▪️ ৰণডংকা বজাবলৈ আহি আছে পৰ্যবেক্ষক ডি. কে. শিৱকুমাৰ, ভূপেশ বাঘেল, বন্ধু তিৰ্কী
গুৱাহাটী, ১৯ জানুৱাৰীঃ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল আৰু সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ অংশ হিচাপে শেহতীয়াকৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসমৰ নিৰ্বাচন পৰিচালনাৰ বাবে নিযুক্তি দিয়া ৩ জন বিশেষ পৰ্যবেক্ষকে অহা ২১ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ ৬টা স্থানত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। এই অনুযায়ী অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জিলা কংগ্ৰেছ কমিটি, ব্লক কংগ্ৰেছ কমিটি, মণ্ডল কংগ্ৰেছ কমিটি আৰু বুথ কমিটীসমূহৰ বাবে মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু এপি চি চিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি এই মাণ্ডলিক দলীয় অভিৱৰ্তনসমূহ অনুষ্ঠিত কৰা হ’ব।
নিৰ্দেশনা অনুসৰি অহা ২১ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ৰাজ্যৰ বিভিন্ন স্থানত পৰ্যায়ক্রমে এই মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত কৰা হ’ব। ২১ জানুৱাৰীত হাওৰাঘাটত পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, হোজাই আৰু নগাঁও জিলাক সামৰি মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব। ২২ জানুৱাৰীত মৰাণত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব। ২৩ জানুৱাৰীত বিহপুৰীয়াত ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু মাজুলী জিলাক লৈ মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত কৰা হ’ব। ২৪ জানুৱাৰীত কমলপুৰত কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, নলবাৰী, দৰং, ওদালগুৰি, শোণিতপুৰ আৰু তামুলপুৰ জিলাৰ মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ২৭ জানুৱাৰীত বঙাইগাঁৱত বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ধুবুৰী, মানকাচৰ, বজালী, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাক সামৰি মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব আৰু ২৮ জানুৱাৰীত কাটিগৰাত শিলচৰ, শ্ৰীভূমি (কৰিমগঞ্জ) আৰু হাইলাকান্দি জিলাৰ মাণ্ডলিক দলীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব।
এই মাণ্ডলিক দলীয় অভিৱৰ্তনসমূহত নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বহু কেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। এই নেতাসকলৰ ভিতৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি. কে. শিৱকুমাৰ, চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অসমৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক পৃথ্বীৰাজ সাথে, বিকাশ উপাধ্যায়, মনোজ চৌহান, জ্যেষ্ঠ কংগ্ৰেছ নেতা বন্ধু তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, এপি চি চিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা আৰু ৰিপুন বৰা আদি উল্লেখযোগ্য।
নিৰ্দেশনাত প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সকলো জিলা, ব্লক আৰু মণ্ডল পৰ্যায়ৰ সভাপতি, বিষয়ববীয়া আৰু কৰ্মীসকলক মাণ্ডলিক দলীয় অভিৱৰ্তনসমূহত পূৰ্ণ অংশগ্ৰহণ আৰু সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। লগতে এপি চি চিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে সংশ্লিষ্ট সকলো জিলা কংগ্ৰেছৰ সভাপতি আৰু নেতৃবৰ্গক এই মাণ্ডলিক দলীয় অভিৱৰ্তনসমূহ সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, কাইলৈ অৰ্থাৎ ২০ জানুৱাৰীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা নেতাসকল গুৱাহাটীলৈ আহিব আৰু বিয়লি ৪ বজাত এখন সংবাদমেলত অংশগ্ৰহণ কৰিব। সংবাদমেলখন অনুষ্ঠিত হ’ব দিছপুৰৰ লাষ্টগেটস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত।
▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0034
Press Release - English
▪️ Zonal Party Conventions to be held at six locations across the state from January 21 to January 28
▪️ Observers D.K. Shivakumar, Bhupesh Baghel and Bandhu Tirkey to arrive to sound the poll bugle
Guwahati, 19 January: As part of preparations to strengthen organisational structure and fine-tune election strategy for the 2026 Assam Legislative Assembly elections, three special observers appointed by the All India Congress Committee (AICC) for election management in Assam will hold a series of important meetings at six locations across the state from January 21. In this regard, the Assam Pradesh Congress Committee (APCC) has issued an important directive to organise Zonal Party Conventions for District Congress Committees, Block Congress Committees, Mandal Congress Committees and Booth Committees. These Zonal Party Conventions will be held as per the instructions of AICC General Secretary and Assam in-charge Jitendra Singh and APCC President Gaurav Gogoi.
According to the directive, the Zonal Party Conventions will be organised in phases at different locations across the state from January 21 to January 28. On January 21, a Zonal Party Convention will be held at Howraghat covering the districts of East Karbi Anglong, West Karbi Anglong, Dima Hasao, Hojai and Nagaon. On January 22, a Zonal Party Convention will be organised at Moran for the districts of Tinsukia, Dibrugarh, Charaideo, Sivasagar, Golaghat and Jorhat. On January 23, a Zonal Party Convention will be held at Bihpuria covering Dhemaji, Lakhimpur, Biswanath and Majuli districts. On January 24, a Zonal Party Convention will take place at Kamalpur for Kamrup (Rural), Kamrup (Metro), Nalbari, Darrang, Udalguri, Sonitpur and Tamulpur districts. Thereafter, on January 27, a Zonal Party Convention will be organised at Bongaigaon covering Bongaigaon, Barpeta, Goalpara, Dhubri, Mankachar, Bajali, Kokrajhar, Chirang and Baksa districts. Finally, on January 28, a Zonal Party Convention will be held at Katigorah covering Silchar, Sribhumi (Karimganj) and Hailakandi districts.
Several senior leaders of the All India Congress Committee and the Assam Pradesh Congress Committee are expected to be present at these Zonal Party Conventions. Prominent among them are AICC General Secretary and Assam in-charge Jitendra Singh, Karnataka Deputy Chief Minister D.K. Shivakumar, former Chhattisgarh Chief Minister Bhupesh Baghel, AICC Secretaries in charge of Assam Prithviraj Sathe, Vikash Upadhyay and Manoj Chauhan, senior Congress leader Bandhu Tirkey, APCC President Gaurav Gogoi, Leader of Opposition in the Assam Legislative Assembly Debabrata Saikia, MP Pradyut Bordoloi, MP Rakibul Hussain, former APCC Presidents Bhupen Kumar Borah and Ripun Borah, among others.
Through the directive, the APCC has appealed to all district, block and mandal-level presidents, office-bearers and party workers to ensure full participation and active cooperation in making the Zonal Party Conventions successful. APCC General Secretary (Organisation) Bipul Gogoi has also instructed all concerned District Congress Committee presidents and leaders to take necessary steps for the smooth and successful conduct of these conventions.
It may be mentioned that tomorrow, January 20, AICC leaders in charge of Assam will arrive in Guwahati and will address a press conference at 4 pm. The press conference will be held at the Manabendra Sarma Complex, Last Gate, Dispur.
▪️ Media & Communication Department
Assam Pradesh Congress Committee
PR/APCC/M-26/0034