একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি ভিত্তিহীনঃ প্ৰদেশ কংগ্ৰেছ

Published on
Sat, 10/28/2023 - 18:43

গুৱাহাটী, ২৮ অক্টোবৰঃ বিৰোধী ঐক্য মঞ্চ অসমৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা বৈঠকখনত সৰ্বসন্মতিক্ৰমে সকলো দলেই বিজেপিক প্ৰতিহত কৰিবৰ বাবে প্ৰতিটো সমষ্টিতে মাত্ৰ এজন প্ৰাৰ্থী থিয় কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্তক লৈ কোনো দলৰেই কোনোধৰণৰ দ্বিমত নাই। এই বৈঠকত কংগ্ৰেছ দলৰ তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনকে ধৰি একাংশ নেতৃবিন্দ উপস্থিত থাকে। উক্ত বৈঠকত কংগ্ৰেছৰ শীৰ্ষৰ কিছুসংখ্যক নেতা উপস্থিত নথকা প্ৰসংগটো টানি আনি ঐক্যমঞ্চৰ সিদ্ধান্তক লৈ কংগ্ৰেছৰ দলৰ নেতাসকলৰ মাজত মতবিৰোধ আছে বুলি একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন। বিশেষকৈ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বৈঠকখনৰ বিষয়ে লিখিতভাৱে জনাইছিল। কিন্তু আগতীয়াকৈ কোনো অনুষ্ঠান ঠিক হৈ থকা বাবে শইকীয়াই ঐক্যমঞ্চৰ বৈঠকখনত উপস্থিত থাকিব নোৱাৰে বুলি সভাপতি ভূপেন কুমাৰ বৰাক অৱগত কৰিছিল। গতিকে একাংশ সংবাদ মাধ্যমে উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা উক্ত বাতৰি কোনো সত্যতা নাই বুলিও প্ৰদেশ কংগ্ৰেছে স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে, বিৰোধী ঐক্যমঞ্চৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব ডিব্ৰুগড়ত। এই বৈঠকত ঐক্য মঞ্চৰ শক্তি বৃদ্ধি হৈ সৰ্বমুঠ ১৫টা দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এনেদৰে এতিয়া, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক একত্ৰিত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই কঁকালত টঙালি বান্ধি নিজকে সাজু কৰি তুলিছে।