ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত চৰকাৰৰ বিধি-পথালি নেওচিবলৈ কংগ্ৰেছে বান্ধিছে টঙালি

Published on
Thu, 01/11/2024 - 17:55

গুৱাহাটী, ১১ জানুৱাৰীঃ ভাৰত জোড়ো ন্যায় যাত্ৰা কিয় সেই সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন পুস্তিকা ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰে। এই ন্যায় যুদ্ধৰ আপুনিও এজন অংশীদাৰ হওক আৰু ন্যায় নোপোৱালৈকে এই যুদ্ধ চলি থাকিব শীৰ্ষক এখন পুস্তিকা প্ৰকাশ কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে অহা ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰাই ১৫খন ৰাজ্যক সামৰি ল’ব। ৬৬ দিনৰ এই দীঘলীয়া যাত্ৰাত ৬,৭১৩ কিলোমিটাৰ পথ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অতিক্ৰম কৰিব আৰু এই সময়ছোৱাত দেশৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ লগত মত বিনিময় কৰিব। ১১০ খন জিলাক সামৰি মণিপুৰত আৰম্ভ হ’বলগীয়া এই ন্যায় যুদ্ধৰ যাত্ৰা সাময়িকভাৱে ২০ মাৰ্চত মুম্বাইত স্থগিত হ’ব। দেশৰ সংবিধান ৰক্ষাৰ বাবে আমি সকলোৱে এই যুদ্ধৰ অংশীদাৰ হোৱাৰ প্ৰয়োজন আছে বুলি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই সংবাদমেলত উল্লেখ কৰে। ইয়াৰ পূৰ্বে জ্যেষ্ঠ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে এই ন্যায় যুদ্ধৰ অংশীদাৰ হ’বৰ বাবে ৯৮৯১৮০২০২৪ ফোন নম্বৰত মিছকল দিবৰ বাবে সকলোকে আহ্বান জনায়। বিধায়ক নৰহে কয় যে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ন্যায়ৰ বাবে এই যুদ্ধ। ভাৰতৰ প্ৰত্যেক যুৱক-যুৱতীক সংস্থাপন কৰাৰ বাবে, নতুন প্ৰজন্মই নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে এই ন্যায় যুদ্ধ কৰা হ’ব। মোদী চৰকাৰে দেশৰ মহিলা, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ন্যায় প্ৰদান কৰা নাই আৰু সেইসকলৰ সামাজিক ন্যায়ৰ বাবে এই যাত্ৰা। বিধায়ক নৰহে কয়, বাবাচাহেব আম্বেডকাৰে প্ৰস্তুত কৰা সংবিধানৰ মৰ্যাদা আৰু সকলো ভাৰতীয়ৰ বাবে ন্যায় প্ৰদানৰ বাবে এই যাত্ৰা। সকলো ৰাইজে এই যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব আৰু bharatjodoyatra.in ৱেবছাইটযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব বুলি নৰহে জনায়। ইফালে, সংবাদমেলত উপস্থিত থাকি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমৰ মিডিয়া বিভাগৰ সম-অধ্যক্ষ বেদব্ৰত বৰাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ব্যৰ্থ কৰিবৰ কাৰণে বিভিন্ন অপচেষ্টা চলাইছে আৰু তাৰ মাজতে পূৰ্বতে অনুমতি লাভ কৰা কেবাখনো খেলপথাৰ চৰকাৰে অনুমতি দিবলৈ এতিয়া অস্বীকাৰ কৰিছে। যিকোনো পৰিস্থিতিতে এই ন্যায় যাত্ৰা অব্যাহত থাকিব বুলিও বৰাই উল্লেখ কৰে। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থ, বিধায়ক আছিফ নজৰ, জ্যেষ্ঠ কংগ্ৰেছ নেতা এটোৱা মুণ্ডা, ৰমেন বৰঠাকুৰ, গোপাল শৰ্মা উপস্থিত থাকে। একেদৰে ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰিবৰ বাবে ৰাজীৱ ভৱনত আজি কেবালানিও বৈঠক অনুষ্ঠিত হয়। পৰিকল্পনা বিভাগৰ অধ্যক্ষ দেৱব্ৰত শইকীয়াৰ সভাপতিত্বত উপ-সমিতিসমূহৰ অধ্যক্ষসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু ১২ জানুৱাৰীৰ ভিতৰত সকলো চৰকাৰীভাৱে জড়িত কাম বিশেষকৈ অনুমতিৰ বাবে আবেদন দিয়াতো নিশ্চিত কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত এটা দলে ৰাজ্য প্ৰশাসনৰ মুৰব্বীক শীঘ্ৰে সাক্ষাৎ কৰিবলৈকো সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিকল্পনা বিভাগৰ অধ্যক্ষ দেৱব্ৰত শইকীয়াৰ লগত পৰিবহণ উপ-সমিতিৰ অধ্যক্ষ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পৰিকাঠামো বিভাগৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰী, অনুমতি সমিতিৰ অধ্যক্ষ বিধায়ক আব্দুল ৰচিদ মণ্ডলকে ধৰি অনুশাসন সমিতি, নিৰাপত্তা সমিতি, পৰিচয় পত্ৰ সমিতিৰ অধ্যক্ষসকলৰ যুটীয়াভাৱে বৈঠক অনুষ্ঠিত হয়।