অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন ৱেবছাইট মুকলি

Published on
Mon, 10/09/2023 - 18:50

গুৱাহাটী, ৯ অক্টোবৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আজি এটি নতুন ৱেবছাইট মুকলি কৰে দলৰ সভাপতি ভূপেন কুমাৰ বৰাই। www.apcc.assam.org শীৰ্ষক এই ৱেবছাইটটোত দলৰ ইতিহাস আৰু শেহতীয়া তথ্যসমূহ সন্নিবিষ্ট কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই এই ৱেবছাইটটোৱে দলৰ ভেটি অতি সুদৃঢ় কৰিব বুলি উল্লেখ কৰি কয় যে তথ্য-প্ৰযুক্তিৰ দিশটোক কংগ্ৰেছে সদায় অধিক গুৰুত্ব দি আহিছে আৰু নতুন প্ৰজন্মৰ মাজত কংগ্ৰেছ দলৰ নীতি-আদৰ্শ প্ৰসাৰৰ ক্ষেত্ৰত এই ৱেবছাইটটোৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। বৰাই লগতে এই ৱেবছাইটটোত প্ৰদেশ কংগ্ৰেছৰ শেহতীয়া পদক্ষেপ আৰু কৰ্মসূচীসমূহ উপলব্ধ হোৱাৰ লগতে সংবাদ মাধ্যমে ৱেবছাইটোৰ যোগেদি প্ৰেছ বিবৃতি আৰু শেহতীয়া ভিডিঅ’ তথা ফটোসমূহ লাভ কৰিব বুলিও কয়। সভাপতি বৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া আৰু বিভাগৰ কৰ্মকৰ্তাসকলক ৱেবছাইটটো প্ৰস্তুত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটোত সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ প্ৰমুখ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰি মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই ৱেবছাইটটোত নতুন বহু তথ্য সন্নিবিষ্ট কৰাৰ অৱকাশ থকাৰ লগতে প্ৰতিদিনে আপডেট কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে আৰু ৱেবছাইটৰ লগত জড়িত নেত্ৰৰঞ্জন চৌধুৰী, গোপাল শৰ্মাকে ধৰি অন্যান্য নেতৃবৰ্গক ধন্যবাদ জ্ঞাপন কৰে। ইফালে, প্ৰদেশ কংগ্ৰেছৰ তিৱা কাউন্সিল তদৰ্থ সমিতিৰ আজি এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ বৰদলৈ প্ৰমুখ্যে বহুকেইজন জনগোষ্ঠীয় নেতাই অংশগ্ৰহণ কৰে। অসমৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত কংগ্ৰেছৰ কাম-কাজ ক্ষিপ্ৰতাৰে আগুৱাই নিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই সকলোকে আহ্বান জনায়। 

apcc-website-opening
apcc-website-opening-2