অসমৰ ৭০ শতাংশ মানুহে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰেঃ প্ৰদ্যুৎ বৰদলৈ

Published on
Mon, 01/05/2026 - 18:57

▪️বিজেপি দলে গুণ্ডা টেক্স, ছিণ্ডিকেটৰ পৰা ধন সংগ্ৰহ কৰে
▪️কংগ্ৰেছে লাখ লাখ কৰ্মীৰ পৰা লাভ কৰা বৰঙণিৰে দল চলাই আহিছে
▪️ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ গুৰুত্বপূৰ্ণ সংবাদমেল

গুৱাহাটী, ৫ জানুৱাৰীঃ বিজেপি দলে গুণ্ডা টেক্স, ছিণ্ডিকেটৰ পৰা ধন সংগ্ৰহ কৰে। কংগ্ৰেছ দলে লাখ লাখ কৰ্মীৰ পৰা লাভ কৰা বৰঙণিৰে দল চলাই আহিছে। নিৰ্বাচনৰ সময়তো সেয়ে প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ পৰা আবেদন মাচুল লোৱাতো কংগ্ৰেছৰ পৰম্পৰা। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলোতেও এই নিয়মেই চলি আছিল আৰু এতিয়াও সেই নিয়মেই চলি আছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি কৰা আবেদনৰ বাবদ ৫০ হাজাৰ টকাকৈ মাচুল নিৰ্ধাৰণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমযোগে ব্যক্ত কৰা প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ হিচাপে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত আজি এইদৰে কয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰদলৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা এনেধৰণৰ বেবেৰিবাং আৰু অসংলগ্ন কথাক অসমৰ মানুহে আজিকালি মুঠেই গুৰুত্ব নিদিয়ে৷ বৰদলৈয়ে আৰু কয়, ''বিজেপিৰ দৰে কংগ্ৰেছৰ অফুৰন্ত চিণ্ডিকেটৰ টকা নাই৷ চিণ্ডিকেট কৰি তেওঁলোকে টকাৰ পাহাৰত বহি থাকে৷ আজি কংগ্ৰেছৰ লাখ লাখ কৰ্মীয়ে বৰঙণি প্ৰদান কৰি দলটোক চলাইছে৷ আমি আগৰে পৰা যিবিলাক প্ৰাৰ্থী দায়িত্বশীল হয় তাৰ বাবে তেওঁলোকে যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰে তেতিয়া আবেদন মাচুল এটা লও৷ এয়া অতীজৰ পৰা চলি আহিছে৷’’ বৰদলৈয়ে আৰু কয় যে এয়া সৎ উপায়েৰে উপাৰ্জন কৰা টকা৷ নিৰ্বাচনৰ খৰছ আমি তুলিবলৈ চেষ্টা কৰো৷ বিজেপিক আক্ৰমণ কৰি বৰদলৈয়ে কয়, ''তেওঁলোকৰ দলে গুণ্ডা টেক্স তোলে৷ অসমৰ চুকে-কোণে অবৈধ কয়লাৰ চিণ্ডিকেট, কয়লৰা ট্ৰাকৰ পৰা ডেৰ লাখ দুই লাখ লয়, বৰাকৰ পৰা অহা বাৰ্মিজ চুপাৰি, পাণবজাৰত মাছৰ পৰা, চুণশিল আদিৰ দৰে প্ৰত্যেকটো জাগাতে টকা সংগ্ৰহ কৰে৷ সেঁতু নিৰ্মাণ, লোকনিৰ্মাণ বিভাগৰ ঠিতাক নামত লগে লগে টকা সংগ্ৰহ কৰে৷ নিৰ্দিষ্ট লোকৰ ঘৰত টকা জমা দিব লাগে৷ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কংগ্ৰেছৰ পৰা টিকট আবেদন কৰিছিল তেতিয়াও আবেদন কৰি দলীয় পুঁজিত বৰঙণি দিছিল৷ আমি অসৎ উপায়েৰে টকা সংগ্ৰহ কৰা নাই৷’’ আনহাতে, বিভিন্ন সংস্থাই সমীক্ষা কৰি পুনৰ বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰকট কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি বিজেপিৰ এয়া এক মনস্তাত্বিক ভাৱে কংগ্ৰেছৰ মনোবল হ্ৰাস কৰাৰ প্ৰয়াস বুলি কয় বৰদলৈয়ে৷ এনে সমীক্ষাবোৰ টকাৰ জোৰত হয় বুলি দাবী কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে বিজেপি এনে কাম কৰাত সিদ্ধাহস্ত৷ পিপলছ প্লাছৰ শেহতীয়াকৈ সমীক্ষাক লৈ প্ৰশ্ন কৰি বৰদলৈয়ে কয় যে তেওঁলোকৰ চেম্পল কিমান সেয়া সুধিম৷ অকলে বিজেপিৰ মানুহ কেইজনক লৈ সমীক্ষা চলাইছে নে সঁচা অৰ্থত সমীক্ষা চলাইছে সেয়াও ৰাজ্যবাসীয়ে জানিব লাগিব৷ বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী, জাতি-জনগোষ্ঠীক লৈ সমীক্ষা চলাইছে৷ ইয়াৰ পদ্ধতিগত প্ৰক্ৰিয়া সন্দৰ্ভত আমি সন্দিহান৷ বৰদলৈয়ে কয়, ''মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক ৩০ শতাংশ লোকে বিচাৰে৷ গৌৰৱ গগৈক বিচাৰে ২৭ শতাংশই৷ অৰ্থাৎ প্ৰতি ১০০ জনৰ ৭০ জনে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে৷ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে দালাল, চামুণ্ডাসকলে৷ আমি এনে কথাবিলাকক লৈ ব্যস্ত নহয়৷ বিজেপিৰ অপশাসনৰ অসমত অন্ত পৰক৷ অসমৰ ৰাইজে নিৰ্বাচনত শেষ উত্তৰ দিব৷’’ সংবাদমেলত বৰদলৈয়ে ভোটচুৰি সন্দৰ্ভতো মতামত ব্যক্ত কৰে। তেওঁ কয় যে মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰ কৰ্ণাটকৰ দৰে বিজেপিয়ে অসমতো ভোটচুৰিৰ কাৰচাজি আৰম্ভ কৰিছে। গুৱাহাটীৰ মাজমজিয়াতে তেনে কাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে। বিজেপি দলৰ এনে ষড়যন্ত্ৰ ওফৰাই পেলাবলৈ কংগ্ৰেছ দলে সংকল্প গ্ৰহণ কৰিছে। অসমৰ ৰাইজে ভোটচুৰি কাৰ্যৰ প্ৰত্যুত্তৰ দিব বুলিও কয় বৰদলৈয়ে।

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0009

▪️ Important press conference by MP Pradyut Bordoloi at Rajiv Bhavan
▪️ 70 per cent of the people of Assam do not want Himanta Biswa Sarma as Chief Minister
▪️ BJP collects funds through “goonda tax” and syndicates
▪️ Congress runs the party through contributions from lakhs of workers

Guwahati, January 5: The Bharatiya Janata Party (BJP) collects money through goonda tax and syndicates, whereas the Congress has been running the party through contributions from lakhs of its workers. It has therefore been a long-standing tradition of the Congress to collect an application fee from aspirants seeking party tickets during elections. This system was in place even when Himanta Biswa Sarma himself contested elections as a Congress candidate, and the same practice continues today.

Responding to the remarks made by Chief Minister Himanta Biswa Sarma in the media regarding the fixing of an application fee of ₹50,000 for Congress ticket aspirants, Nagaon Lok Sabha MP Pradyut Bordoloi said this while addressing a press conference at Rajiv Bhavan in Guwahati today. Replying to a journalist’s question, Bordoloi took a dig at the Chief Minister and said that people of Assam no longer give any importance to such baseless and incoherent statements made by him.

Bordoloi said, “Unlike the BJP, the Congress does not have endless syndicate money. They sit on mountains of money generated through syndicates. Today, lakhs of Congress workers are running the party by contributing from their own pockets. From earlier times, whenever responsible candidates seek Congress tickets, an application fee is taken. This has been a long-standing practice.” He added that this money is earned through honest means and is used to meet election-related expenses.

Attacking the BJP, Bordoloi alleged, “Their party collects goonda tax. From illegal coal syndicates across Assam, from coal-laden trucks—₹1.5 to ₹2 lakh per truck— from Burmese betel nut coming through Barak Valley, from fish at Paltan Bazar, from limestone and almost everywhere, money is collected. Funds are also extracted in the name of bridges and Public Works Department contracts. The money has to be deposited at designated houses. Even when Himanta Biswa Sarma applied for a Congress ticket in the past, he had paid the application fee and contributed to the party fund. We have never collected money through dishonest means.”

Responding to questions regarding surveys by various agencies projecting the possibility of the BJP returning to power, Bordoloi said these are psychological attempts to demoralise the Congress. He claimed that such surveys are influenced by money and that the BJP is adept at such tactics. Questioning the recent survey by People’s Plus, Bordoloi asked about the sample size and methodology, and whether it was conducted only among BJP supporters or across communities, languages, religions, and social groups. He said there are serious doubts regarding the survey’s scientific process.

Bordoloi stated, “Only 30 per cent of people want Himanta Biswa Sarma as Chief Minister, while 27 per cent prefer Gaurav Gogoi. That means 70 out of every 100 people do not want Himanta Biswa Sarma as Chief Minister. Those who want him are brokers and middlemen. We are not bothered by such claims. The misrule of the BJP will come to an end in Assam. The people of Assam will give the final answer in the elections.”

During the press conference, Bordoloi also expressed concern over alleged vote theft. He said that after Maharashtra, Haryana, Bihar, and Karnataka, the BJP has begun similar manipulations in Assam as well. Incidents of such activities have reportedly come to light even in the heart of Guwahati. He asserted that the Congress is determined to defeat such conspiracies and that the people of Assam will respond strongly against any attempt at vote theft.

▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0009