৪২ হাজাৰ টেট শিক্ষকৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে মুখ্যমন্ত্ৰীয়ে

Published on
Wed, 12/13/2023 - 16:55

গুৱাহাটী, ১৩ ডিচেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেউলীয়া হোৱা চৰকাৰখনক বচাবলৈ এতিয়া টেট শিক্ষকক বলিৰ পঠা সজাব খুজিছে। ৰাজ্যখনত ২০১২ চনত নিযুক্তি লাভ কৰা ৩৫ হাজাৰ ৫০০ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক-কৰ্মচাৰীক ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা নতুনকৈ নিযুক্তি দিব বিচাৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই আজি এক সংবাদমেলত এই অভিযোগ কৰে। কংগ্ৰেছৰ দুয়োগৰাকী নেতাই কয় যে ইয়াৰ ফলত এজন শিক্ষকে নিজৰ দৰমহাৰ পৰা অতি কমেও ১৫ হাজাৰ টকা প্ৰতি মাহে লোকচানৰ সন্মুখীন হ’ব। ১১ বছৰ ধৰি সংশোধিত নিৰিখ (আৰঅ’পি) আৰু বাৰ্ষিক বৃদ্ধিৰ নিৰিখ কৰ্তন কৰি ২০২৪ৰ এপ্ৰিল মাহৰ পৰা এই শিক্ষকসকলক নতুনকৈ নিযুক্তি দিয়াৰ এক প্ৰস্তাৱ দাঙি ধৰিছে বুলি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে জানিবলৈ দিছে। অসম সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁলোকক নিযুক্তি দিয়া হৈছিল আৰু এই শিক্ষকসকলক শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ ভিত্তিত ২০১২ চনত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছিল। ঠিকাভিত্তিত নিযুক্তি লাভ কৰিলেও এই শিক্ষকসকলক ২০১৩ চনৰ ২৯ মে’ৰ পৰা আৰঅ’পি অনুযায়ী দৰমহা দি থকা হৈছিল। কিন্তু যোৱা ৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষকসকলক গুৱাহাটীলৈ মাতি আনি নতুনকৈ নিযুক্তি দি পুৰণি সা-সুবিধাসমূহ কৰ্তন কৰাৰ প্ৰস্তাৱ দিয়ে আৰু সেই প্ৰস্তাৱ এতিয়া শিক্ষকসকলে মানি লোৱা নাই। শিক্ষক সমাজৰ অভিযোগ, মুখ্যমন্ত্ৰীয়ে উক্ত সভাত তেখেতসকলক দাবী-ধমকি দি সৈমান কৰিব বিচাৰিছিল আৰু সভাখনত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা উপদেষ্টা ননীগোপাল মহন্তও উপস্থিত আছিল। সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে শিক্ষক সমাজে মুখ্যমন্ত্ৰীক পুনৰ বিবেচনাৰ বাবে এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে ৩৫৫০০ আৰু উচ্চ মাধ্যমিকৰ ১০০০০ শিক্ষকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষকসকলৰ অভিযোগ নতুন নিযুক্তি ব্যৱস্থাৰ ফলত তেওঁলোকে পাই থকা ১০টা ইনক্ৰিমেণ্ট বন্ধ হৈ পৰিব। ইয়াৰ পৰা এটা বিষয়েই স্পষ্ট হৈ পৰিছে যে বৰ্তমানৰ চৰকাৰখনৰ বিত্তীয় অৱস্থা অতিশয় দুৰ্বল আৰু সেইবাবে চৰকাৰে প্ৰতিমাহতে ঋণ ল’বলগীয়া হৈছে। বাজেটত নিৰ্ধাৰিত পুঁজি নৱেম্বৰ মাহলৈকে ৪০ শতাংশও ব্যৱহাৰ কৰিব পৰা নাই। চৰকাৰে হিতাধিকাৰীৰ আঁচনিসমূহ চলাবৰ বাবে প্ৰতিমাহতে ঋণ ল’বলগীয়া হৈছে। বিগত ৮ মাহত চৰকাৰে উন্নয়নমূলক কাম-কাজত বাজেটৰ মূলধনী শিতানত ব্যয় কৰিছে মাত্ৰ ১১,৪৫২.৩৪ কোটি টকা। তাৰ বিপৰীতে দৰমহা, পেন্সন, ঋণ, সুদ আদিত ৰাজহ শিতানত ব্যয় কৰিছে ৫০,১২০.৬৮ কোটি টকা। বিত্তীয় বৰ্ষটোত সৰ্বমুঠ ব্যয়ৰ বাবে ধাৰ্য কৰিছিল ১,৪১,৫৮৯.২২ কোটি টকা। ইয়াৰ বিপৰীতে বৰ্তমানলৈকে খৰছ হৈছে ৬১,৪৮৮.৬৮ কোটি টকা। অৰ্থাৎ নৱেম্বৰ মাহলৈকে বাজেটৰ পুঁজিৰ ব্যয়ৰ পৰিমাণ মাত্ৰ ৪৩ শতাংশ। এই হিচাপৰ পৰা দেখা যায় যে চৰকাৰে বাজেটত যিমান পুঁজি ধাৰ্য কৰিছিল তাতকৈ এতিয়া ঋণ লোৱা পুঁজিৰ পৰিমাণ বেছি। সেইবাবে ৰাজ্য চৰকাৰে টেট শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ দৰে সিদ্ধান্ত ল’বলগীয়া হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াৰ ঘোৰ বিৰোধিতা কৰিছো আৰু অসমৰ প্ৰায় ৪০ হাজাৰ টেট শিক্ষকৰ চাকৰি স্থায়ী আৰু সুস্থিৰ কৰিবলৈ দাবী জনাইছো। ইফালে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাইভেট লিমিটেড চলোৱাৰ দৰে চৰকাৰ পৰিচালনা কৰা বুলিও অভিযোগ কৰে ৰাতুল কলিতাই। কলিতাই কয় যে অহা মাৰ্চ মাহৰ ভিতৰত চৰকাৰে প্ৰায় ডেৰ লাখ কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰিছে আৰু এই ঋণৰ বোজা পৰিব অসমৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত। অসমত জন্মগ্ৰহণ কৰা প্ৰতিটি নৱজাতকেই মূৰত এতিয়া ৪২ হাজাৰ টকা ঋণ লৈ জন্ম পাব লাগিব। ডাবোল ইঞ্জিনৰ চৰকাৰৰ অসমৰ ইঞ্জিন বেয়া হৈ যোৱা বুলি অভিযোগ কৰি কলিতাই কয় যে চৰকাৰে অহা জানুৱাৰীৰ পৰা কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন আদায় দিব নোৱাৰিব। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে দৈনিক তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি কৰিছে। কৰ’বাত যদি বাগান কিনিছে, কৰবাত আকৌ হোটেল কিনিছে। কৰবাত যদি মাটি কিনিছে, আন কৰবাত নিউজ চেনেল কিনিছে। মুখ্যমন্ত্ৰীজনক প্ৰৱঞ্চক আখ্যা দি কলিতাই কয় যে ইমান ধাৰৰ বোজা কোনো চৰকাৰে বহন কৰিব নোৱাৰিব আৰু দক্ষ মুখ্যমন্ত্ৰীজনে আনকি নিজৰ অহংকাৰৰ বাবেই এবাৰো সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনৰ বিত্তীয় দুৰৱস্থাৰ কথা আলোচনা কৰা নাই। বিধানসভাতো তেওঁ বিত্তীয় সংকটৰ কথা এবাৰলৈয়ো কোৱা নাই। মুখ্যমন্ত্ৰীজনে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি কংগ্ৰেছ নেতাদ্বয়ে অভিযোগ কৰে। ইফালে, ৰাজহ শিতানত পুঁজি ব্যয় বৃদ্ধি কৰি চৰকাৰে মূলধনী শিতানত ব্যয় কমাই ৰাজ্যৰ উন্নয়ন ব্যাহত কৰা বুলি অভিযোগ কৰে কংগ্ৰেছ নেতা বেদব্ৰত বৰাই। বৰাই কয় যে চৰকাৰে কেৱল দৰমহা, পেন্সন আৰু হিতাধিকাৰীক ন্যুনতম ধন আৱণ্টন দিয়েই নিজৰ কাম সামৰিব খুজিছে। চৰকাৰখনৰ প্ৰকৃত স্বৰূপ অসমৰ ৰাইজে বুজি পাইছে বুলিও বৰাই উল্লেখ কৰে।