrayal and lies would no longer work, and that people now aspire for a “new greater Assam” where development is inclusive and dignity is ensured for all.
Gogoi alleged manipulation of voter lists and questioned why voters from other states were being included while names of Assamese voters were being deleted. He said that if the Chief Minister was truly popular and confident, there was no reason to fear the electorate.
Former APCC President Bhupen Kumar Bora, addressing the meeting, said the BJP failed to fulfil the promises on the basis of which it came to power. He recalled that the BJP had termed the 2016 election as the “last battle of Saraighat,” but later imposed the CAA and, he alleged, killed five youths during protests. He also accused the BJP of failing to protect land rights of indigenous people, claiming that land has instead been handed over to big corporate houses like Adani and Ramdev.
Bora made significant remarks regarding Hagrama Mohilary, recalling a recent event in Guwahati where Bodo women performed Bagurumba dance before the Prime Minister. He said Mohilary boldly reminded the Prime Minister that despite promises, the BTR agreements have not yet been implemented. Bora claimed this reflected growing opposition to the BJP in BTC areas.
He further warned that if justice is not delivered in the case of the killing of Joubin Garg, the people of Assam would strongly respond politically against the BJP.
Among those present were MP and APCC President Gaurav Gogoi, MLA Nandita Das, former MLA Satyabrata Kalita, APCC General Secretary Ramanna Baruah, Udit Bhanu Das, and Kamrup District Congress Committee President Pranjit Choudhury. Gaurav Gogoi also purchased locally grown brinjal, potatoes, cauliflower, bitter gourd and tomatoes from Singimari market and interacted with farmers and vendors.
▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0032